--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অত্যধিক মদ্যপানৰ বাবে আপুনি কি কি শাৰীৰিক সমস্যাৰ সন্মুখীন হ’ব পাৰে জানেনে? অতিমাত্ৰা মদ্যপান কৰাটো জীৱনলৈ ভয়াৱহ বিপদ কঢ়িয়াব পাৰে। কম সময়ৰ ভিতৰতে অত্যধিক পৰিমাণৰ সুৰা সেৱনে মদ্যপানৰ বিষক্ৰিয়া হ’ব পাৰে বুলি বিশেষজ্ঞই কয়।

মদ্যপানে কেনে ক্ষতি কৰে?

এন এইচ এছৰ মতে মদ্যপানে ড্ৰাগছৰ দৰে কাম কৰে আৰু আপোনাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰত বেয়াকৈ প্ৰভাৱ পেলায়। দীৰ্ঘদিন ধৰি মদ্যপান কৰিলে পেট, বৃক্ক, যকৃৎ, হৃদযন্ত্ৰ আদিকে ধৰি শৰীৰৰ সকলো অত্যাৱশ্যকীয় অংগৰ ক্ষতি হ’ব পাৰে। চিকিৎসকে কয় যে মদৰ বিপাকীয় ক্ৰিয়াৰ হাৰ সকলোৰে মাজত বেলেগ বেলেগ। এজন ব্যক্তিয়ে প্ৰতি ঘণ্টাত প্ৰায় এক ইউনিট এলকহল প্ৰক্ৰিয়াকৰণ কৰিব পাৰে।

 মদ্যপানৰ বিষক্ৰিয়াৰ লক্ষণ-

১. মূৰ ঘূৰোৱা আৰু বিভ্ৰান্তি অনুভৱ কৰা

২. বমি হোৱা

৩. হাইপোথাৰ্মিয়া

৪. ছালৰ নীলা ৰং

৫. অজ্ঞান হোৱা

 স্বাস্থ্য বিশেষজ্ঞৰ মতে মদ্যপানে আপোনাৰ স্নায়ুতন্ত্ৰক দুৰ্বল কৰে। গতিকে আপুনিও গুৰুতৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে, যেনে-

১. উশাহ বন্ধ হোৱা বা লাহে লাহে উশাহ লোৱা

২. হাইপোথাৰ্মিয়াৰ বাবে হৃদযন্ত্ৰ বন্ধ হৈ যায়

৩. তেজত চেনিৰ মাত্ৰা কম হোৱা

 মদ্যপানৰ বিষক্ৰিয়াত কি কৰিব লাগে?

১. যদি মদ্যপানৰ বিষক্ৰিয়াৰ কোনো ৰোগী থাকে আৰু আপুনি সেই ব্যক্তিজনক অচেতন হৈ পৰা দেখিছে তেন্তে তেওঁক একেবাৰেই অকলে এৰি নাযাব।

২. বমি হ’লে থিয় হ’বলৈ সহায় কৰক। কাৰণ এনে নকৰিলে ব্যক্তিজনৰ শ্বাসৰুদ্ধ হ’ব পাৰে। যদি বমি উশাহৰ লগতে হাওঁফাওঁৰ ভিতৰলৈ যায়, তেন্তে ই ব্যক্তিজনৰ উশাহ বন্ধ কৰি মৃত্যুৰ কাৰণ হ’ব পাৰে।

৩. এম্বুলেন্স অহালৈকে অচেতন ব্যক্তিজনৰ লগত থাকিব। তেওঁলোকক অকলে এৰি নাযাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ