--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • শ্বেয়াৰ বজাৰত মাস্কৰ কোম্পানী টেছলাৰ শ্বেয়াৰৰ মূল্য হ্রাস পোৱাৰ প্ৰভাৱ তেওঁৰ মুঠ সা-সম্পত্তিতো পৰে।

ডিজিটেল ডেস্ক : বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ সৈতে হোৱা সংঘাতৰ প্ৰভাৱ তেওঁৰ মুঠ সম্পত্তি তথা কোম্পানীতো পৰা দেখা পোৱা গৈছে। ট্রাম্পৰ বিগ বিউটিফুল বিধেয়ক আমেৰিকাৰ সংসদত গৃহীত হোৱাৰ পাছতে মাস্কে নতুন ৰাজনৈতিক দল আমেৰিকা পার্টি গঠন কৰাৰ কথা ঘোষণা কৰে। মাস্কৰ এই ঘোষণাৰ ২৪ ঘণ্টাৰ ভিতৰত তেওঁৰ সা-সম্পত্তিৰ পৰিমাণ বৃহৎ হাৰত হ্রাস পায়।


শ্বেয়াৰ বজাৰত মাস্কৰ কোম্পানী টেছলাৰ শ্বেয়াৰৰ মূল্য হ্রাস পোৱাৰ প্ৰভাৱ তেওঁৰ মুঠ সা-সম্পত্তিতো পৰে। ফলত বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিজনৰ মাত্ৰ এদিনৰ ভিতৰত ১৫৩০ কোটি ডলাৰ অৰ্থাৎ ১.৩১ লাখ কোটি টকা লোকচান হয়। ব্লুমবার্গ বিলেনিয়াৰ ইণ্ডেক্সৰ মতে, ইলন মাস্কৰ সা-সম্পত্তি এদিনত ১৫৩০ কোটি ডলাৰ হ্রাস পায় আৰু তেওঁৰ মুঠ সা-সম্পত্তিৰ পৰিমাণ ৩৮৬ কোটি ডলাৰ হয়গৈ। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ট্রাম্পে কালি বিশ্বৰ ১৪খন দেশৰ বিৰুদ্ধে নতুন শুল্ক আৰোপৰ কথা ঘোষণা কৰে। ট্রাম্পৰ এই ঘোষণাৰ প্ৰভাৱ আমেৰিকাৰ শ্বেয়াৰ বজাৰতো পৰে।


ইলন মাস্কে তেওঁৰ নতুন ৰাজনৈতিক দল গঠনৰ ঘোষণা কৰা আৰু শুল্কক লৈ ট্রাম্পৰ শেহতীয়া ঘোষণা- এই দুয়োটাৰে প্ৰভাৱৰ সন্মুখীন হৈছে। আমেৰিকাৰ শ্বেয়াৰ বজাৰত টেছলাৰ শ্বেয়াৰৰ মূল্য কালি ৮% হ্রাস পাই প্রতিটো শ্বেয়াৰৰ দাম ২৯১.৬৪ ডলাৰ হয়। সোমবাৰে বজাৰৰ লেনদেন চলি থকাৰ সময়ত মাজতে টেছলাৰ শ্বেয়াৰৰ মূল্য ২৮৮.৭৭ টকা হৈছিলগৈ। ইয়াৰ প্ৰভাৱ টেছলাৰ মুঠ সা-সম্পত্তিতো পৰে। শ্বেয়াৰ বজাৰৰ পৰা পোৱা তথ্য মতে টেছলাৰ বজাৰ মূলধন সোমবাৰে ৮২০০ কোটি ডলাৰ অৰ্থাৎ প্রায় সাত লাখ কোটি টকা হ্রাস পায়।


সোমবাৰে বজাৰৰ লেনদেন বন্ধ হোৱাৰ সময়ত টেছলাৰ বজাৰ মূলধন ৯৯৪৩২ ডলাৰ হয়গৈ। উল্লেখযোগ্য যে টেছলা আৰু স্পেচএক্সৰ দৰে কোম্পানীৰ স্বত্বাধিকাৰী মাস্কৰ ৰাষ্ট্ৰপতি ট্রাম্পৰ সৈতে সংঘাত চলি আছে। উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত মাস্কে ট্রাম্পক সহায় কৰিছিল। ট্রাম্প ৰাষ্ট্ৰপতি হোৱাৰ পাছত মাস্কক চৰকাৰী দক্ষতা বিভাগৰ দায়িত্ব দিয়া হয়। কিন্তু ট্রাম্পৰ কিছুমান নীতিক লৈ হোৱা সংঘাতৰ ফলত তেওঁক চৰকাৰী দক্ষতা বিভাগৰ দায়িত্বৰ পৰা আঁতৰোৱা হয়। ইয়াৰ লগতে ট্রাম্পৰ বিগ বিউটিফুল বিলৰ বিৰোধিতা কৰি তেওঁ নতুন ৰাজনৈতক দল গঠন কৰে।


ট্রাম্পৰ সৈতে সংঘাত চলি থকাৰ সময়তে মাস্ক বৃহৎ পৰিমাণৰ লোকচানৰো সন্মুখীন হৈছে। যোৱা ২৪ ঘণ্টাত হোৱা লোকচানকে ধৰি চলিত বৰ্ষত তেওঁৰ লোকচানৰ পৰিমাণ ৮৬৭০ কোটি টকালৈ বৃদ্ধি পালে। উল্লেখযোগ্য যে সোমবাৰে আমেৰিকাৰ শ্বেয়াৰ বজাৰতো পতন দেখিবলৈ পোৱা যায়। আমেৰিকাৰ শ্বেয়াৰ বজাৰৰ সূচকাংক ডাউ জোনছ কালি ৪২২.১৭ পইন্ট, এছ এণ্ড পি ৫০০ সূচকাংক ৪৯.৭ পইন্ট আৰু নাছডাক ১৮৮.৫৯ পইন্ট অৱনমিত হয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ