--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সাধাৰণতে থাইৰয়ড আমাৰ ডিঙিত থাকে। যাৰ পৰা থাইৰ’ক্সিন নামৰ এবিধ হৰমন নিৰ্গত হয়। এই হৰমনে আমাৰ শৰীৰৰ বহুতো কাৰ্য নিয়ন্ত্ৰণ কৰে। ইয়াৰ ফলত শৰীৰত বিভিন্ন ধৰণৰ সমস্যা ৰক্তহীনতা, ওজন হ্ৰাস বা অধিক, দ্ৰুত হৃদস্পন্দন আদি উদ্ভৱ হয়। থাইৰয়ডত ভুগি থকা লোকসকলে তেওঁলোকৰ নিয়মিতভাৱে স্বাস্থ্যৰ যত্ন লোৱা উচিত। এনে পৰিস্থিতিত এলোভেৰা ৰসে থাইৰয়ড সমস্যাৰ পৰা কেনেদৰে সকাহ দিয়ে জানো আহক।

 ১. এলোভেৰাৰ ৰসে মেদবহুলতা হ্ৰাস কৰে-

থাইৰয়ড হ’লে এলোভেৰাৰ ৰস খোৱাটো অতি উপকাৰী। ইয়াৰ বাবে ৰাতিপুৱা দৈনিক তুলসী পাতৰ সৈতে এলোভেৰাৰ ৰস সেৱন কৰাটো স্বাস্থ্যৰ পক্ষে ভাল। এলোভেৰাই মেদবহুলতা হ্ৰাস কৰে, যাৰ ফলত থাইৰয়ড নিয়ন্ত্ৰণত থাকে। একে সময়তে খালী পেটত এলোভেৰাৰ ৰস খালে আপুনি অধিক উপকৃত হ’ব।

 ২. ফুলাৰ পৰা দিয়ে সকাহ-

থাইৰয়ড থকা লোকসকলৰ মুখ, হাত-ভৰি ফুলি থাকে। এনে পৰিস্থিতিত এলোভেৰাৰ ৰসে ফুলা দূৰ কৰাত যথেষ্ট সহায় কৰে। এলোভেৰাৰ ৰসত প্ৰদাহ-প্ৰতিৰোধী গুণ থাকে, যি ফুলা হ্ৰাস কৰাত সহায় কৰে। শৰীৰৰ প্ৰদাহ হ্ৰাস কৰিবলৈ আপুনি এলোভেৰাৰ ৰস খাব পাৰে।

৩. গাঁঠিৰ বিষ-

থাইৰয়ডৰ সমস্যাত ভোগা লোকসকলৰ গাঁঠি আৰু শৰীৰত বিষ অনুভৱ হয়। এনে পৰিস্থিতিত এলোভেৰাৰ ৰস আপোনাৰ বাবে অতি উপকাৰী। নিয়মীয়াকৈ এলোভেৰাৰ ৰস খালে, ই নিশ্চিতভাৱে আপোনাক গাঁঠিৰ বিষৰ সমস্যা দূৰ কৰিব।

 এলোভেৰাৰ ৰস কেনেদৰে খাব লাগে?

থাইৰয়ড থকা লোকসকলে নিয়মীয়াকৈ এলোভেৰাৰ ৰস খাব পাৰে। যদি আপুনি ইয়াক খালী পেটত সেৱন কৰে, ই অধিক ভাল ফলাফল প্ৰদান কৰে। দুই চাহ চামুচ এলোভেৰা ৰসত তুলসীৰ ৰস মিহলি কৰক দৈনিক খালে আপুনি যথেষ্ট উপকৃত হ’ব। গৱেষণা তথ্য অনুসৰি দৈনিক ৫০ মিলি এলোভেৰাৰ ৰস খালে থাইৰয়ডৰ সমস্যা যথেষ্ট পৰিমাণে হ্ৰাস হয়।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামিন লাভ কৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তই; কি কি চৰ্ত আৰোপ কৰিলে আদালতে?
৩৮ টা চোৰাং গৰুসহ এখন টাটা আল্ট্ৰা বাহন জব্দ মায়ং আৰক্ষীৰ; পলাতক সৰবৰাহকাৰীৰ দল
লক্ষীপুৰত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য: ১ কোটি টকাৰ নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী
ধুন্দুলিৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস