--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সাধাৰণতে থাইৰয়ড আমাৰ ডিঙিত থাকে। যাৰ পৰা থাইৰ’ক্সিন নামৰ এবিধ হৰমন নিৰ্গত হয়। এই হৰমনে আমাৰ শৰীৰৰ বহুতো কাৰ্য নিয়ন্ত্ৰণ কৰে। ইয়াৰ ফলত শৰীৰত বিভিন্ন ধৰণৰ সমস্যা ৰক্তহীনতা, ওজন হ্ৰাস বা অধিক, দ্ৰুত হৃদস্পন্দন আদি উদ্ভৱ হয়। থাইৰয়ডত ভুগি থকা লোকসকলে তেওঁলোকৰ নিয়মিতভাৱে স্বাস্থ্যৰ যত্ন লোৱা উচিত। এনে পৰিস্থিতিত এলোভেৰা ৰসে থাইৰয়ড সমস্যাৰ পৰা কেনেদৰে সকাহ দিয়ে জানো আহক

 ১. এলোভেৰাৰ ৰসে মেদবহুলতা হ্ৰাস কৰে-

থাইৰয়ড হ’লে এলোভেৰাৰ ৰস খোৱাটো অতি উপকাৰী। ইয়াৰ বাবে ৰাতিপুৱা দৈনিক তুলসী পাতৰ সৈতে এলোভেৰাৰ ৰস সেৱন কৰাটো স্বাস্থ্যৰ পক্ষে ভাল। এলোভেৰাই মেদবহুলতা হ্ৰাস কৰে, যাৰ ফলত থাইৰয়ড নিয়ন্ত্ৰণত থাকে। একে সময়তে খালী পেটত এলোভেৰাৰ ৰস খালে আপুনি অধিক উপকৃত হ’ব।

 ২. ফুলাৰ পৰা দিয়ে সকাহ-

থাইৰয়ড থকা লোকসকলৰ মুখ, হাত-ভৰি ফুলি থাকে। এনে পৰিস্থিতিত এলোভেৰাৰ ৰসে ফুলা দূৰ কৰাত যথেষ্ট সহায় কৰে। এলোভেৰাৰ ৰসত প্ৰদাহ-প্ৰতিৰোধী গুণ থাকে, যি ফুলা হ্ৰাস কৰাত সহায় কৰে। শৰীৰৰ প্ৰদাহ হ্ৰাস কৰিবলৈ আপুনি এলোভেৰাৰ ৰস খাব পাৰে।

৩. গাঁঠিৰ বিষ-

থাইৰয়ডৰ সমস্যাত ভোগা লোকসকলৰ গাঁঠি আৰু শৰীৰত বিষ অনুভৱ হয়। এনে পৰিস্থিতিত এলোভেৰাৰ ৰস আপোনাৰ বাবে অতি উপকাৰী। নিয়মীয়াকৈ এলোভেৰাৰ ৰস খালে, ই নিশ্চিতভাৱে আপোনাক গাঁঠিৰ বিষৰ সমস্যা দূৰ কৰিব।

 এলোভেৰাৰ ৰস কেনেদৰে খাব লাগে?

থাইৰয়ড থকা লোকসকলে নিয়মীয়াকৈ এলোভেৰাৰ ৰস খাব পাৰে। যদি আপুনি ইয়াক খালী পেটত সেৱন কৰে, ই অধিক ভাল ফলাফল প্ৰদান কৰে। দুই চাহ চামুচ এলোভেৰা ৰসত তুলসীৰ ৰস মিহলি কৰক দৈনিক খালে আপুনি যথেষ্ট উপকৃত হ’ব। গৱেষণা তথ্য অনুসৰি দৈনিক ৫০ মিলি এলোভেৰাৰ ৰস খালে থাইৰয়ডৰ সমস্যা যথেষ্ট পৰিমাণে হ্ৰাস হয়।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন