--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ নিউয়ৰ্ক চহৰত এক অতি ভয়ংকৰ ঘটনা। দেওবাৰে পুৱা ছাবমেট্ৰ’ত ৰে’লৰ ভিতৰত শুই থকা এগৰাকী মহিলাক জীৱন্তে জ্বলাই দিয়া হয়। নিউয়ৰ্ক আৰক্ষী বিভাগৰ আয়ুক্ত জেচিকা টিচে এই কাণ্ডক এতিয়ালৈকে হোৱা আটাইতকৈ কুটিল অপৰাধৰ ভিতৰত অন্যতম বুলি অভিহিত কৰিছে। বৰ্তমান এই গোচৰৰ অভিযুক্ত ব্যক্তিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে, ৰাতিপুৱা ৭.৩০ বজাত ৰে’লখন ষ্টেচনত থিয় হৈ থকাৰ সময়তে এই ঘটনা সংঘটিত হয়। এনেতে ৰেলৰ শেষৰ দবাত থকা মহিলাগৰাকীৰ কাষ চাপি এজন ব্যক্তিয়ে লাইটাৰেৰে মহিলাগৰাকীৰ কাপোৰত জুই লগাই দিয়ে। আয়ুক্ত টিচে সংবাদমেলত কয় যে, ‘আক্ৰমণকাৰীয়ে অতি শান্তভাৱে মহিলাগৰাকীৰ ওচৰলৈ গৈ তেওঁৰ কাপোৰত জুই লগাই দিলে,মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে তেওঁ জীৱন্তে জ্বলিবলৈ ধৰিলে।’

ষ্টেচনৰ ওপৰৰ মহলাত টহল দি থকা কৰ্মচাৰীসকলে ধোঁৱা দেখি সেই স্থানত উপস্থিত হয়। সেই স্থানত এজন যুৱক ৰেলৰ ডবাত থিয় হৈ আছিল। মহিলাগৰাকীক জ্বলি থকা দেখি লগে লগে কৰ্মচাৰীয়ে অগ্নিনিৰ্বাপক যন্ত্ৰ ব্যৱহাৰ কৰি জুই নিৰ্বাপন কৰে কিন্তু তেতিয়ালৈকে মহিলাগৰাকী সম্পূৰ্ণৰূপে জ্বলি যায় আৰু তেওঁৰ মৃত্যু হয়। আৰক্ষীৰ মতে, ঘটনাস্থলীত উদ্ধাৰ হৈছে এজন সন্দেহযুক্ত লোক। ৰেলৰ বাহিৰত প্লেটফৰ্মৰ বেঞ্চ এখনত বহি আছিল তেওঁ।

সংবাদ মাধ্যম অনুসৰি নিউয়ৰ্ক আৰক্ষী বিভাগৰ জোচেফ গুলোটাই কয় যে আক্ৰমণকাৰীক গুৱেটামালাৰ পৰা অহা অনুপ্ৰৱেশকাৰী বুলি চিনাক্ত কৰা হৈছে। ২০১৮ চনত তেওঁ আমেৰিকালৈ আহিছিল। একে সময়তে নিউয়ৰ্কৰ মেয়ৰ এৰিক এডামছে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে ‘আমাৰ সমাজত এনে ঘৃণনীয় আচৰণৰ কোনো স্থান নাই। হিংসাত্মক অপৰাধৰ বলি হোৱা সকলো লোকক ন্যায় প্ৰদানৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। মোৰ প্ৰাৰ্থনা ভুক্তভোগীৰ পৰিয়ালৰ সৈতে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ