--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ নিউয়ৰ্ক চহৰত এক অতি ভয়ংকৰ ঘটনা। দেওবাৰে পুৱা ছাবমেট্ৰ’ত ৰে’লৰ ভিতৰত শুই থকা এগৰাকী মহিলাক জীৱন্তে জ্বলাই দিয়া হয়। নিউয়ৰ্ক আৰক্ষী বিভাগৰ আয়ুক্ত জেচিকা টিচে এই কাণ্ডক এতিয়ালৈকে হোৱা আটাইতকৈ কুটিল অপৰাধৰ ভিতৰত অন্যতম বুলি অভিহিত কৰিছে। বৰ্তমান এই গোচৰৰ অভিযুক্ত ব্যক্তিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে, ৰাতিপুৱা ৭.৩০ বজাত ৰে’লখন ষ্টেচনত থিয় হৈ থকাৰ সময়তে এই ঘটনা সংঘটিত হয়। এনেতে ৰেলৰ শেষৰ দবাত থকা মহিলাগৰাকীৰ কাষ চাপি এজন ব্যক্তিয়ে লাইটাৰেৰে মহিলাগৰাকীৰ কাপোৰত জুই লগাই দিয়ে। আয়ুক্ত টিচে সংবাদমেলত কয় যে, ‘আক্ৰমণকাৰীয়ে অতি শান্তভাৱে মহিলাগৰাকীৰ ওচৰলৈ গৈ তেওঁৰ কাপোৰত জুই লগাই দিলে,মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে তেওঁ জীৱন্তে জ্বলিবলৈ ধৰিলে।’

ষ্টেচনৰ ওপৰৰ মহলাত টহল দি থকা কৰ্মচাৰীসকলে ধোঁৱা দেখি সেই স্থানত উপস্থিত হয়। সেই স্থানত এজন যুৱক ৰেলৰ ডবাত থিয় হৈ আছিল। মহিলাগৰাকীক জ্বলি থকা দেখি লগে লগে কৰ্মচাৰীয়ে অগ্নিনিৰ্বাপক যন্ত্ৰ ব্যৱহাৰ কৰি জুই নিৰ্বাপন কৰে কিন্তু তেতিয়ালৈকে মহিলাগৰাকী সম্পূৰ্ণৰূপে জ্বলি যায় আৰু তেওঁৰ মৃত্যু হয়। আৰক্ষীৰ মতে, ঘটনাস্থলীত উদ্ধাৰ হৈছে এজন সন্দেহযুক্ত লোক। ৰেলৰ বাহিৰত প্লেটফৰ্মৰ বেঞ্চ এখনত বহি আছিল তেওঁ।

সংবাদ মাধ্যম অনুসৰি নিউয়ৰ্ক আৰক্ষী বিভাগৰ জোচেফ গুলোটাই কয় যে আক্ৰমণকাৰীক গুৱেটামালাৰ পৰা অহা অনুপ্ৰৱেশকাৰী বুলি চিনাক্ত কৰা হৈছে। ২০১৮ চনত তেওঁ আমেৰিকালৈ আহিছিল। একে সময়তে নিউয়ৰ্কৰ মেয়ৰ এৰিক এডামছে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে ‘আমাৰ সমাজত এনে ঘৃণনীয় আচৰণৰ কোনো স্থান নাই। হিংসাত্মক অপৰাধৰ বলি হোৱা সকলো লোকক ন্যায় প্ৰদানৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। মোৰ প্ৰাৰ্থনা ভুক্তভোগীৰ পৰিয়ালৰ সৈতে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক