--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প এক ডাঙৰ ঘোষণা৷ ভাৰতীয় মূলৰ আমেৰিকান উদ্যোগী তথা লেখক শ্ৰীৰাম কৃষ্ণনক কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত উপদেষ্টাৰ দায়িত্ব প্ৰদান কৰা হৈছে। কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত হোৱাইট হাউছৰ জ্যেষ্ঠ উপদেষ্টা হিচাপে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰথম পছন্দ ভাৰতীয় মূলৰ শ্ৰীৰাম কৃষ্ণন।

শ্ৰীৰামৰ জন্ম হৈছিল চেন্নাইত জন্ম গ্ৰহণ কৰা শ্ৰীৰাম কৃষ্ণনে ইতিমধ্যে বহু বৃহৎ কোম্পানীত গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আহিছে। ইয়াৰ ভিতৰত মাইক্ৰ’ছফ্ট, টুইটাৰ, য়াহু!, ফেচবুক আৰু স্নেপ আদিৰ উল্লেখযোগ্য। ট্ৰাম্পে কয় যে তেওঁ ডেভিদ চেক্সৰ(David Sacks) সৈতে হোৱাইট হাউচ আৰু ক্ৰিপ্টো জাৰত কাম কৰিব

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে এই দায়িত্ব গ্ৰহণ কৰি শ্ৰীৰাম কৃষ্ণনে আমেৰিকাৰ নেতৃত্বত মনোনিৱেশ কৰি যাব আৰু লগতে এআই নীতি গঠন আৰু ৰূপায়ণতো সহযোগ কৰিব। 

প্ৰসংগক্ৰমে তেওঁ মাইক্ৰ’ছফ্টত উইণ্ড’জ এজু’ৰৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে শ্ৰীৰামে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। এই নিযুক্তিত শ্ৰীৰাম কৃষ্ণনে সুখ প্ৰকাশ কৰি কয় মোৰ দেশৰ সেৱা কৰা তথা  ডেভিদৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি এআইত আমেৰিকাৰ নেতৃত্বক আগোৱাই নিবলৈ পাই মই সন্মানিত হৈছো বুলি উল্লেখ কৰে। কৃষ্ণনৰ এই সফলতাত ভাৰতীয় আমেৰিকান সমাজে আদৰণি জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক