--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ মেট্ৰ’ ট্ৰেইনত গভীৰ চুম্বনত লিপ্ত হৈ আছিল এহাল যুৱক-যুৱতী। এই চুম্বনৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে। Bhagat S Chingsubam নামৰ এটা টুইটাৰ হেণ্ডলত শ্বেয়াৰ কৰা এই ছুটি ভিডিঅ’ ক্লীপে চাঞ্চল্যৰ সৃষ্টি কৰিছে ছ’চিয়েল মিডিয়াৰ লগতে দেশৰ ৰাজধানী দিল্লীত। ছুটি ভিডিঅ’ ক্লীপটোত দেখা গৈছে এহাল যুৱক-যুৱতীয়ে দিল্লীৰ মেট্ৰ’ ট্ৰেইনত গভীৰ চুম্বনত লিপ্ত হৈ আছে। টুইটাৰত উল্লেখ কৰা মতে হুদা চিটি চেণ্টাৰলৈ যোৱা দিল্লী মেট্ৰ’ৰ য়েল্ল’ লাইনত এই কাণ্ড সংঘটিত হৈছিল। এই ঘটনাটো যোৱা ১৭ জুনত সংঘটিত হৈছিল।

ভিডিঅ’ ক্লীপটো টুইটাৰত শ্বেয়াৰ কৰা ইউজাৰগৰাকীয়ে সামাজিক স্থানত এয়া অতি আপত্তিজনক কাৰ্য বুলি দাবী কৰে। ৰাজহুৱা স্থানত মুকলিকৈ চুম্বনত লিপ্ত থকা যুৱক-যুৱতীহালৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লবলৈ তেওঁ আহ্বান জনায়।

দিল্লী মেট্ৰ’, দিল্লী আৰক্ষী আৰু মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক টেগ কৰি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ইউজাৰগৰাকীয়ে। মেট্ৰ’ কৰ্তৃপক্ষই এই টুইটটোত সঁহাৰি জনায়। এই টুইটটোৰ সন্দৰ্ভত কৰ্তৃপক্ষই অভিযুক্ত যুৱক-যুৱতীহালৰ সন্ধান লাভ কৰা নাই বুলি প্ৰকাশ কৰিছে। মুকলিকৈ চুম্বনত লিপ্ত থকা যুৱক-যুৱতীহালৰ সন্ধান উলিয়াব নোৱাৰি দুখ প্ৰকাশ কৰিছে মেট্ৰ’ কৰ্তৃপক্ষই।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে