--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ মেট্ৰ’ ট্ৰেইনত গভীৰ চুম্বনত লিপ্ত হৈ আছিল এহাল যুৱক-যুৱতী। এই চুম্বনৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে। Bhagat S Chingsubam নামৰ এটা টুইটাৰ হেণ্ডলত শ্বেয়াৰ কৰা এই ছুটি ভিডিঅ’ ক্লীপে চাঞ্চল্যৰ সৃষ্টি কৰিছে ছ’চিয়েল মিডিয়াৰ লগতে দেশৰ ৰাজধানী দিল্লীত। ছুটি ভিডিঅ’ ক্লীপটোত দেখা গৈছে এহাল যুৱক-যুৱতীয়ে দিল্লীৰ মেট্ৰ’ ট্ৰেইনত গভীৰ চুম্বনত লিপ্ত হৈ আছে। টুইটাৰত উল্লেখ কৰা মতে হুদা চিটি চেণ্টাৰলৈ যোৱা দিল্লী মেট্ৰ’ৰ য়েল্ল’ লাইনত এই কাণ্ড সংঘটিত হৈছিল। এই ঘটনাটো যোৱা ১৭ জুনত সংঘটিত হৈছিল।

ভিডিঅ’ ক্লীপটো টুইটাৰত শ্বেয়াৰ কৰা ইউজাৰগৰাকীয়ে সামাজিক স্থানত এয়া অতি আপত্তিজনক কাৰ্য বুলি দাবী কৰে। ৰাজহুৱা স্থানত মুকলিকৈ চুম্বনত লিপ্ত থকা যুৱক-যুৱতীহালৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লবলৈ তেওঁ আহ্বান জনায়।

দিল্লী মেট্ৰ’, দিল্লী আৰক্ষী আৰু মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক টেগ কৰি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ইউজাৰগৰাকীয়ে। মেট্ৰ’ কৰ্তৃপক্ষই এই টুইটটোত সঁহাৰি জনায়। এই টুইটটোৰ সন্দৰ্ভত কৰ্তৃপক্ষই অভিযুক্ত যুৱক-যুৱতীহালৰ সন্ধান লাভ কৰা নাই বুলি প্ৰকাশ কৰিছে। মুকলিকৈ চুম্বনত লিপ্ত থকা যুৱক-যুৱতীহালৰ সন্ধান উলিয়াব নোৱাৰি দুখ প্ৰকাশ কৰিছে মেট্ৰ’ কৰ্তৃপক্ষই।










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু