--°C
Loading...
Listen to Article
2 min read
80%

হায়দৰাবাদ : ক’ভিডত মৃত্যু হোৱা লোকৰ শৱদেহ সৎকাৰৰ বাবে দেশত অভাৱ হৈছে স্থানৰ। এই কথাই এই ৰোগৰ ভয়াৱহতাৰ এখন জীয়া ছবি তুলি ধৰিছে। তাৰ মাজতে এইবাৰ পোহৰলৈ আহিছে ক’ভিডত মৃত্যু হোৱা লোকৰ শৱদেহৰ প্ৰতি স্বাস্থ্যকৰ্মীয়ে কৰা অসংবেদনশীল আচৰণৰ কথা।

আৰু পঢ়িব পাৰিব : জেএমবি সন্দেহত ধুবুৰীত গ্ৰেপ্তাৰ হ’ল দুজন

ক’ভিডত মৃত্যু হোৱা এগৰাকী মহিলাৰ মৃতদেহ দুজন লোকে স্কুটাৰৰ মাজত বহুৱাই কঢ়িয়াই নিবলগীয়া হোৱা দৃশ্য পোহৰলৈ অহাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে। স্বাস্থ্য বিভাগে এম্বুলেন্সত তেওঁৰ মৃতদেহ কঢ়িয়াবলৈ অস্বীকাৰ কৰিছিল। এই ঘটনা সংঘটিত হৈছে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলামৰ পলাছাত। চেনচু জনজাতিৰ মহিলাগৰাকীৰ মৃতদেহ উপায়বিহীন হৈ তেওঁৰ পুত্ৰ আৰু জোঁৱায়েকে স্কুটাৰৰ মাজত বহুৱাই কঢ়িয়াই নিয়ে।

ক’ভিডৰ লক্ষণে দেখা দিয়াত তেওঁক নীলমণি হাস্পতাললৈ নিয়া হৈছিল। পাছত তেওঁক চিটি স্কেনৰ বাবে শ্ৰীকৃষ্ণ ডাইগ্ন’ষ্টিকছলৈ প্ৰেৰণ কৰা হয়। কিন্তু চিটি স্কেনৰ ৰিপ’ৰ্ট অহাৰ পূৰ্বেই মহিলাগৰাকীৰ মৃত্যু হয়। তেওঁৰ পৰিয়ালৰ লোকে তেওঁৰ মৃতদেহ কঢ়িয়াই নিবলৈ এম্বুলেন্স বা আন কোনো বাহন নাপালে। সকলোৱে সংক্ৰমণ হোৱাৰ ভয়ত তেওঁৰ মৃতদেহ কঢ়িয়াই নিবলৈ অস্বীকাৰ কৰে। উপায়বিহীন হৈ তেওঁৰ পুত্ৰ আৰু জোঁৱায়েকে তেওঁক ২০ কিলোমিটাৰ দূৰ বাইকেৰে কঢ়িয়াই নিয়ে।

আৰু পঢ়িব পাৰিব : কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ, ৰাইজলৈ অখিল গগৈৰ পত্ৰ

অক্সিজেন নাপাই ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱা, পথৰ ওপৰতে ক’ভিড আক্ৰান্তই ছটফটাই থাকিবলগীয়া হোৱা, শ্মশানত ক’ভিড আক্ৰান্তৰ মৃতদেহ সৎকাৰ কৰাৰ বাবে অপেক্ষা কৰি থাকিবলগীয়া হোৱা আদিৰ দৰে অনেক অসহনীয় পৰিস্থিতি তথা দৃশ্যৰ মাজতে এনেদৰে মৃতদেহ স্কুটাৰত কঢ়িয়াবলগীয়া হোৱাটোৱে অসংবেদনশীলতাৰ আন এখন ছবি তুলি ধৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ