--°C
Loading...
Listen to Article
2 min read
80%

হায়দৰাবাদ : ক’ভিডত মৃত্যু হোৱা লোকৰ শৱদেহ সৎকাৰৰ বাবে দেশত অভাৱ হৈছে স্থানৰ। এই কথাই এই ৰোগৰ ভয়াৱহতাৰ এখন জীয়া ছবি তুলি ধৰিছে। তাৰ মাজতে এইবাৰ পোহৰলৈ আহিছে ক’ভিডত মৃত্যু হোৱা লোকৰ শৱদেহৰ প্ৰতি স্বাস্থ্যকৰ্মীয়ে কৰা অসংবেদনশীল আচৰণৰ কথা।

আৰু পঢ়িব পাৰিব : জেএমবি সন্দেহত ধুবুৰীত গ্ৰেপ্তাৰ হ’ল দুজন

ক’ভিডত মৃত্যু হোৱা এগৰাকী মহিলাৰ মৃতদেহ দুজন লোকে স্কুটাৰৰ মাজত বহুৱাই কঢ়িয়াই নিবলগীয়া হোৱা দৃশ্য পোহৰলৈ অহাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে। স্বাস্থ্য বিভাগে এম্বুলেন্সত তেওঁৰ মৃতদেহ কঢ়িয়াবলৈ অস্বীকাৰ কৰিছিল। এই ঘটনা সংঘটিত হৈছে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলামৰ পলাছাত। চেনচু জনজাতিৰ মহিলাগৰাকীৰ মৃতদেহ উপায়বিহীন হৈ তেওঁৰ পুত্ৰ আৰু জোঁৱায়েকে স্কুটাৰৰ মাজত বহুৱাই কঢ়িয়াই নিয়ে।

ক’ভিডৰ লক্ষণে দেখা দিয়াত তেওঁক নীলমণি হাস্পতাললৈ নিয়া হৈছিল। পাছত তেওঁক চিটি স্কেনৰ বাবে শ্ৰীকৃষ্ণ ডাইগ্ন’ষ্টিকছলৈ প্ৰেৰণ কৰা হয়। কিন্তু চিটি স্কেনৰ ৰিপ’ৰ্ট অহাৰ পূৰ্বেই মহিলাগৰাকীৰ মৃত্যু হয়। তেওঁৰ পৰিয়ালৰ লোকে তেওঁৰ মৃতদেহ কঢ়িয়াই নিবলৈ এম্বুলেন্স বা আন কোনো বাহন নাপালে। সকলোৱে সংক্ৰমণ হোৱাৰ ভয়ত তেওঁৰ মৃতদেহ কঢ়িয়াই নিবলৈ অস্বীকাৰ কৰে। উপায়বিহীন হৈ তেওঁৰ পুত্ৰ আৰু জোঁৱায়েকে তেওঁক ২০ কিলোমিটাৰ দূৰ বাইকেৰে কঢ়িয়াই নিয়ে।

আৰু পঢ়িব পাৰিব : কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ, ৰাইজলৈ অখিল গগৈৰ পত্ৰ

অক্সিজেন নাপাই ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱা, পথৰ ওপৰতে ক’ভিড আক্ৰান্তই ছটফটাই থাকিবলগীয়া হোৱা, শ্মশানত ক’ভিড আক্ৰান্তৰ মৃতদেহ সৎকাৰ কৰাৰ বাবে অপেক্ষা কৰি থাকিবলগীয়া হোৱা আদিৰ দৰে অনেক অসহনীয় পৰিস্থিতি তথা দৃশ্যৰ মাজতে এনেদৰে মৃতদেহ স্কুটাৰত কঢ়িয়াবলগীয়া হোৱাটোৱে অসংবেদনশীলতাৰ আন এখন ছবি তুলি ধৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু