--°C
Loading...
Listen to Article
2 min read
80%

আহমেদাবাদ : কৰ’নাৰ ভয়ংকৰ সংক্ৰমনে দেশত সৃষ্টি কৰিছে গুৰুতৰ সংকটৰ। এদিনতে মৃত্যু হৈছে তিনি সহস্ৰাধিকৰ। এইবাৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ খুড়ীয়েক নৰ্মদাবেন মোডীয়ে। মৃত্যুৰ ১০দিন পূৰ্বে চিকিৎসালয়ত ভৰ্তি কৰোঁৱা হৈছিল নৰ্মদাবেন মোডীক।

আৰু পঢ়িব পাৰিব : দুটাকৈ অক্সিজেন প্লান্ট মুকলি অসম মেডিকেল কলেজত

প্ৰধানমন্ত্ৰীৰ সহোদৰ প্ৰহ্লাদ মোডীয়ে জনাইছে যে, আমাৰ খুড়ী নৰ্মদাবেন মোডীক ১০দিন পূৰ্বে অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোঁৱা হৈছিল। ক'ভিড-১৯ৰ সংক্ৰমণৰ বাবে তেওঁৰ অৱস্থাৰ অধিক অৱনতি ঘটা বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল তেওঁক। আজি তেওঁৰ চিকিৎসালয়ত মৃত্যু ঘটিছে।

আৰু পঢ়িব পাৰিব : নতুন আইন : কেন্দ্ৰৰ হাতৰ পুতলাত পৰিণত দিল্লীৰ কেজৰিৱাল চৰকাৰ

ইফালে, অধিক ক্ষিপ্ৰতাৰে দেশত বৃদ্ধি পাইছে ক’ভিজ সংক্ৰমণ। বিগত ২৪ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈছে ৩লাখ ২৩হাজাৰ ১৪৪জনৰ। মৃত্যু ঘটিছে ২৭৭১জনৰ। কৰ’নাৰ দ্ৰুত সংক্ৰমণত স্তব্ধ হৈ পৰিছে জনজীৱন। আমেৰিকাতকৈয়ো বিভীষিকাময় পৰিস্থিতি এতিয়া ভাৰতত। বিশেষজ্ঞ মহলে সদৰি কৰা মতে চলিত মাহতে আমেৰিকাক চেৰ পেলাই ভাৰতে শীৰ্ষ স্থান দখল কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ