--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : অসম-মিজোৰাম সীমান্তত সৃষ্টি হোৱা ৰক্তক্ষয়ী পৰিস্থিতিৰ পাছত মিজোৰামৰ এগৰাকী সাংসদে কৰা প্ৰৰোচনামূলক মন্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে। মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভেনলাভেনাক জেৰা কৰাৰ বাবে নতুন দিল্লীত উপস্থিত হৈছে অসম আৰক্ষী আৰু চিআইডিৰ এটা দল৷

উচতনিমূলক মন্তব্য প্ৰদান কৰা মিজোৰামৰ সাংসদ কে ভেনলাভেনাক ৪১ (ক) ধাৰাৰ অধীনত আৰক্ষীৰ আগত হাজিৰ হোৱাৰ বাবে জাননী জাৰি কৰিব দলটোৱে। এই তদন্তৰ বাবে যোৱা অসম আৰক্ষীৰ দলটোক দিল্লী আৰক্ষীয়ে সহযোগিতা আগবঢ়াইছে বুলি জানিব পৰা গৈছে।

অৱশ্যে, এইপৰ্যন্ত সাংসদগৰাকী ক'ত আছে সেই বিষয়ে নিশ্চিত হ’ব পৰা নাই আৰক্ষী। সাংসদগৰাকীৰ নামত থকা বাসগৃহলৈকো আৰক্ষী গৈছিল যদিও তেওঁৰ সন্ধান নাপালে। তদুপৰি, মিজোৰাম হাউছতো তেওঁৰ নামত ৰুম বুক আছে যদিও সাংসদগৰাকীক তাতো পোৱা নগ'ল৷ আৰক্ষীয়ে জাৰি কৰা জাননীত সাংসদ কে ভেনলাভেলাক ঢলাই থানাত হাজিৰ হ'বলৈ জনোৱা হ'ব। CRPC 41 Aৰ অধীনত চমন জাৰি কৰা হৈছে সাংসদগৰাকীৰ বিৰুদ্ধে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ