--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছৰ সমীকৰণত আউল লগাবলৈ সাজু হৈছে দেশৰ ৮ ৰাজ্যৰ ৮ ৰাজনৈতিক দল। বিজেপিয়ে ‘অব কী বাৰ চাৰশ পাৰ’ শ্ল’গানেৰে তৃতীয়বাৰৰ বাবে দিল্লীৰ মছনদ দখলৰ বাবে অব্যাহত ৰাখিছে তীব্ৰ নিৰ্বাচনী প্ৰচাৰ। আনহাতে, ইণ্ডিয়া মৰ্চাৰ মূল ঘটক কংগ্ৰেছে বিজেপিক ৰুধি শাসনৰ বাঘজৰী নিজৰ হাতলৈ অনাৰ বাবে অব্যাহত ৰাখিছে আপ্ৰাণ চেষ্টা। 

কিন্তু বিজেপি আৰু কংগ্ৰেছৰ ৰণনীতিত আউল লগাব ৮ ৰাজ্যৰ ৮ ৰাজনৈতিক দল ক্ৰমে– AIADMK, YSR কংগ্ৰেছ, BRS, বহুজন সমাজবাদী পাৰ্টী, TMC, ইণ্ডিয়ান লোক দল, JJP আৰু বহুজন আঘাড়ী পাৰ্টীয়ে। ৪০ ৰাজনৈতিক দলৰে গঠিত NDA আৰু ২৭ দলৰ সমষ্টি বিৰোধী মৰ্চা ইণ্ডিয়াক প্ৰত্যাহ্বান জনাই এই ৮টা দলে এইবাৰ অকলে যুঁজিছে লোকসভা নিৰ্বাচনত। 

লোকসভাৰ ৫৪৩খন আসনৰ ভিতৰত ২৩০খন আসনত বিজেপি আৰু কংগ্ৰেছৰ অংকত আউল লগোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এইকেইটা ৰাজনৈতিক দলৰ। আনহাতে, দেশৰ মুঠ ভোটৰ ১৫ শতাংশ আছে এই ৮টা দলৰ মাজত। ’২৪ৰ নিৰ্বাচনত তামিলনাডু আৰু পুডুচেৰীত ৪০খন আসনত অকলে  যুঁজি বিজেপি আৰু কংগ্ৰেছক প্ৰত্যাহ্বান জনাব AIADMK দলে। 

আনহাতে, অন্ধ্ৰপ্ৰদেশত বিজেপি–কংগ্ৰেছৰ বিৰুদ্ধে ২৫খন আসনত যুঁজিব YSR কংগ্ৰেছে। তেলেংগানাত শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছক শল’ঠেকত পেলাই ১৭খন আসনত নিজাববীয়াকৈ যুঁজ দিব কে চন্দ্ৰশেখৰ ৰাওৰ BRSএ। 

আনহাতে, উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশত ৮৪ খন আসনত অকলে যুঁজ দিব মায়াৱতীৰ বহুজন সমাজবাদী পাৰ্টীয়ে। যাৰ ফলত উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশত কংগ্ৰেছ–সমাজবাদী পাৰ্টীৰ লগতে ক্ষতিগ্ৰস্ত হ’ব পাৰে বিজেপি। ইপিনে, ইণ্ডিয়া মৰ্চাৰ অংশীদাৰ হোৱাৰ পাছতো পশ্চিমবংগৰ ৪২খন আসনত অকলে যুঁজিব মমতা দিদিৰ TMCএ। ফলত ৰাজ্যখনত বিজেপিৰ লগতে সমানে ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা কংগ্ৰেছ দলৰ। একেদৰে হাৰিয়ানাৰ ১০খন আসনত অকলে যুঁজিব ইণ্ডিয়া লোক দল আৰু JJPএ। বিজেপিৰ লগত মিত্ৰতা ভংগৰ পাছত হাৰিয়ানাত এই দুই দলৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব গেৰুৱা দলটো। 

আনহাতে, মিত্ৰজোঁটৰ ৰণনীতি ত্যাগ কৰি মহাৰাষ্ট্রত নিজাববীয়াকৈ নিৰ্বাচনী ৰণত নামিছে বহুজন আঘাড়ী পাৰ্টীয়ে। ৰাজ্যখনৰ ১২খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই দলটোৱে তীব্ৰ প্ৰত্যাহ্বান জনাইছে বিজেপি আৰু কংগ্ৰেছক। তেনেস্থলত ২৪ৰ লোকসভা নিৰ্বাচনত NDA আৰু ইণ্ডিয়া মৰ্চাৰ ৰণনীতিত আউল লগাবৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে ৮টাকৈ ৰাজনৈতিক দল। ভোট যুদ্ধত এইসমূহ দলে বিজেপি আৰু কংগ্ৰেছক কি দৰে শ’লঠেকত পেলাই সেয়া হৈ পৰিছে লক্ষ্যণীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement