--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

যিবোৰ প্ৰতিশ্ৰুতি দি ৰাইজৰ পৰা সমৰ্থন বুটলিছিল, ক্ষমতাত বহাৰ ৬মাহৰ ভিতৰত দ্বিতীয়টো আঘাতহে দিলে অসমীয়া সমাজখনক। অসম এনে এখন ৰাজ্য, যিখন ৰাজ্যত ইয়াৰ ভূমিপুত্ৰ খিলঞ্জীয়াই নিজৰ অধিকাৰ পদে পদে হেৰুৱাইছে! অসমীয়া মানুহৰ বাবে দুৰ্ভাগ্য যে আমাৰ জনপ্ৰতিনিধিয়ে অসমীয়াৰ স্বাৰ্থৰ সলনি তেওঁলোকৰ হাইকমাণ্ড দিল্লীৱালা নেতাৰ সন্তুষ্টিত অধিক গুৰুত্ব দিয়ে। এই নেতাই কথাৰ চাতুৰিৰে অসমীয়া মানুহক কেনেকৈ ঠগি আহিছে তাৰ দুটা উদাহৰণেই যথেষ্ট। অসম চৰকাৰৰ দুটা কেবিনেট সিদ্ধান্তই জোকাৰিছে ৰাজ্যখনক। নিজৰ ঠাইখিনিতে সকলো হেৰুৱাৰ বাট কাটিছে এই চৰকাৰখনে। ‘লাচিত দিৱস’ত বঙাইগাঁৱত অনুষ্ঠিত হোৱা কেবিনেট বৈঠেকে এক গুৰুত্বপূণ সিদ্ধান্ত গ্ৰহণ কৰিলে।

...থলুৱাৰ ভূমিৰ অধিকাৰ হৰণৰ পাছত অসমীয়া ভাষাৰ ক্ষেত্ৰখন সংকুচিত কৰাৰ ভয়ানক সিদ্ধান্ত গ্ৰহণ কৰা হ’ল। আমি অসম চৰকাৰক অনুৰোধ কৰিছো, ভূমিৰ ওপৰত জনজাতীয় মানুহৰ অধিক কপকপীয়া কৰক। লগতে অসমীয়া ভাষা অসমত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ এক সুদূৰ প্ৰসাৰী সিদ্ধান্ত গ্ৰহণ কৰক।...

এই সিদ্ধান্তই ভাৰতৰ ভিতৰত অসমত সৰ্বপ্ৰথম ‘কা’ বলবৎ কৰাৰ প্ৰস্তুতি চলালে। আমি সকলোৱে জানো যে, বাংলাদেশৰ মানুহৰ বোজা আৰু অসমীয়া ভাষা হেৰুৱাৰ আশংকাত অসমৰ মানুহে ‘কা’বিৰোধী সংগ্ৰামত অৱতীৰ্ণ হৈছিল। হিন্দু বাংলাদেশীক অসমত নাগিৰকত্ব প্ৰদান কৰিলে অসমীয়া ভাষী সংখ্যালঘুত পৰিণত হোৱাৰ আশংকাতে ‘কা’বিৰোধ কৰিছিল অসমীয়াই। অসমত বৰ্তমান প্ৰায় ৮০ লাখ বাংলাভাষী লোক আছে। অসমীয়া ভাষীৰ পাছতে অসমত বাংলাভাষীলোকৰ স্থান। অসমত ‘অসমীয়া’ ৰাজ্যিক ভাষা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সংগ্ৰাম কৰিব লগা হৈছিল। ‘কা’বিৰোধী আন্দোলন যেতিয়া তুংগত উঠিছিল, তেতিয়া দিছপুৰত থকা বিজেপি চৰকাৰে এটা কেবিনেট সিদ্ধান্ত লৈছিল। সেই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰলৈকো প্ৰেৰণ কৰিছিল। সিদ্ধান্তটো আছিল ‘অসমত অসমীয়া ৰাজ্যিক ভাষাই নহয় ইয়াক চৰকাৰী কাম-কাজতো ব্যৱহাৰ কৰিব লাগে।’


কিন্তু ২৪ নৱেম্বৰৰ কেবিনেটে এপিএছচি পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীয়ে ‘অসমীয়া’ জানিব লাগিব বুলি কোনো বাধ্যতা নাথাকিব বুলি লোৱা সিদ্ধান্তই ‘কা’ বলবতৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ ইংগিত দিলে। এতিয়াৰপৰা এপিএছচি পৰীক্ষাত অৱতীর্ণ প্ৰাৰ্থীয়ে অসমীয়া নাজানিলেও হ’ব, অসমীয়াৰ সলনি বাংলা আৰু হিন্দী ভাষা জানিলেও এপিএছচি পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব। অর্থাৎ একোজন এচিএছ আৰু এপিএছ বিষয়াই বাংলা, হিন্দীত বাৰ্তালাপ কৰি প্ৰশাসন চলোৱাৰ সুবিধা কৰি দিলে। উল্লেখযোগ্য যে, ভাৰতৰ সকলো ৰাজ্যত ৰাজ্যিক ভাষাই গুৰুত্ব লাভ কৰি আহিছে। মহাৰাষ্ট্ৰত মাৰাঠী, তামিলনাডুত তামিল, পশ্চিমবংগত বাংলা, গুজৰাটত গুজৰাটী, ভাষাৰ সমুখত ইংৰাজীৰ বাহিৰে অন্য কোনো ভাৰতীয় ভাষাৰ প্ৰত্যাহ্বান নাই। মাৰাঠীসকলৰ ভাষাকেন্দ্ৰিক স্বাভিমানৰ বাবে অমিতাভ বচ্ছনৰ দৰে উত্তৰ ভাৰতীয় হিন্দী বেল্টৰ মানুহে মাৰাঠী শিকিবলৈ বাধ্য হৈছে।

অসমত চৰকাৰখন আৰু ইয়াৰ গুৰিধৰোতা সকলৰ অসমীয়া বুলি স্বাভিমান নাই। তেওঁলোকে নিজকে ভাৰতীয় জাতীয়তাবাদৰ অংশীদাৰ বুলি গৌৰৱবোধ কৰে। অসমীয়া জাতীয়তাবাদক এইসকল ৰাজনীতিকে উত্তৰ ভাৰতৰ জাতীয়তাবাদলৈ ৰূপান্তিত হৈছে। উল্লেখযোগ্য যে, দিছপুৰৰ এইখন চৰকাৰৰ আগৰখন কেবিনেটে জনজাতীয় বেল্ট আৰু ব্লকৰ ভূমি যিকোনো অজনজাতীয় লোকে ক্ৰয় কৰাৰ বাট মুকলি কৰিছে। উপায়ুক্তৰ অনুমতি লৈয়ে ভূমিপুত্ৰৰ ভূমি ক্ৰয় কৰাৰ সুবিধা কৰি দিছে। ইতিমধ্য অসমৰ ভূমিপুত্ৰৰ ভূমি-সম্পত্তি কেতবোৰ বণিয়াই হস্তগত কৰিছিল। এই চৰকাৰে ভূমিপুত্ৰৰ সুৰক্ষাৰ বাবে কোনোধৰণৰ নীতি গ্ৰহণ কৰা নাই।

থলুৱাৰ ভূমিৰ অধিকাৰ হৰণৰ পাছত অসমীয়া ভাষাৰ ক্ষেত্ৰখন সংকুচিত কৰাৰ ভয়ানক সিদ্ধান্ত গ্ৰহণ কৰা হ’ল। আমি অসম চৰকাৰক অনুৰোধ কৰিছো, ভূমিৰ ওপৰত জনজাতীয় মানুহৰ অধিক কপকপীয়া কৰক। লগতে অসমীয়া ভাষা অসমত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ এক সুদূৰ প্ৰসাৰী সিদ্ধান্ত গ্ৰহণ কৰক। বঙাইগাঁও কেবিনেটে অসমীয়া ভাষাৰ যি মৃত্যু ঘণ্টা বজালে, সেয়া তাৎক্ষণিকভাৱে পৰিহাৰ কৰক। আমি কোনো ভাষাৰ বিৰোধী নহয়। অসমীয়া ভাষাই অসমতে যদি মৰ্যাদা নাপায়, তেনেহ’লে ক’ত পাব? মই এই দাবী অসমৰ বাহিৰত ক’ত কৰিব পাৰো?


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement