--°C
Loading...
Listen to Article
2 min read
80%

ৰাজগড় ৰোডত ৰিক্সা ষ্টেণ্ডত থকা ৰিক্সাচালকসকলৰ হঠাতে মনলৈ এটা শংকা আহিল৷ লগে লগে তেওঁলোক ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিল৷ কাইলৈৰ পৰা তেওঁলোকৰ কি হ’ব? কেনেকৈ পৰিয়ালটোক পোহপাল দিব? তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ প্ৰতি নতুনকৈ স্থাপন হোৱা ই-ৰিক্সাৰ ষ্টেণ্ডটোৱে প্ৰত্যাহ্বান কঢ়িয়াই আনিব নেকি? মানুহ কম খৰচত, কম সময়তে গন্তব্য স্থান পাবগৈ পাৰে ই-ৰিক্সাত উঠি৷ সেয়ে মানুহ এতিয়া ৰিক্সাত উঠিবলৈ এৰি ই-ৰিক্সাৰ প্ৰতি আকৰ্ষিত হৈছে৷ জনপ্ৰিয় চলচ্চিত্ৰ পৰিচালক চন্দ্ৰ মুদৈৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হোৱা শেহতীয়া অসমীয়া চিনেমা ‘ৰণুৱা’ত ৰিক্সা চালকৰ জীৱনলৈ ই-ৰিক্সাই অনা প্ৰত্যাহ্বানক সুন্দৰকৈ প্ৰতিফলিত কৰিছে ৷ দিন যোৱাৰ লগে লগে ৰিক্সা চালকৰ জীৱনলৈ অহা এই শংকা অমূলক বুলি প্ৰমাণিত হ’ল ৷ অৰ্থাৎ ৰিক্সা আৰু ই-ৰিক্সা নিজৰ নিজৰ বাটত চলি থাকিল৷ কোনো কাৰো প্ৰত্যাহ্বান হৈ নপৰিল ৷ সংবাদ মাধ্যমৰ ক্ষেত্ৰতো এনেকুৱা ধৰণৰ কিছুমান চিন্তা-চেতনা দেখিবলৈ পোৱা গৈছে ৷

শেহতীয়াকৈ পৃথিৱীৰ সংবাদ জগতত ব্যাপক পৰিৱৰ্তন ঘটিছে৷ প্ৰথম যেতিয়া বাতৰি কঢ়িয়াই অনা মাধ্যম হিচাপে নিউজ চেনেলৰ আৱিৰ্ভাৱ ঘটিছিল, তেতিয়া কিছু লোকে আশংকা কৰিছিল যে বাতৰি কাকতবোৰ আৰু নাথাকে৷ মুহূৰ্তৰ বাতৰি মুহূৰ্ততে লৈ আহিছিল নিউজ চেনেলবোৰে৷ অসমৰ মানুহৰ বাবেও এই অভিজ্ঞতা আছিল তেনেই নতুন আৰু অভিনৱ৷ পৃথিৱীৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ভাল লগা, বেয়া লগা সকলো খবৰ ঘৰত বহি টেলিভিছনৰ পৰ্দাত চোৱাৰ আমেজ আছিল সুকীয়া৷ হয়, টেলিভিছনৰ আৱিৰ্ভাৱ আৰু ইয়াৰ প্ৰভাৱে ছপা মাধ্যমৰ প্ৰতি প্ৰত্যাহ্বান কঢ়িয়াই আনিছিল৷ কিন্তু সেয়া আছিল তেনেই ক্ষন্তেকীয়া৷ দিন যোৱাৰ লগে লগে ছপা মাধ্যম পুনৰ আগৰ স্থানলৈ উভতি আহিল৷ কিছুমান নেতিবাচক প্ৰচাৰেহে ছপা মাধ্যমৰ ক্ষতি কৰিছে৷ এই ধৰক গুৱাহাটীৰ কেইজনমান প্ৰকাশকে অহৰহ যদি কৈ থাকে, কিতাপৰ বিক্ৰী নাই, কিতাপ নপঢ়ে বুলি স্বাভাৱিকতে মানুহৰ মনস্তত্ত্বত ইয়াৰ প্ৰভাৱ পৰিব৷ অথচ ইয়াৰ মাজতে ভাল কিতাপৰ মাহটোতে একাধিক সংস্কৰণ প্ৰকাশ পাইছে৷ ইয়াত দুটা উদাহৰণ দিব বিচাৰো৷

প্ৰথমটো হ’ল – ৰূপম দত্তৰ ‘লাইফ অব্ এ ড্ৰাইভাৰ’ আৰু ৰীতা চৌধুৰীৰ ‘মৰে অসম জীয়ে কোন?’ ‘লাইফ অব্ এ ড্ৰাইভাৰ’ৰ দুমাহত ১੦টামান সংস্কৰণ প্ৰকাশ পাইছিল৷ সেইদৰে ৰীতা চৌধুৰীৰ ‘মৰে অসম জীয়ে কোন’ৰ জনপ্ৰিয়তা আছিল অভূতপূৰ্ব৷ দুয়োখন কিতাপৰ এটা সংস্কৰণত ২੦੦੦ কপিকৈ ছপা হৈছিল৷ ভাল কিতাপৰ মৃত্যু নাই৷ অৰ্থাৎ ছপা আখৰৰ গুৰুত্ব অপৰিসীম৷ পাঠকৰ মাজলৈ অসমীয়া ভাল ভাল কিতাপবোৰ এতিয়া পিডিএফৰ ৰূপত গৈছে৷ ইয়ালৈ পঢ়ুৱৈৰ সঁহাৰিও অপৰিসীম৷ সেইদৰে টিভিৰ জনপ্ৰিয়তাৰ সমানে বাতৰি কাকত পুনৰ পঢ়ুৱৈৰ মাজলৈ ঘূৰি আহিছে৷ এইক্ষেত্ৰত বাতৰি কাকতৰ স্বত্বাধিকাৰীসকলে এটা প্ৰতিযোগিতামূলক মনোভাব লৈ যদি নাহে,

তেতিয়াহ’লে সময়ৰ সোঁতত সেইবোৰ বাতৰি কাকতৰ মৃত্যু হোৱাটো স্বাভাৱিক৷ ইয়াৰ বাবে টিভি জগৰীয়া নহয়৷ আজিৰ এই ডিজিটেল যুগতো ‘আনন্দ বাজার পত্ৰিকা’ আৰু ‘The Telegraph’ৰ জনপ্ৰিয়তা কাৰো সৈতে তুলনা নহয়৷ মালিক পক্ষই প্ৰতিযোগিতাত তিষ্ঠি থাকিবলৈ নিৰ্বাচিত সাংবাদিক, সম্পাদক, নিউজ প্ৰিণ্ট, কৰ্মচাৰী আৰু বিতৰণ প্ৰক্ৰিয়াত কোনোধৰণৰ আপোচ কৰিব নালাগিব৷ য’তেই আপোচ হৈছে, তাতেই মৃত্যু হৈছে সংবাদ মাধ্যমৰ৷
কোনোবাই ভাবিছিল নে নিউজ চেনেলৰ প্ৰতিও এদিন প্ৰত্যাহ্বান আহিব বুলি? আজি আমি যিটো যুগত থিয় হৈ আছো, এই যুগটোত নিউজ চেনেল তথা টিভিৰ প্ৰতি প্ৰচণ্ড প্ৰত্যাহ্বান কঢ়িয়াই আনিছে ডিজিটেল মিডিয়াই৷ ডিজিটেল মিডিয়াৰ আগ্ৰাসী ৰূপৰ ওচৰত হাহাকাৰ কৰি উঠিছে টিভিয়ে৷

ডিজিটেল যুগত আধুনিক প্ৰজন্মই প্ৰতিটো খবৰ মুহূৰ্তত লাভ কৰাৰ লগতে একোটা ৰাজনৈতিক পৰিঘটনাৰ চমু বিশ্লেষণ হাতত থকা মোবাইলটোতে চাব পাৰিছে৷ ডিজিটেল মিডিয়াৰ ওপৰত এতিয়া সমগ্ৰ পৃথিৱী নিৰ্ভৰশীল৷ অসমতো ব্যাপক সম্প্ৰসাৰণ ঘটিছে ডিজিটেল মিডিয়াৰ৷ ডিজিটেল মিডিয়া কোনো কাকত বা টিভিৰ ছাঁয়া হৈ থকা নাই৷ ই এটা স্বয়ংসম্পূৰ্ণ সংবাদ মাধ্যম৷ দিন আগবঢ়াৰ লগে লগে এইটো প্ৰমাণিত হ’বলৈ গৈ আছে যে ছপা মাধ্যম তথা কিতাপ, বাতৰি কাকত, টিভি তথা নিউজ চেনেল আৰু ডিজিটেল মিডিয়া কোনো, কাৰো শত্ৰু নহয়৷ সকলো নিজৰ নিজৰ ঠাইত থাকি সংবাদসেৱা কৰি গৈছে৷ প্ৰতিটো মাধ্যমে নিজৰ সৰ্বস্ব উজাৰি ৰাইজৰ কথাবোৰ ক’বলৈ গৈছে৷ কিন্তু সংবাদ মাধ্যম সদায় প্ৰতিষ্ঠানবিৰোধী ভূমিকাত থাকিবই লাগিব৷

চৰকাৰৰ ভাল কামবোৰৰ প্ৰশংসা যিদৰে হ’ব লাগে, সেইদৰে জনবিৰোধী কাম-কাজৰ তীক্ষ্ণ সমালোচনা কৰাৰ সাহস লাগিব৷ যি সংবাদ মাধ্যমৰ এই সাহস আছে, সেই সংবাদ মাধ্যমক ৰাইজে নিজৰ বুলি আঁকোৱালি লৈছে৷ চৰকাৰৰ আশীৰ্বাদধন্য হ’বলৈ গৈ যিবোৰ সংবাদ মাধ্যমে জনতাক বিভ্ৰান্ত কৰে, সেই সংবাদ মাধ্যম ৰাইজৰ চকুত ধৰা পৰে৷ এই ডিজিটেল যুগত কোনো ফাঁকি আৰু কাৰচাজিয়ে কাম নিদিয়ে৷ একোটা বাতৰি কি উদ্দেশ্যত পৰিৱেশন কৰা হয়, সেয়া সংবাদ গোষ্ঠী, সাংবাদিকতকৈ সমাজৰ সচেতন নাগৰিকে অধিক বুজি পায়৷ ৰাইজ এতিয়া একোটা চিটিস্কেন মেচিনৰ দৰে৷


জনপ্ৰিয়তা সস্তীয়া, মুখৰোচক, প’ৰ্ণৰ দ্বাৰা আৰ্জিবলৈ বিচৰা স্থূল মানসিকতাক একপ্ৰকাৰ ৰোগ বুলি আধুনিক সমাজত গণ্য কৰা হয়৷ ‘প্ৰাগ ডিজিটেল’ৰ সম্পাদক হিচাপে প্ৰথমটো সম্পাদকীয়ৰ জৰিয়তে চেষ্টা চলাম অসমীয়া মানুহৰ সুখ-দুখৰ কথাবোৰ ৰাজহুৱা কৰাৰ৷ আমি পাৰ্যমানে চেষ্টা চলাম আমাৰ এচাম ৰুচিশীল আৰু হৃদয়ৱান পঢ়ুৱৈ তথা দৰ্শক সৃষ্টি কৰিবলৈ৷
আপোনালোকৰ আশিসপ্ৰাৰ্থী


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ