--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ইলেক্ট্ৰিক বেটাৰীচালিত বাহনৰ কদৰ বাঢ়িছে। তালৈ লক্ষ্য ৰাখি হায়দৰাবাদস্থিত ইলেক্ট্ৰিক দুচকীয়া বাহন নিৰ্মাতা কোম্পানী 'পিউৰ ইভি’য়ে শেহতীয়াকৈ মুকলি কৰিছে এখনি বিশেষ স্কুটাৰ। স্কুটাৰখনৰ নাম- ইপ্লুটো ৭জি প্ৰ’ ইলেক্ট্ৰিক স্কুটাৰ। লক্ষ্যণীয়ভাৱে স্কুটাৰখনৰ দাম এক লাখ টকাতকৈ কম। ইতিমধ্যেই বাহনৰ্খনৰ বুকিংও মুকলি কৰা হৈছে।

গ্ৰাহকে অফিচিয়েল ডিলাৰশ্বিপৰ জৰিয়তে এই স্কুটীখন বুকিং কৰিব পাৰিব আৰু ইয়াৰ ডেলিভাৰীও অতি সোনকালে আৰম্ভ কৰা হ’ব।

উল্লেখ্য যে  এই ePluto 7G Pro ইলেক্ট্ৰিক স্কুটাৰ তিনিটা ৰঙত উপলব্ধ। ক’লা, ধূসৰ আৰু বগা। ৰেট্ৰ’ লুকৰ সৈতে এই ইলেক্ট্ৰিক স্কুটাৰত আছে এল ই ডি হেডলেম্পৰ লগতে ঘূৰণীয়া এল ই ডি ডি আৰ এল।

ePluto 7G Pro ইলেক্ট্ৰিক স্কুটাৰখন AIS 156 প্ৰমাণিত 3kWh বেটাৰীৰ দ্বাৰা চালিত। লগতে বাহনখনত আছে ১.৫ কিলোৱাট ইলেক্ট্ৰিক মটৰ।

এই স্কুটাৰখনে ১০০ৰ পৰা ১৫০ কিলোমিটাৰ দূৰত্বৰ ৰেঞ্জ দিবলৈ সক্ষম। যিটো Ola S1 Air য়ে দাবী কৰা ৰেঞ্জতকৈ বেছি। ইয়াৰ উপৰিও ইয়াত তিনিটা ৰাইডিং মোডৰ ব্যৱস্থা আছে। এপ্লুটো ৭জি প্ৰ’ ইলেক্ট্ৰিক স্কুটাৰৰ এক্স শ্ব’ৰুম মূল্য ৯৪,৯৯৯ টকা।










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু