--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হিমাচল প্ৰদেশৰ মাণ্ডি জিলাৰ এজন যুৱকৰ সৈতে সংঘটিত হ'ল এক আজৱ ঘটনা। যি ঘটনাৰ বিষয়ে জানিলে আপুনিও হতভম্ব হৈ পৰিব । 

হয়, যুৱকজনৰ পেটৰ ভিতৰৰ পৰা চিকিৎসকে উদ্ধাৰ কৰিলে চামুচ, কটাৰী, বেজী, পেঞ্চিলকে ধৰি প্ৰায় ১২ বিধ সামগ্ৰী। প্ৰথমতে যুৱকজনে প্ৰচণ্ড পেটৰ বিষত ভুগি আছিল। যাৰ বাবে পৰিয়ালৰ লোকে যুৱকজনক ভৰ্তি কৰাইছিল চিকিৎসালয়ত। আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছতেই ওলাল উৰহী গছৰ ওৰ। এই ১২ বিধ সামগ্ৰীৰে জীৱন নিৰ্বাহ কৰি আছিল যুৱকজনে ।

অস্ত্ৰোপচাৰৰ অন্তত চিকিৎসকে যুৱকজনৰ পেটৰ পৰা এই সামগ্ৰীসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। প্ৰায় ৩ ঘণ্টা ধৰি অস্ত্ৰোপচাৰ চলা যুৱকজন বৰ্তমানেও আছে চিকিৎসকৰ পৰ্যবেক্ষণত । যুৱকজনৰ অস্ত্ৰোপচাৰৰ এই কাহিনীয়ে স্তম্ভিত কৰি তুলিছে সকলোকে ৷ কিয়নো যুৱকজনে কেনেকৈ ইমানবোৰ বস্তু গিলি সুন্দৰকৈ জীৱন অতিবাহিত কৰি আছিল, সেই কথা ভাবি হতবাক হৈ পৰিছে সকলো ৷

উল্লেখযোগ্য যে ২৭ বছৰীয়া যুৱকজন ছিজ’ফ্ৰেনিয়া নামৰ এক মানসিক ৰোগত আক্ৰান্ত। আনহাতে পৰিয়ালৰ লোকে জনোৱা মতে, দ্বিতীয় শ্ৰেণীৰ পঢ়া-শুনা সমাপ্ত কৰাৰ পিছত তেওঁক প্ৰশিক্ষণৰ বাবে চণ্ডীগড়লৈ প্ৰেৰণ কৰা হয় ৷ কিন্তু এবছৰ তাত কটোৱাৰ পিছত তেওঁৰ মানসিক অৱস্থাৰ অৱনতি ঘটে । যাৰ বাবে তেওঁক ঘৰলৈ ঘূৰাই আনিবলগীয়া হৈছিল ৷ তেতিয়াৰ পৰাই তেওঁ ঘৰতে মৌন হৈ জীৱন নিৰ্বাহ কৰি আছিল ।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু