--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হিমাচল প্ৰদেশৰ মাণ্ডি জিলাৰ এজন যুৱকৰ সৈতে সংঘটিত হ'ল এক আজৱ ঘটনা। যি ঘটনাৰ বিষয়ে জানিলে আপুনিও হতভম্ব হৈ পৰিব । 

হয়, যুৱকজনৰ পেটৰ ভিতৰৰ পৰা চিকিৎসকে উদ্ধাৰ কৰিলে চামুচ, কটাৰী, বেজী, পেঞ্চিলকে ধৰি প্ৰায় ১২ বিধ সামগ্ৰী। প্ৰথমতে যুৱকজনে প্ৰচণ্ড পেটৰ বিষত ভুগি আছিল। যাৰ বাবে পৰিয়ালৰ লোকে যুৱকজনক ভৰ্তি কৰাইছিল চিকিৎসালয়ত। আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছতেই ওলাল উৰহী গছৰ ওৰ। এই ১২ বিধ সামগ্ৰীৰে জীৱন নিৰ্বাহ কৰি আছিল যুৱকজনে ।

অস্ত্ৰোপচাৰৰ অন্তত চিকিৎসকে যুৱকজনৰ পেটৰ পৰা এই সামগ্ৰীসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। প্ৰায় ৩ ঘণ্টা ধৰি অস্ত্ৰোপচাৰ চলা যুৱকজন বৰ্তমানেও আছে চিকিৎসকৰ পৰ্যবেক্ষণত । যুৱকজনৰ অস্ত্ৰোপচাৰৰ এই কাহিনীয়ে স্তম্ভিত কৰি তুলিছে সকলোকে ৷ কিয়নো যুৱকজনে কেনেকৈ ইমানবোৰ বস্তু গিলি সুন্দৰকৈ জীৱন অতিবাহিত কৰি আছিল, সেই কথা ভাবি হতবাক হৈ পৰিছে সকলো ৷

উল্লেখযোগ্য যে ২৭ বছৰীয়া যুৱকজন ছিজ’ফ্ৰেনিয়া নামৰ এক মানসিক ৰোগত আক্ৰান্ত। আনহাতে পৰিয়ালৰ লোকে জনোৱা মতে, দ্বিতীয় শ্ৰেণীৰ পঢ়া-শুনা সমাপ্ত কৰাৰ পিছত তেওঁক প্ৰশিক্ষণৰ বাবে চণ্ডীগড়লৈ প্ৰেৰণ কৰা হয় ৷ কিন্তু এবছৰ তাত কটোৱাৰ পিছত তেওঁৰ মানসিক অৱস্থাৰ অৱনতি ঘটে । যাৰ বাবে তেওঁক ঘৰলৈ ঘূৰাই আনিবলগীয়া হৈছিল ৷ তেতিয়াৰ পৰাই তেওঁ ঘৰতে মৌন হৈ জীৱন নিৰ্বাহ কৰি আছিল ।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ