--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলীয়ে ৩৫ বছৰ সম্পূৰ্ণ কৰিলে। ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীয়ে এইবাৰ কলকাতাত জন্মদিন অতিবাহিত কৰিছে। ক্ৰিকেটপ্ৰেমীৰ বাবে কোহলীৰ জন্মদিনক লৈ সৃষ্টি হোৱা উন্মাদনাৰ অন্ত নাই। বহুতে তেওঁক অভিনন্দন জনায়। কিন্তু কোহলীয়ে হয়তো পত্নী অনুষ্কা শৰ্মাৰ পৰা সৰ্বোত্তম বাৰ্তা পালে। য’ত তেওঁ কোহলীৰ এক বিৰল অভিলেখৰ কথা উল্লেখ কৰে।

বলীউডৰ অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত স্বামীক জন্মদিনৰ শুভেচ্ছা জনায়। অনুষ্কাই লিখিছে, ‘জীৱনৰ প্ৰতিটো ভূমিকাতে তেওঁ আক্ষৰিক অৰ্থত ব্যতিক্ৰমী। মই তোমাক নিঃচৰ্তভাৱে ভাল পাওঁ। সকলোতকৈ বেছি প্ৰেম, যিকোনো ধৰণে, যিকোনো পৰিস্থিতিত।''

অনুষ্কাই নিজৰ ষ্টেটাছতত বিভিন্ন ইমোজি ব্যৱহাৰ কৰিছে। বলীউডৰ অভিনেত্ৰীগৰাকীয়ে কোহলীৰ এখন ধেমেলীয়া ছবি আৰু দুয়োৰে একেলগে থকা এখন ছবিও শ্বেয়াৰ কৰে।

অনুষ্কাই ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সৈতে ক্ৰিকেটাৰ কোহলীৰ বিষয়ে এক আমোদজনক তথ্য শ্বেয়াৰ কৰে। টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বৈধ বল বলিং নকৰাকৈ এটা উইকেট লোৱা কোহলীয়ে একমাত্ৰ বলাৰ। মহেন্দ্ৰ সিং ধোনীয়ে ২০১১ চনত ইংলেণ্ডৰ বিৰুদ্ধে কোহলীক বলিং কৰিবলৈ অনুমতি দিছিল। প্ৰথমটো বল কোহলীয়ে ৱাইড কৰে। সেই বলটোৰে ধোনীয়ে কেভিন পিটাৰছনক ষ্টাম্পিং কৰিছিল। বল গণনা নহ’লেও কোহলীয়ে ১ ৰানত ১ উইকেট লাভ কৰে। সেই অৱস্থাত কোহলীৰ বলিঙৰ সংখ্যা আছিল ০-০-১-১। অনুষ্কাই নিজৰ ষ্টেটাছত এই বিষয়ে উল্লেখ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ