--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে বিয়লি বিৰাট কোহলিয়ে ইডেন গাৰ্ডেনছত শতক অৰ্জন কৰি জন্মদিন পালন কৰে। এই মুহূৰ্তৰ বাবেই সমগ্ৰ ভাৰত, সমগ্ৰ চহৰখনে আগ্ৰহেৰে অপেক্ষা কৰি আছিল। অতি কম সংখ্যক বেটছমেনৰহে জন্মদিনত শতকৰ নজিৰ আছে। সেই তালিকাত শেহতীয়া সংযোজন হৈছে কোহলী।

এই পৰ্যন্ত কোহলীকে ধৰি এদিনীয়া ক্ৰিকেটত জন্মদিনত শতক অৰ্জন কৰিছে ৭ জন বেটছমেনে। তাৰে এটা এই বিশ্বকাপত ঘটিছিল। সকলো ফৰ্মেটতে জন্মদিনৰ শতক অৰ্জন কৰা বেটছমেনৰ সংখ্যা ১১ জন।

এইক্ষেত্ৰত প্ৰথমজন ভাৰতীয় ক্ৰিকেটাৰ হৈছে বিনোদ কাম্বলী। প্ৰাক্তন বাওঁহাতৰ বেটছমেনগৰাকীয়ে ১৯৯৩ চনৰ ১৮ জানুৱাৰীত জয়পুৰত ইংলেণ্ডৰ বিৰুদ্ধে ১০০ ৰানৰ ইনিংছ খেলিছিল। সেইদিনা তেওঁৰ বয়স হৈছিল ২১ বছৰ। দ্বিতীয় বেটছমেন হিচাপে শচীন টেণ্ডুলকাৰে এই নজিৰ গঢ়ি তুলিছিল। ২৫ বছৰ সম্পূৰ্ণ কৰাৰ পিছত ১৯৯৮ চনৰ ২৪ এপ্ৰিলত শ্বাৰজাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৩৪ ৰান সংগ্ৰহ কৰে।

শ্ৰীলংকাৰ সনাথ জয়সূৰিয়াই তৃতীয় বেটছমেন হিচাপে এই নজিৰ গঢ়ি তুলিছিল। ৩৯ সংখ্যক জন্মদিনত ২০০৮ চনৰ ৩০ জুনত কৰাচীত বাংলাদেশৰ বিৰুদ্ধে ১৩০ ৰানৰ ইনিংছ খেলিছিল। নিউজিলেণ্ডৰ ৰছ টেইলৰে জন্মদিনত এদিনীয়া খেলত শতক অৰ্জন কৰা এছিয়াৰ বাহিৰত প্ৰথমজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় আৰু বিশ্বৰ চতুৰ্থজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।

২০১১ চনৰ ৮ মাৰ্চত কেণ্ডীত পাকিস্তানৰ বিৰুদ্ধে ১৩১ ৰান সংগ্ৰহ কৰিছিল। সেই সময়ত তেওঁ ২৭ বছৰ সম্পূৰ্ণ কৰিছিল। সেই মেচখনো আছিল বিশ্বকাপৰ। ইয়াৰ পিছত ২০২২ চনত নেদাৰলেণ্ডৰ বিৰুদ্ধে নিউজিলেণ্ডৰ টম লেথামে ৩০ বছৰীয়া জন্মদিনত শতক অৰ্জন কৰে।

এইবাৰো বিশ্বকাপত দুটা নজিৰ আহিছে। মিচেল মাৰ্ছ বিশ্বৰ পঞ্চমজন ক্ৰিকেটাৰ আৰু জন্মদিনত শতক অৰ্জন কৰা অষ্ট্ৰেলিয়াৰ প্ৰথমজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। ২০ অক্টোবৰত ১০৮ বলত ১২১ ৰানৰ ইনিংছ খেলিছিল। ১০টা চাৰি আৰু ৯টা ছয় মাৰিলে। এদিনীয়া ক্ৰিকেটত তেওঁ দ্বিতীয় শতক অৰ্জন কৰে। এই তালিকাত সপ্তম ক্ৰিকেটাৰ হিচাপে স্থান লাভ কৰিছে কোহলি। ভাৰতীয় প্রাক্তন অধিনায়কগৰাকীয়ে দেওবাৰে ১২১টা বলত ১০১ ৰান কৰি অপৰাজিত হৈ থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ