--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী দুৰ্ভগীয়া মহিলা সুভদ্ৰা। কেৰালাৰ পলাক্কাড জিলাত বাস কৰে‌ ৪৬ বছৰীয়া সুভদ্ৰা। আগষ্ট মাহত তেওঁৰ স্বামীৰ মৃত্যু হয়। পৰিয়াল চলোৱাৰ সকলো খৰচ সুভদ্ৰাৰ মূৰত পৰিল। কৰ্মসংস্থাপন ল’ব পৰাকৈও শিক্ষাগত অৰ্হতা নাছিল তেওঁৰ।। তেওঁলোকৰ তিনিটা সন্তান আছে, তাৰে‌ এজন বিৰল মস্তিষ্কৰ পক্ষাঘাত ৰোগত আক্ৰান্ত। খাবলৈ পইচাও নাছিল সুভদ্ৰাৰ। তিনিওটা ল’ৰা-ছোৱালীৰ বাবে খাদ্যৰ ব্যৱস্থা কৰি ভাগৰি পৰা সুভদ্ৰাই পুত্ৰ অভিষেকৰ শিক্ষকক ৫০০ টকা দিবলৈ অনুৰোধ কৰিলে, এই আবেদনৰ পাছত সুভদ্ৰাৰ কি হ’ল শুনি আপুনি আচৰিত হ’ব। হয়, সুভদ্ৰাৰ জীৱন সলনি হ'ল।

সুভদ্ৰাই পুত্ৰৰ শিক্ষয়িত্ৰী গিৰিজা হৰিকুমাৰৰ পৰা ৫০০ টকাৰ সহায় বিচাৰিছিল আৰু কি পালে সেয়া কল্পনাৰ বাহিৰত। সহায়ৰ অনুৰোধত তেওঁৰ পৃথিৱীলৈ বসন্ত আহিল।

সুভদ্ৰাৰ দুৰ্দশা দেখি গিৰিজাৰ দুচকু আৰ্দ্ৰ হৈ পৰিল। ছচিয়েল মিডিয়াত পোষ্ট কৰি তেওঁ মানুহৰ পৰা সহায় বিচাৰিলে। তেওঁ ক্ৰাউড ফাণ্ডিঙৰ বাবে আবেদন জনায়। পোষ্টটোত তেওঁ সুভদ্ৰাৰ বেংক একাউণ্টৰ সবিশেষ শ্বেয়াৰ কৰিছিল, যাতে টকাখিনি পোনপটীয়াকৈ সুভদ্ৰাৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিব পৰা যায়। এই পোষ্টটো অলপ সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰে। মানুহে ইমান দান দিলে যে সুভদ্ৰা ধনী হৈ পৰিল। মুঠ ৫১ লাখ টকা সোমাল তেওঁৰ বেংক একাউণ্টত । দানকাৰীয়ে ইমান টকা দিছে যে এতিয়া সুভদ্ৰাই নিজৰ সন্তানক বহুত ভালকৈ চোৱা-চিতা কৰিব পাৰে।

গিৰিজাই কয় যে সুভদ্ৰাই মোক ৫০০ টকা বিচাৰিছিল। মই এহেজাৰ টকা দি কিবা এটা কৰিম বুলি কলো। সুভদ্ৰাৰ ঘৰৰ দুৰ্দশা চাবলৈ  নিজেই ঘৰলৈ গ’লো। পৰিয়ালটোৰ আৰ্থিক অৱস্থা সঁচাকৈয়ে কৰুণ আছিল। তেওঁ ইমানেই দৰিদ্ৰতাত জীৱন কটাব ধৰিছিল যে তেওঁলোকৰ পাকঘৰত মাত্ৰ এমুঠি শস্যও নাছিল। মুঠতে খাবলৈ একো নাছিল।

ছচিয়েল মিডিয়াত ৰাইজে তীব্ৰ প্ৰশংসা কৰিছে গিৰিজাক। তেওঁৰ পোষ্টটোৱে ইমান প্ৰভাৱ পেলোৱাত গিৰিজা নিজেও আচৰিত হৈছে । গিৰিজাই ক’লে, ‘সুভদ্ৰাক সহায় কৰিবলৈ পোষ্ট দিওঁতে মোৰ মনত মাত্ৰ দুটা উদ্দেশ্য আছিল। প্ৰথমটো হ’ল তেওঁলোকৰ অসম্পূৰ্ণ ঘৰটো সম্পূৰ্ণ হৈ ভাল ঠাইলৈ স্থানান্তৰিত হ’ব লাগে। দ্বিতীয়তে, সেই মাতৃয়ে সন্তানক খুৱাবলৈ বা পঢ়াবলৈ কাৰো পৰা ভিক্ষা খুজিব নালাগে। নাজানো, আপোনাকক মই কেনেকৈ ধন্যবাদ দিওঁ।'এই পোষ্টটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি গিৰিজাই এখন ছবিও পোষ্ট কৰে।

স্বামীৰ মৃত্যুৰ পাছত সুভদ্ৰাই অৰ্ধনিৰ্মিত ঘৰটো সম্পূৰ্ণ কৰিব। মৃত্যুৰ কেইমাহমান আগতেই স্বামীয়ে বনাবলৈ আৰম্ভ কৰিছিল ঘৰটো। পৰিয়ালৰ ৰক্ষণাবেক্ষণৰ বাবে বাকী থকা ধন বেংকতে জমা দিব। সচাকৈয়ে ছ’চিয়েল মিডিয়াৰ দানকাৰীসকলে সুভদ্ৰাৰ সমগ্ৰ জীৱন সলনি কৰি সন্তানৰ ভৱিষ্যত উজ্জ্বল কৰি তুলিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক