--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টেলিকম খণ্ডকে ধৰি দেশৰ কেইবাটাও খণ্ডত আধিপত্য বিস্তাৰ কৰা  মুকেশ আম্বানীৰ  ৰিলায়েন্স কোম্পানীয়ে এতিয়া বজাৰত চকলেটো বিকিব। চকলেটৰ ব্যৱসায়ত হাত দিয়াৰ বাবেই  ৰিলায়েন্স কনজিউমাৰে ২৭ কোটি টকাৰে ৮২ বছৰ পুৰণি ৰাভালগাঁও চুগাৰ কনফেক্সনাৰীৰ ব্ৰেণ্ড সমূহ ক্ৰয় কৰিছে। 

চুক্তি অনুসৰি এতিয়া  কফি ব্ৰেক আৰু পান পছন্দকে ধৰি  ৰাভালগাঁও চুগাৰ কনফেক্সনাৰীৰ জনপ্ৰিয় ব্ৰেণ্ডৰ চকলেটসমূহ  আম্বানীৰ কোম্পানীয়ে বিক্ৰী কৰিব। ৰাভালগাঁও চুগাৰ ফাৰ্মে  আম মুড, কফি ব্ৰেক, টুটি ফ্ৰুটি, পান পছন্দ, চোকো ক্ৰীম আৰু চুপ্ৰিমৰ দৰে ব্ৰেণ্ডৰ চকলেট বিক্ৰী কৰি আহিছিল কিন্তু এতিয়া ২৭ কোটি টকাৰ বিনিময়ত আম্বানীৰ  ৰিলায়েন্স কনজিউমাৰ প্ৰডাক্টছ লিমিটেড (আৰচিপিএল)-এ  ৰাভালগাঁও চুগাৰ কনফেক্সনাৰীৰ ব্ৰেণ্ড সমূহৰ ট্ৰেডমাৰ্ক, ৰেচিপি, আদিৰ অধিকাৰ ক্ৰয়  কৰিছে।  ৰাভালগাঁও চুগাৰ কনফেক্সনাৰীৰ হৈ  হৰ্ষবৰ্ধন ভাৰত দোশী, নিহাল হৰ্ষবৰ্ধন দোশী আৰু লালন অজয় কাপাদিয়ে চুক্তিত স্বাক্ষৰ কৰিছে। 

উল্লেখ্য আৰচিপিএল হৈছে ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰছ লিমিটেডৰ (আৰআৰভিএল) এটা সহায়ক কোম্পানী। এই কোম্পানীটো  মুকেশ আম্বানী নেতৃত্বাধীন ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ খুচুৰা শাখা। ৰাভালগনে কৈছে  যে চুক্তি কৰা হৈছে যদিও ৰাভালগনৰ সম্পত্তি, ভূমি, প্ৰকল্প, ভৱন, সঁজুলি, যন্ত্ৰপাতি আদিআম্বানীয়ে ক্ৰয় কৰা নাই।  কেৱল কেইটামান জনপ্ৰিয় ব্ৰেণ্ডহে ক্ৰয় কৰিছে। ৰাভালগাঁও চুগাৰৰ মতে, শেহতীয়া বছৰবোৰত ইয়াৰ  মিষ্টান্ন ব্যৱসায় চলাই  ৰখাটো কঠিন হৈ পৰিছে।" ইয়াৰ ফলত ৰাভালগনে লোকচানৰো সন্মুখীন হৈছে। 

 কেঁচা মাল, শক্তি আৰু শ্ৰমিকৰ মজুৰী বৃদ্ধিৰ  ফলত ইয়াৰ ৰাভালগনৰ লাভ কমি আহিছে।  আৰচিপিএলৰ এফএমচিজি শাখাত প্ৰাসংগিক খেলুৱৈ হোৱাৰ উচ্চাকাংক্ষা আছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ