--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগশাৰীৰ ফিনটেক কোম্পানী পেটিএমৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে পেটিএম পেমেণ্টছ বেংকক নতুন গ্ৰাহক সংযোজন কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।ইতিমধ্যে এই সিদ্ধান্ত তাৎক্ষণিকভাৱে কাৰ্যকৰী হৈছে। বুধবাৰে কেন্দ্ৰীয় বেংকটোৱে কয় যে পেটিএম বেংকটোৱে বহু নিয়ম উলংঘা কৰিছে। এই নিষেধাজ্ঞাৰ পাছত গ্ৰাহকে নিজৰ একাউণ্টত ধন জমা কৰিব নোৱাৰিব। লগতে আৰ বি আইয়ে কয় যে ৱালেট, ফাষ্টেগ আৰু এনচিএমচি কাৰ্ডতো টপ আপ কৰা নহ’ব। অৱশ্যে গ্ৰাহকক ধন উলিয়াবলৈ অনুমতি দিয়া হৈছে।


আৰবিআইৰ মতে, পেটিএম পেমেণ্টছ বেংকে কোনো গ্ৰাহকৰ পৰা ধন জমা কৰোৱাব নালাগে। ২৯ ফেব্ৰুৱাৰীৰ পাছত কোনো গ্ৰাহকৰ একাউণ্টত কোনো ধৰণৰ জমা ধন গ্ৰহণ কৰা নহ'ব। যদিও এই ধন ৱালেট, ফাষ্টেগ বা আন কোনো প্ৰিপেইড চিষ্টেমৰ জৰিয়তে লোৱা হয়। ৰিজাৰ্ভ বেংকে কয় যে বহিঃ নিৰীক্ষকৰ প্ৰতিবেদনৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই প্ৰতিবেদনসমূহে প্ৰকাশ কৰিছিল যে বেংকটোৱে কেইবাটাও বিত্তীয় নিয়ম মানি চলাত ধাৰাবাহিকভাৱে ব্যৰ্থ হৈছে। ইয়াৰ বাহিৰেও বহু ধৰণৰ অনিয়ম পোৱা গৈছিল। পেটিএম পেমেণ্টছ বেংকৰ বিৰুদ্ধে এই অভিযোগৰ তদন্ত অব্যাহত থাকিব।


যদিও কেন্দ্ৰীয় বেংকটোৱে পেটিএমৰ সকলো বেংকিং সেৱা বন্ধ কৰাৰ নিৰ্দেশ দিছে। কিন্তু, ধন হস্তান্তৰ কৰাৰ সুবিধা প্ৰদান কৰিব লাগিব। ইয়াৰ ভিতৰত আছে এইপিএছ, আইএমপিএছ, বিবিপিঅইউ আৰু ইউপিআইৰ সুবিধা। ইয়াৰ উপৰিও আৰ বি আইয়ে One97 Communications আৰু Paytm Payments Bank Services Limited ৰ ন’ডেল একাউণ্টসমূহ অতি সোনকালে বন্ধ কৰাৰ নিৰ্দেশ দিছে। লগতে বেংকক সকলো লেনদেন আৰু ন’ডেল একাউণ্ট নিষ্পত্তি কৰিবলৈ ১৫ মাৰ্চলৈকে সময় দিয়া হৈছে। ইয়াৰ পাছত কোনো লেনদেন গ্ৰহণ কৰা নহ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু