--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খেলত বয়স ফাকি দিয়াটো এতিয়া আৰু নতুন কথা হৈ থকা নাই। বয়স ফাকি দিয়াৰ কথা পিছত ধৰা পৰি বহু খেলুৱৈৱে খেলৰ পৰা বাহিৰ হোৱাৰো নজিৰ আছে ।এতিয়াৰে পৰা  কোনো ক্ৰিকেটাৰে তেওঁৰ বয়সৰ তথ্যকলৈ  কোনো ধৰণৰ খেলিমেলি কৰিব নোৱাৰিব। কিয়নো ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) এটা বিশেষ  ছফ্টৱেৰ  ব্যৱহাৰ কৰাৰ কথা চিন্তা কৰিছে। 

এই ছফ্টৱেৰে  খেলুৱৈ এজনৰ সঠিক বয়স ক'ব নিৰ্ধাৰণ কৰি দিব পাৰিব।।  বিভিন্ন স্তৰত বিচিচিআইয়ে বিভিন্ন প্ৰকাৰৰ শিবিৰৰ আয়োজন কৰি আহিছে। য'ত বহু খেলুৱৈয়ে বয়সৰ ভুৱা প্ৰমাণপত্ৰ দাখিল কৰি  অহাৰ অভিযোগ উঠিছে।বিচিচিআইয়ে যি ছফ্টৱেৰ ব্যৱহাৰ কৰাৰ কথা ভাবিছে  সেই ছফ্টৱেৰে বয়সৰ জালিয়াতি ধৰা পেলাব পাৰিব। এই ছফ্টৱেৰে সঠিক আৰু ভুল বয়সৰ তথ্য নিখুঁত ভাবে দিব পাৰিব আৰু  ইয়াৰ ব্যয় পূৰ্বৰ প্ৰযুক্তিতকৈ কম হ'ব। উল্লেখনীয় যে, বৰ্তমান, বিচিচিআইয়ে বয়স জানিবলৈ ব্যৱহাৰ কৰা 'টিডব্লিউথ্ৰী' প্ৰযুক্তিৰ মূল্য কিছু বেছি। ইয়াৰ বাবে অধিক সময়ো লাগে। আনহাতে এতিয়া পৰিষদে অনা ছফ্টৱেৰটোৰ প্ৰতিটো পৰীক্ষাত মাত্ৰ ২৮৮ টকা ব্যয় হ'ব। লগতে ফলাফলো তৎক্ষণা পোৱা যাব। 

ফলত  বিচিচিআইৰ চলিত বাজেটত বয়স ফাকি ধৰা পেলাবলৈ ব্যয় কৰা ধনৰ ৮০ শতাংশ লৈকে ৰাহি কৰিব পৰা যাব।সময়ৰ অপচয়ো ৰোধ হ'ব । ব'ৰ্ডৰ মতে, এতিয়ালৈকে কেৱল ৰাজ্যিক ক্ৰিকেট বোৰ্ডেহে খেলুৱৈসকলৰ বয়স জানিবলৈ পৰীক্ষা অনুষ্ঠিত কৰে। বিচিচিআইৰ পৰ্যবেক্ষকৰ উপস্থিতিত এই পৰীক্ষা অনুষ্ঠিত কৰা হয়। পৰীক্ষাটো সম্পন্ন হোৱাৰ পিছত, খেলুৱৈৰ  নমুনা বিশেষজ্ঞৰ ওচৰলৈ প্ৰেৰণ কৰা হয়, পিছত ইয়াৰ ফলাফল আহে। এই প্ৰক্ৰিয়াটোত তিনিৰ পৰা চাৰি দিন সময় লাগে। 

যিহেতু এই পৰীক্ষাটো সকলো ৰাজ্যৰ ক্ৰিকেট বোৰ্ডে পৰিচালনা কৰে, বেছি সংখ্যক নমুনাৰ বাবে, এটা ৰাজ্যিক সংস্থাৰ ফলাফল আহিবলৈ কমেও এমাহ বা তাতোকৈ অধিক সময় লাগে। কাৰণ এই নমুনাবোৰ পৰীক্ষা কৰা ৰেডিঅ'লজিষ্টৰ সংখ্যা সীমিত।  'হাড় বিশেষজ্ঞ' নামৰ এই ছফ্টৱেৰত বিচিচিআই আৰু ৰাজ্যিক সংস্থা উভয়ে একেলগে কাম কৰিব পাৰিব। উল্লেখ্য দেশত ক্ৰিকেটৰ ক্ষেত্ৰ খনত  বয়সৰ জালিয়াতিৰ ঘটনাটো প্ৰথমবাৰৰ বাবে ২০১৯ চনত পোহৰলৈ আহিছিল।

সেই সময়ত  জে এণ্ড কে ক্ৰিকেটাৰ ৰাশিখ আলমক ভুল জন্মৰ প্ৰমাণপত্ৰ দাখিল কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল। বিচিচিআইয়ে এই প্ৰৱঞ্চনাৰ বাবে তেওঁৰ ওপৰত দুবছৰৰ নিষেধাজ্ঞা আৰোপ কৰিছিল। ৰাশিখৰ উপৰিও অনুৰ্ধ-১৯ বিশ্বকাপৰ তাৰকা মনজ্যোত কালৰা আৰু অংকিত বাৱনেকো বয়স ফাকি দিয়াৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু