--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খেলত বয়স ফাকি দিয়াটো এতিয়া আৰু নতুন কথা হৈ থকা নাই। বয়স ফাকি দিয়াৰ কথা পিছত ধৰা পৰি বহু খেলুৱৈৱে খেলৰ পৰা বাহিৰ হোৱাৰো নজিৰ আছে ।এতিয়াৰে পৰা  কোনো ক্ৰিকেটাৰে তেওঁৰ বয়সৰ তথ্যকলৈ  কোনো ধৰণৰ খেলিমেলি কৰিব নোৱাৰিব। কিয়নো ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) এটা বিশেষ  ছফ্টৱেৰ  ব্যৱহাৰ কৰাৰ কথা চিন্তা কৰিছে। 

এই ছফ্টৱেৰে  খেলুৱৈ এজনৰ সঠিক বয়স ক'ব নিৰ্ধাৰণ কৰি দিব পাৰিব।।  বিভিন্ন স্তৰত বিচিচিআইয়ে বিভিন্ন প্ৰকাৰৰ শিবিৰৰ আয়োজন কৰি আহিছে। য'ত বহু খেলুৱৈয়ে বয়সৰ ভুৱা প্ৰমাণপত্ৰ দাখিল কৰি  অহাৰ অভিযোগ উঠিছে।বিচিচিআইয়ে যি ছফ্টৱেৰ ব্যৱহাৰ কৰাৰ কথা ভাবিছে  সেই ছফ্টৱেৰে বয়সৰ জালিয়াতি ধৰা পেলাব পাৰিব। এই ছফ্টৱেৰে সঠিক আৰু ভুল বয়সৰ তথ্য নিখুঁত ভাবে দিব পাৰিব আৰু  ইয়াৰ ব্যয় পূৰ্বৰ প্ৰযুক্তিতকৈ কম হ'ব। উল্লেখনীয় যে, বৰ্তমান, বিচিচিআইয়ে বয়স জানিবলৈ ব্যৱহাৰ কৰা 'টিডব্লিউথ্ৰী' প্ৰযুক্তিৰ মূল্য কিছু বেছি। ইয়াৰ বাবে অধিক সময়ো লাগে। আনহাতে এতিয়া পৰিষদে অনা ছফ্টৱেৰটোৰ প্ৰতিটো পৰীক্ষাত মাত্ৰ ২৮৮ টকা ব্যয় হ'ব। লগতে ফলাফলো তৎক্ষণা পোৱা যাব। 

ফলত  বিচিচিআইৰ চলিত বাজেটত বয়স ফাকি ধৰা পেলাবলৈ ব্যয় কৰা ধনৰ ৮০ শতাংশ লৈকে ৰাহি কৰিব পৰা যাব।সময়ৰ অপচয়ো ৰোধ হ'ব । ব'ৰ্ডৰ মতে, এতিয়ালৈকে কেৱল ৰাজ্যিক ক্ৰিকেট বোৰ্ডেহে খেলুৱৈসকলৰ বয়স জানিবলৈ পৰীক্ষা অনুষ্ঠিত কৰে। বিচিচিআইৰ পৰ্যবেক্ষকৰ উপস্থিতিত এই পৰীক্ষা অনুষ্ঠিত কৰা হয়। পৰীক্ষাটো সম্পন্ন হোৱাৰ পিছত, খেলুৱৈৰ  নমুনা বিশেষজ্ঞৰ ওচৰলৈ প্ৰেৰণ কৰা হয়, পিছত ইয়াৰ ফলাফল আহে। এই প্ৰক্ৰিয়াটোত তিনিৰ পৰা চাৰি দিন সময় লাগে। 

যিহেতু এই পৰীক্ষাটো সকলো ৰাজ্যৰ ক্ৰিকেট বোৰ্ডে পৰিচালনা কৰে, বেছি সংখ্যক নমুনাৰ বাবে, এটা ৰাজ্যিক সংস্থাৰ ফলাফল আহিবলৈ কমেও এমাহ বা তাতোকৈ অধিক সময় লাগে। কাৰণ এই নমুনাবোৰ পৰীক্ষা কৰা ৰেডিঅ'লজিষ্টৰ সংখ্যা সীমিত।  'হাড় বিশেষজ্ঞ' নামৰ এই ছফ্টৱেৰত বিচিচিআই আৰু ৰাজ্যিক সংস্থা উভয়ে একেলগে কাম কৰিব পাৰিব। উল্লেখ্য দেশত ক্ৰিকেটৰ ক্ষেত্ৰ খনত  বয়সৰ জালিয়াতিৰ ঘটনাটো প্ৰথমবাৰৰ বাবে ২০১৯ চনত পোহৰলৈ আহিছিল।

সেই সময়ত  জে এণ্ড কে ক্ৰিকেটাৰ ৰাশিখ আলমক ভুল জন্মৰ প্ৰমাণপত্ৰ দাখিল কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল। বিচিচিআইয়ে এই প্ৰৱঞ্চনাৰ বাবে তেওঁৰ ওপৰত দুবছৰৰ নিষেধাজ্ঞা আৰোপ কৰিছিল। ৰাশিখৰ উপৰিও অনুৰ্ধ-১৯ বিশ্বকাপৰ তাৰকা মনজ্যোত কালৰা আৰু অংকিত বাৱনেকো বয়স ফাকি দিয়াৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ