--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বিশ্ব চেম্পিয়নশ্বিপত দেশলৈ ৰূপৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হ’ল৷ চোপ্ৰাই বিশ্ব এথলীট চেম্পিয়নশ্বিপত ৮৮.১৩ মিটাৰ জেভলিন দলিয়াই ৰূপৰ পদক অৰ্জন কৰে৷ উল্লেখ্য যোৱা ১৯ টা  বছৰত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতে এটাও পদক লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। ১৯ বছৰীয়া  স্থৱিৰতাৰ অৱসান ঘটাই নিৰোজ চোপ্ৰাই ৰূপৰ পদক বিজয়েৰে দেশবাসীৰ মুখত পুনৰ হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে৷

অলিম্পিকৰ স্বৰ্ণ বিজয়ী তাৰকাগৰাকীয়ে এই পৰ্যায়ত  পদক অৰ্জন কৰা প্ৰথম ট্ৰেক এণ্ড ফিল্ড এথলীট হিচাপে পৰিগণিত হৈছে। এনেদৰেই তেওঁ ইতিহাস সৃষ্টি কৰিছে। উল্লেখ্য নীৰজে তেওঁৰ চতুৰ্থ থ্ৰোত ৰূপৰ পদক নিশ্চিত কৰিছিল।প্ৰতিযোগিতাত গ্ৰানাডাৰ এণ্ডাৰচন পিটাৰ্ছে ৯০.৫৪ মিটাৰ থ্ৰোৰে স্বৰ্ণ জয় কৰিছে। । তেওঁ  ৯০ মিটাৰতকৈ অধিক দূৰত্বতলৈ জেভলিন দলিয়াইছিল। চেক তাৰকা জাকুবে ৮০.০৯ মিটাৰ থ্ৰোৰে ব্ৰঞ্জ লাভ কৰিছে।

নীৰজ চোপ্ৰাই পুৱা প্ৰথম থ্ৰোটো ফাউল কৰিছিল। দ্বিতীয় আৰু তৃতীয় থ্ৰো ক্ৰমান্বয়ে ৮২.৩৯ মিটাৰ আৰু ৮৬.৩৭ মিটাৰত গৈছিল। চতুৰ্থ থ্ৰোত, ভাৰতীয় জেভলিন তাৰকাগৰাকীয়ে ৰূপৰ পদক নিশ্চিত কৰিবলৈ সক্ষম হয়। তেওঁ  ৮৮.১৩ মিটাৰ দূৰত্বতলৈ  জেভলিন দলিয়াই এই পদক লাভ কৰে। 

ইয়াৰ পূৰ্বে ২০০৩ চনত ভাৰতৰ হৈ শেষবাৰৰ বাবে লং জাম্পাৰ অঞ্জু ববি জৰ্জে  মেলবৰ্ণত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জিকিছিল।  ভাৰতীয় খেলুৱৈ হিচাপে প্ৰথমবাৰৰ বাবে  ৬.৭০ মিটাৰ জঁপিয়াইছিল তেওঁ উক্ত প্ৰতিযোগিতাত পদক অৰ্জন কৰিছিল। ১৯ বছৰ ধৰি আন কোনো ভাৰতীয় খেলুৱৈয়ে উক্ত প্ৰতিযোগিতাত পদকৰ মুখ দেখা নাছিল। 

এইবাৰ সেই স্থৱিৰতা ভংগ কৰিলে নিৰোজ চোপ্ৰাই৷ পুত্ৰই  ৰূপ জয় কৰাৰ পিছতে  আনন্দিত হৈ পৰা নিৰোজৰ মাতৃ  সৰোজ দেৱীয়ে কয়  "কঠোৰ পৰিশ্ৰমৰ ফল পোৱা গৈছে। মই জানিছিলো যে তেওঁ সঠিক পদক জিকিব। "নীৰজক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজু আৰু আন বহুতে অভিনন্দন জনাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু