--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বিশ্ব চেম্পিয়নশ্বিপত দেশলৈ ৰূপৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হ’ল৷ চোপ্ৰাই বিশ্ব এথলীট চেম্পিয়নশ্বিপত ৮৮.১৩ মিটাৰ জেভলিন দলিয়াই ৰূপৰ পদক অৰ্জন কৰে৷ উল্লেখ্য যোৱা ১৯ টা  বছৰত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতে এটাও পদক লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। ১৯ বছৰীয়া  স্থৱিৰতাৰ অৱসান ঘটাই নিৰোজ চোপ্ৰাই ৰূপৰ পদক বিজয়েৰে দেশবাসীৰ মুখত পুনৰ হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে৷

অলিম্পিকৰ স্বৰ্ণ বিজয়ী তাৰকাগৰাকীয়ে এই পৰ্যায়ত  পদক অৰ্জন কৰা প্ৰথম ট্ৰেক এণ্ড ফিল্ড এথলীট হিচাপে পৰিগণিত হৈছে। এনেদৰেই তেওঁ ইতিহাস সৃষ্টি কৰিছে। উল্লেখ্য নীৰজে তেওঁৰ চতুৰ্থ থ্ৰোত ৰূপৰ পদক নিশ্চিত কৰিছিল।প্ৰতিযোগিতাত গ্ৰানাডাৰ এণ্ডাৰচন পিটাৰ্ছে ৯০.৫৪ মিটাৰ থ্ৰোৰে স্বৰ্ণ জয় কৰিছে। । তেওঁ  ৯০ মিটাৰতকৈ অধিক দূৰত্বতলৈ জেভলিন দলিয়াইছিল। চেক তাৰকা জাকুবে ৮০.০৯ মিটাৰ থ্ৰোৰে ব্ৰঞ্জ লাভ কৰিছে।

নীৰজ চোপ্ৰাই পুৱা প্ৰথম থ্ৰোটো ফাউল কৰিছিল। দ্বিতীয় আৰু তৃতীয় থ্ৰো ক্ৰমান্বয়ে ৮২.৩৯ মিটাৰ আৰু ৮৬.৩৭ মিটাৰত গৈছিল। চতুৰ্থ থ্ৰোত, ভাৰতীয় জেভলিন তাৰকাগৰাকীয়ে ৰূপৰ পদক নিশ্চিত কৰিবলৈ সক্ষম হয়। তেওঁ  ৮৮.১৩ মিটাৰ দূৰত্বতলৈ  জেভলিন দলিয়াই এই পদক লাভ কৰে। 

ইয়াৰ পূৰ্বে ২০০৩ চনত ভাৰতৰ হৈ শেষবাৰৰ বাবে লং জাম্পাৰ অঞ্জু ববি জৰ্জে  মেলবৰ্ণত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জিকিছিল।  ভাৰতীয় খেলুৱৈ হিচাপে প্ৰথমবাৰৰ বাবে  ৬.৭০ মিটাৰ জঁপিয়াইছিল তেওঁ উক্ত প্ৰতিযোগিতাত পদক অৰ্জন কৰিছিল। ১৯ বছৰ ধৰি আন কোনো ভাৰতীয় খেলুৱৈয়ে উক্ত প্ৰতিযোগিতাত পদকৰ মুখ দেখা নাছিল। 

এইবাৰ সেই স্থৱিৰতা ভংগ কৰিলে নিৰোজ চোপ্ৰাই৷ পুত্ৰই  ৰূপ জয় কৰাৰ পিছতে  আনন্দিত হৈ পৰা নিৰোজৰ মাতৃ  সৰোজ দেৱীয়ে কয়  "কঠোৰ পৰিশ্ৰমৰ ফল পোৱা গৈছে। মই জানিছিলো যে তেওঁ সঠিক পদক জিকিব। "নীৰজক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজু আৰু আন বহুতে অভিনন্দন জনাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ