ডিজিটেল ডেস্ক: ভাৰত আৰু ইউৰোপীয়ান ইউনিয়নৰ মাজত ১৮ বছৰীয়া আলোচনাৰ পাছত কালি ঐতিহাসিক মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰা হয়। ভাৰত আৰু ইউৰোপীয়ান ইউনিয়নৰ নেতাসকলে কালি ষষ্ঠদশ ভাৰত-ইউৰোপীয়ান ইউনিয়ন শীর্ষ সন্মিলনৰ সময়ত এই ঘোষণা কৰে।
সংবাদ প্রতিষ্ঠান পি টি আই-এ প্রকাশ কৰা মতে, দুয়ো পক্ষৰ মাজৰ মুক্ত বাণিজ্য চুক্তি (এফ টি এ) অহা বছৰৰ পৰা কাৰ্যকৰী হ'ব। এই চুক্তি কার্যকৰী হোৱাৰ পাছত ভাৰতত ভালেমান সামগ্ৰীৰ দাম হ্রাস পাব। ভাৰত বর্তমান বিশ্বৰ চতুর্থ অর্থব্যৱস্থা আৰু ইউৰোপীয়ান ইউনিয়ন এই ক্ষেত্রত দ্বিতীয় স্থানত আছে। দুয়ো পক্ষৰ বিশ্বৰ মুঠ জি ডি পিলৈ অৰিহণা হ'ল প্রায় ২৫% অর্থাৎ এক তৃতীয়াংশ। দুয়োপক্ষৰ মাজত কালি স্বাক্ষৰিত এফ টি এক সর্ববৃহৎ, আটাইতকৈ তাৎপর্যপূর্ণ চুক্তি (মাদাৰ অব অল ডিচ্ছ) বুলি কোৱা হৈছে।
চুক্তিত স্বাক্ষৰ কৰাৰ পাছত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ইউৰোপীয়ান ইউনিয়নৰ সভাপতি উর্দুলা ভন ডেৰ লিয়েন আৰু ইউৰোপীয়ান কাউঞ্চিলৰ সভাপতি এন্টনিয়' লুইচ ছেণ্টোছ ডা কোষ্টাৰ সৈতে এখন যুটীয়া সংবাদমেলত সম্বোধন কৰে। নতুন দিল্লীৰ হায়দৰাবাদ হাউছত অনুষ্ঠিত হোৱা যুটীয়া সংবাদমেলত প্রধানমন্ত্রী মোদীয়ে কয়, 'কালি এক ঐতিহাসিক দিন আছিল, কিয়নো প্ৰথম বাৰৰ বাবে ইউৰোপীয়ান ইউনিয়নৰ নেতাসকলে ভাৰতৰ গণৰাজ্য দিৱসৰ সমাৰোহত মুখ্য অতিথিৰূপে অংশগ্রহণ কৰে। আজি বিশ্বৰ দুই সর্ববৃহৎ গণতান্ত্রিক শক্তিয়ে নিজৰ সম্পর্কত এক নির্ণায়ক অধ্যায় সংযোজিত কৰি আন এক ঐতিহাসিক ক্ষণৰ সৃষ্টি কৰিলে।'
প্রধানমন্ত্রীয়ে মুক্ত বাণিজ্য চুক্তিৰ পৰা হ'ব লগা লাভৰ বিষয়ে উল্লেখ কৰি কয়, 'এই ঐতিহাসিক চুক্তিৰ জৰিয়তে আমাৰ কৃষক, আমাৰ ক্ষুদ্র উদ্যোগ ইউৰোপৰ বজাৰলৈ যোৱাটো সহজ হৈ পৰিব, উৎপাদন খণ্ডত নতুন সুযোগৰ সৃষ্টি কৰিব আৰু আমাৰ সেৱাখণ্ডত সহযোগিতা অধিক শক্তিশালী কৰিব। ই কেৱল এক বাণিজ্যিক চুক্তি নহয়, ই উমৈহতীয়া সমৃদ্ধিৰ নতুন ব্লু প্রিন্ট।'
এই চুক্তিয়ে সেৱা খণ্ডকো লাভৱান কৰিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিশেষভাৱে তথ্য প্রযুক্তি, শিক্ষা, পৰম্পৰাগত চিকিৎসা আৰু বাণিজ্যিক সেৱা লাভবান হ'ব। প্রধানমন্ত্রীয়ে চুক্তিৰ বিষয়ে ঘোষণা কৰি কয়, 'আজি ভাৰতে নিজৰ ইতিহাসত এতিয়ালৈকে সর্ববৃহৎ মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰিলে। আজি ২৭তাৰিখ আৰু আজিৰ মধুৰ কাকতালীয় ঘটনাটো হ'ল আজিৰ দিনটোতে ইউৰোপীয়ান ইউনিয়নৰ ২৭খন দেশৰ সৈতে ভাৰতে এই এফ টি এ কৰিলে।' প্রধানমন্ত্রীয়ে লগতে কয়, 'ভাৰত আৰু ইউৰোপীয়ান ইউনিয়নৰ সহযোগ এক বিশ্ব পৰ্যায়ৰ সহযোগিতা ৰূপে পৰিগণিত হ'ব।
আমি ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ পৰা কেৰিবিয়ান দ্বীপপুঞ্জলৈকে ত্রিপাক্ষিক প্ৰকল্পৰ প্ৰসাৰ কৰিম। ইয়াৰ জৰিয়তে বহনক্ষম কৃষি, নির্মল শক্তি আৰু মহিলাৰ সৱলীকৰণৰ ক্ষেত্ৰত সমর্থন লাভ কৰিব আমাৰ দেশে।' প্রধানমন্ত্রীয়ে কয় যে ভাৰত আৰু ইউৰোপীয়ান ইউনিয়নৰ মাজৰ সহযোগিতাক এতিয়া সমাজৰ সহযোগিতালৈ সলনি কৰাৰ সময় হৈছে। এই ধাৰণাৰে কালি দুয়োপক্ষৰ মাজত মুক্ত বাণিজ্য চুক্তিক চূড়ান্ত ৰূপ দিয়া হয়।
প্রধানমন্ত্রীয়ে ভাৰত-ইউৰোপীয়ান ইউনিয়ন বিজনেছ ফ'ৰামতো ভাষণ দিয়ে। তেওঁ কয় যে এই চুক্তিৰ জৰিয়তে ভাৰতৰ শ্রমিক ভিত্তিক উৎপাদিত সামগ্রীয়ে ইউৰোপৰ বজাৰত সহজেই স্থান উলিয়াই ল'ব পাৰিব। বস্ত্ৰ, মণি-মুকুতা তথা আ-অলংকাৰ, বাহনৰ অংশ-পাতি আৰু অভিযান্ত্রিক সামগ্ৰীৰ লাভ হ'ব। শাক-পাচলি, প্রছেছ্ড খাদ্য আৰু সামুদ্রিক সামগ্ৰীৰ বাবে নতুন সুযোগৰ সৃষ্টি হ'ব আৰু মাছমৰীয়াসকল প্রত্যক্ষভাৱে লাভৱান হ'ব। মোদীয়ে কয়, 'বর্তমান বিশ্বৰ বাণিজ্যত যথেষ্ট পৰিৱৰ্তন হৈছে আৰু কোম্পানীসমূহে নিজৰ কৌশল তথা সহযোগিতাৰ বিষয়ে নতুনকৈ চিন্তা কৰিবলৈ লৈছে।
এনে সময়ত মুক্ত বাণিজ্য চুক্তি বাণিজ্য জগতৰ বাবে এক স্পষ্ট আৰু ইতিবাচক বার্তা। প্রধানমন্ত্রীয়ে কয় যে ভাৰত আৰু ইউৰোপীয়ান ইউনিয়ন বৃদ্ধি পোৱা ঘনিষ্ঠতা নিজে নিজে বৃদ্ধি পোৱা নাই। ভাৰত আৰু ইউৰোপ উভয়ে বজাৰ ভিত্তিক অর্থনীতি। উভয়ৰে মূল্যবোধ মিল আছে, বিশ্বত শান্তি আৰু সুস্থিৰতাক লৈ একেধৰণৰ চিন্তাধাৰা আৰু মুক্ত সমাজ হোৱা হেতুকে উভয়ৰ জনসাধাৰণৰ মাজত এক স্বাভাৱিক সম্পর্ক আছে। ইয়াৰ ভিত্তিতে এই চুক্তিৰ দিশত আগবঢ়া হয়।
মোদীয়ে কয় যে ভাৰত আৰু ইউৰোপীয়ান ইউনিয়নৰ সহযোগিতাক এতিয়া বিশ্বৰ ভিতৰত আটাইতকৈ প্রভাৱশালী সহযোগিতাৰূপে গণ্য কৰা হৈছে। যোৱা দহ বছৰত ভাৰত আৰু ইউৰোপৰ বাণিজ্য দুগুণ বৃদ্ধি পাই ১৮০০০ কোটি হৈছেগৈ। ভাৰতত ছয় হাজাৰতকৈ অধিক কোম্পানীয়ে কাম কৰি থকা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইউৰোপৰ পৰা ভাৰতত ১২০০০ কোটি ইউৰ' বিনিয়োগ কৰা হৈছে আৰু ভাৰতৰ প্ৰায় ১৫০০ কোম্পানীয়ে ইউৰোপীয়ান দেশত ব্যৱসায় কৰি আছে।
আনহাতে গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ইউৰোপীয়ান ইউনিয়নৰ নেতাসকল উপস্থিত থকাটো এটা উল্লেখনীয় ঘটনা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, 'ইউৰোপীয়ান ইউনিয়ন আৰু ইউৰোপীয়ান কাউঞ্চিলৰ সভাপতিদ্বয় ভাৰতলৈ অহাটো সাধাৰণ কূটনৈতিক ভ্রমণ নহয়। ই ভাৰত আৰু ইউৰোপীয়ান ইউনিয়নৰ সম্পৰ্কত এক নতুন যুগৰ সূচনা হোৱাৰ ইংগিত।' প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিষয়ে জনাই ভাৰত-ইউৰোপীয়ান ইউনিয়ন বিজনেছ ফৰামত কয় যে আজি ভাৰত-ইউৰোপীয়ান ইউনিয়ন মুক্ত বাণিজ্য চুক্তিক চূড়ান্ত ৰূপ দিয়া হয়।
প্রধানমন্ত্রীয়ে লগতে কয় যে ইউৰোপীয়ান ইউনিয়নত ভাৰতৰ বিনিয়োগ এতিয়া ৪০০০ কোটি ইউৰ' (প্রায় ৪ লাখ ৩৬ হাজাৰ কোটি টকা) হৈছেগৈ। এতিয়া ভাৰত আৰু ইউৰোপৰ কোম্পানীসমূহে গৱেষণা, উৎপাদন আৰু সেৱাকে ধৰি প্ৰতিটো খণ্ডতে মিলিজুলি কাম কৰি আছে আৰু ইয়াত ব্যৱসায়ৰ নেতৃত্ব দিয়া লোকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভাষণত মোদীয়ে কয় যে এতিয়া বাণিজ্য, দুর্লভ খনিজক অস্ত্ৰ কৰি লোৱা হৈছে।
ইউৰোপীয়ান আয়োগৰ উপসভাপতি কাজা কালাছে কয় যে বৈঠকৰ পৰিৱেশ অতি ইতিবাচক আছিল আৰু সকলোৱে বাণিজ্যিক সম্পর্কক লৈ আগ্রহী আছিল। তেওঁ কয় যে ফৰামৰ বৈঠকত কেৱল বাণিজ্যক লৈয়ে নহয়, বিশ্বৰ ৰাজনৈতিক বিষয়সমূহক লৈও আলোচনা কৰা হয়। তেওঁ কয় যে উভয় পক্ষই পলমকৈ হ'লেও এখন শক্তিশালী চুক্তিত স্বাক্ষৰ কৰে।
উৎসঃ দৈনিক জনমভূমি