--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • হাজাৰ হাজাৰ পৰ্যটক মানালী অভিমুখে যাত্ৰা কৰিছিল যদিও তুষাৰপাতে পৰ্যটকৰ বাবে হিতে বিপৰীত পৰিস্থিতিৰহে সৃষ্টি কৰিলে।

ডিজিটেল ডেস্ক: পৰ্যটকৰ বাবে ভূস্বৰ্গ-স্বৰূপ হিমাচল প্ৰদেশৰ মানালীত বছৰৰ প্ৰথম তুষাৰপাতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। হিমালয়ৰ পাদদেশৰ ৰাজ্যখনত বিশেষকৈ কুল্লু জিলাৰ মানালীত তিনি মাহৰ শুষ্কতাৰ পাছত শুকুৰবাৰৰ পৰা তুষাৰপাত আৰম্ভ হৈছিল। 


হাজাৰ হাজাৰ পৰ্যটক মানালী অভিমুখে যাত্ৰা কৰিছিল যদিও তুষাৰপাতে পৰ্যটকৰ বাবে হিতে বিপৰীত পৰিস্থিতিৰহে সৃষ্টি কৰিলে। প্রচণ্ড তুষাৰপাতৰ ফলত ৰাজ্যখনৰ ৬৮৫টা পথ বন্ধ হৈ পৰিছে। যাৰ ফলত হাজাৰ হাজাৰ যাত্ৰী দীর্ঘ সময় ধৰি নিজ বাহনতেই আবদ্ধ হৈ থাকিব লগা হৈছে। কোঠি আৰু মানালীৰ মাজত ৮ কিল'মিটাৰ দীঘল যান-জঁটৰ সৃষ্টি হয়। 


তদুপৰি ছিমলাৰ পৰা ১০ কিল'মিটাৰ দূৰত্বৰ ঢালিত পথত বৰফৰ ডাঠ আৱৰণ সৃষ্টি হোৱাত বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছে। ৰাজ্যখনত ২৮ জানুৱাৰী পর্যন্ত প্রচণ্ড বৰষুণ আৰু তুষাৰপাত হ'ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই ঘোষণা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু