--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অনুষ্কাৰ কোলা শুৱনি কৰিবলৈ আৰু বিৰাটৰ মন জুৰাবলৈ তেওঁলোকৰ দ্বিতীয়টো সন্তানে অচিৰেই দেখিব পৃথিৱীৰ প্ৰথম পোহৰ৷ যোৱা বছৰ অনুষ্কা শৰ্মা আৰু তেওঁৰ স্বামী, ক্ৰিকেট তাৰকা বিৰাট কোহলীয়ে তেওঁলোকৰ দ্বিতীয় সন্তানৰ আশা কৰিছিল বুলি বাতৰি পোৱা গৈছিল। 

শেহতীয়াকৈ ক্ৰিকেটাৰ তথা তেওঁলোকৰ বন্ধু এবি ডে ভিলিয়াৰ্চে পুৰণি গুজৱটো নিশ্চিত কৰি কয় যে বিৰাট তেওঁৰ পৰিয়ালৰ সৈতে থকাকৈ বিৰতি লৈ আহিছে আৰু এতিয়া অনুৰাগীসকলে অপেক্ষা কৰিব লাগিব৷

অনুষ্কা শৰ্মাই ক্ৰিকেটাৰ-স্বামী বিৰাট কোহলীৰ সৈতে তেওঁলোকৰ দ্বিতীয়টো সন্তানক আদৰণি জনোৱাৰ বাবে সাজু হৈছে। এই খবৰটো এবি ডে ভিলিয়াৰ্চে নিশ্চিত কৰিছে৷

ভিলিয়াৰ্চে শেহতীয়া এক সাক্ষাৎকাৰত বিৰাট কোহলীৰ সৈতে তেওঁৰ বাৰ্তা-বিনিময়ৰ বিষয়ে কথা পাতিছিল আৰু নিশ্চিত কৰিছিল যে ভাৰতৰ প্ৰাক্তন অধিনায়ক আৰু তেওঁৰ অভিনেতা-পত্নী অনুষ্কা শৰ্মাই তেওঁলোকৰ দ্বিতীয়টো সন্তান আশা কৰিছে৷

তেওঁ কয়, মই বিৰাটৰে কুশলবাৰ্তা বিনিময় কৰিছিলোঁ৷ আৰু বিৰাটে কৈছিল যে তেওঁ কুশলে আছে৷ আৰু এই মুহূৰ্তত মাত্ৰ তেওঁ তেওঁৰ পৰিয়ালৰ সৈতে থাকিব লাগিব বুলি সদৰী কৰিছিল৷ 

বিৰাটে ভিলিয়াৰ্চক লগতে কৈছিল, এয়া মোৰ পাৰিবাৰিক সময় আৰু সময়খিনিও মোৰ বাবে গুৰুত্বপূৰ্ণ।

অৱশ্যে, এবি ডেই যদিও এই খবৰ ৰাজহুৱা কৰিছে, তথাপি বিৰাট-অনুষ্কাই এই খবৰ নিশ্চিত কৰা নাই।
FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰাগ নিউজৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
পৰ্ণ জগতত ভৰি দিয়া নাই অর্চিতা ফুকনে
অসমীয়া সাহিত্যৰ বিশ্বমুখী যাত্রা, 'বুঢ়ী আইৰ সাধু'ৰ ওড়িয়া সংস্কৰণ উন্মোচন
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে