--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেশ্যনেল পেমেন্ট কৰ্প'ৰেশ্যন ইণ্ডিয়াই (এন পি চি আই) টোল কৰ আৰু ফাষ্টেগ নিয়মৰ কিছুমান সালসলনি কৰিছে। এই নতুন নিয়মসমূহ আজিৰ পৰা কাৰ্যকৰী কৰা হ'ব। 

এন পি চি আইৰ মতে, ইয়াৰ জৰিয়তে টোল কৰ আদায় কৰাটো সহজ কৰি তুলিবলৈ বিচৰা হৈছে। লগতে টোল বুথত যান-বাহনৰ চলাচলো সুচল হৈ পৰিব। নতুন নিয়ম অনুসৰি, যদি ফাষ্টেগ 'ৰীড' হোৱাৰ এঘণ্টা আগতে বা ৰীড হোৱাৰ দহ মিনিটৰ পাছলৈকে ব্লেক লিস্টেড হৈ থাকে তেতিয়া টোল কৰ সংগ্ৰহ অগ্রাহ্য কৰা হ'ব। ইয়াৰ লগতে ফাষ্টেগ বেলেন্স কম হ'লে বা কোনো কাৰণত ফাষ্টেগ ব্লক হৈ থাকিলেও টোল প্লাজাত টোল কৰ সংগ্ৰহ অগ্রাহ্য কৰা হ'ব। এই নিয়মসমূহ অৱহেলা কৰা যান-বাহনৰ মালিকে জৰিমনাৰ ৰূপত দুগুণ টোল কৰ দিব লাগিব। 

এই নতুন নিয়মৰ অধীনত গাড়ীৰ মালিকে তেওঁৰ গাড়ীৰ ফাষ্টেগত জমা থকা ধনৰ বিষয়ে আগতীয়াকৈ জানিব পাৰিব আৰু সময়মতে ফাষ্টেগ ৰিচাৰ্জ কৰাত সুবিধা হ'ব। 

উল্লেখযোগ্য যে ফাষ্টেগ ৰীড হোৱাৰ এঘণ্টাৰ আগতে বা ৰীড হোৱাৰ দহ মিনিটৰ পাছলৈকে ব্লেক লিষ্টেড হৈ থকাৰ কাৰণ হ'ল ফাষ্টেগত জমা ধন কম থকা বা কোনো কাৰণত ফাষ্টেগ ব্লক হৈ থকা।

(উৎসঃ দৈনিক জনমভূমি)

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ