--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেংকে ৫০ টকীয়া নোট সন্দৰ্ভত নতুন তথ্য প্ৰকাশ কৰিছে। শীঘ্ৰে দেশৰ কেন্দ্ৰীয় বেংকে জাৰি কৰিব নতুন ৫০ টকীয়া নোট। কিন্তু এই নোটসমূহত আৰবিআইৰ নতুন গভৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ স্বাক্ষৰ থাকিব।

ভাৰতীয় ৰিজাৰ্ভ বেংকে শীঘ্ৰে নৱনিযুক্ত গভৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ স্বাক্ষৰ থকা ৫০ টকীয়া নোট জাৰি কৰিব। ২০২৪ চনৰ ডিচেম্বৰ মাহত শক্তিকান্ত দাসৰ ঠাই লৈছিল মালহোত্ৰাই।
বুধবাৰে কেন্দ্ৰীয় বেংকে এক বিবৃতিত কয় যে এই নোটসমূহৰ ডিজাইন মহাত্মা গান্ধী (নতুন) ছিৰিজৰ ৫০ টকীয়া নোটৰ দৰেই হ’ব। ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা পুৰণি সকলো ৫০ টকীয়া নোট বৈধ হৈ থাকিব।

কিয় সলনি কৰিব লগা হ'ল ৫০ টকীয়া নোট ?

বেংক নোটত আৰবিআইৰ গভৰ্ণৰৰ স্বাক্ষৰ সলনি কৰাটো আৰবিআইৰ এক সচৰাচৰ চলি থকা প্ৰক্ৰিয়া । যেতিয়া এজন নতুন গভৰ্ণৰে কাৰ্যভাৰ গ্ৰহণ কৰে, আৰবিআইয়ে নতুন গভৰ্ণৰৰ দ্বাৰা স্বাক্ষৰিত নতুন নোট জাৰি কৰে আৰু একেদৰে পুৰণি নোটবোৰৰ প্ৰচলনো অব্যাহত থাকে ।

আপোনালোকক জনাও যে ২০২২ চনতেই সঞ্জয় মালহোত্ৰাক কেন্দ্ৰীয় চৰকাৰে আৰ বি আইৰ গভৰ্ণৰ পদৰ বাবে মনোনীত কৰিছিল। এতিয়ালৈকে তেওঁ বিত্তীয় সেৱা বিভাগৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

সঞ্জয় মালহোত্ৰা ৰাজস্থান কেডাৰৰ ১৯৯০ বেচৰ জ্যেষ্ঠ বিষয়া। ২০২০ চনৰ নৱেম্বৰ মাহত তেওঁক আৰ ই চিৰ অধ্যক্ষ আৰু এম ডি নিযুক্তি দিয়া হয়। কিছুদিন শক্তি মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব হিচাপেও কাম কৰিছে তেওঁ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ