--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেংকে ৫০ টকীয়া নোট সন্দৰ্ভত নতুন তথ্য প্ৰকাশ কৰিছে। শীঘ্ৰে দেশৰ কেন্দ্ৰীয় বেংকে জাৰি কৰিব নতুন ৫০ টকীয়া নোট। কিন্তু এই নোটসমূহত আৰবিআইৰ নতুন গভৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ স্বাক্ষৰ থাকিব।

ভাৰতীয় ৰিজাৰ্ভ বেংকে শীঘ্ৰে নৱনিযুক্ত গভৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ স্বাক্ষৰ থকা ৫০ টকীয়া নোট জাৰি কৰিব। ২০২৪ চনৰ ডিচেম্বৰ মাহত শক্তিকান্ত দাসৰ ঠাই লৈছিল মালহোত্ৰাই।
বুধবাৰে কেন্দ্ৰীয় বেংকে এক বিবৃতিত কয় যে এই নোটসমূহৰ ডিজাইন মহাত্মা গান্ধী (নতুন) ছিৰিজৰ ৫০ টকীয়া নোটৰ দৰেই হ’ব। ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা পুৰণি সকলো ৫০ টকীয়া নোট বৈধ হৈ থাকিব।

কিয় সলনি কৰিব লগা হ'ল ৫০ টকীয়া নোট ?

বেংক নোটত আৰবিআইৰ গভৰ্ণৰৰ স্বাক্ষৰ সলনি কৰাটো আৰবিআইৰ এক সচৰাচৰ চলি থকা প্ৰক্ৰিয়া । যেতিয়া এজন নতুন গভৰ্ণৰে কাৰ্যভাৰ গ্ৰহণ কৰে, আৰবিআইয়ে নতুন গভৰ্ণৰৰ দ্বাৰা স্বাক্ষৰিত নতুন নোট জাৰি কৰে আৰু একেদৰে পুৰণি নোটবোৰৰ প্ৰচলনো অব্যাহত থাকে ।

আপোনালোকক জনাও যে ২০২২ চনতেই সঞ্জয় মালহোত্ৰাক কেন্দ্ৰীয় চৰকাৰে আৰ বি আইৰ গভৰ্ণৰ পদৰ বাবে মনোনীত কৰিছিল। এতিয়ালৈকে তেওঁ বিত্তীয় সেৱা বিভাগৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

সঞ্জয় মালহোত্ৰা ৰাজস্থান কেডাৰৰ ১৯৯০ বেচৰ জ্যেষ্ঠ বিষয়া। ২০২০ চনৰ নৱেম্বৰ মাহত তেওঁক আৰ ই চিৰ অধ্যক্ষ আৰু এম ডি নিযুক্তি দিয়া হয়। কিছুদিন শক্তি মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব হিচাপেও কাম কৰিছে তেওঁ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু