--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেটিএম পেমেণ্টবেংকৰ (পিপিবিএল) ওপৰত নিয়ন্ত্ৰণ নিশ্চিত কৰিবলৈ আৰবিআইৰ নিৰ্দেশৰ পিছতে পেটিএমৰ বাবে বহু  সমস্যাৰ সৃষ্টি হৈছে। এতিয়া  ফাষ্টটেগ প্ৰদান কৰা ৩২ টাকৈ বেংকৰ তালিকাত নাই পেটিএমৰ নাম। গতিকে পেটিএম ব্যৱহাৰ কৰি এতিয়া আৰু কোনেও উক্ত ৩২ চা বেংকৰ পৰা ফাষ্টটেগ ক্ৰয় কৰিব নোৱাৰিব। 

শেহতীয়া খবৰ অনুসৰি  ঘাইপথ টোল কৰ্তৃপক্ষই নতুন ফাষ্টটেগ জাৰি কৰিব পৰা কৰ্তৃত্বপ্ৰাপ্ত বেংকৰ তালিকাৰ পৰা পেটিএম পেমেণ্ট বেংকৰ নাম  আঁতৰাই দিছে। পথ ঘাইপথ টোল কৰ্তৃপক্ষই পৰামৰ্শ দিছে যে ব্যৱহাৰকাৰীসকলে অনুমোদিত বেংকৰ পৰাহে ফাষ্টটেগ ল'ব লাগিব। 

ইতিমধ্যে ৩২  টা বেংকৰ এখন তালিকা নিৰ্ধাৰণ কৰি দিয়া হৈছে।  ২০ মিলিয়নতকৈও অধিক পেটিএম ফাষ্টটেগ ব্যৱহাৰকাৰীয়ে এতিয়া নতুন আৰএফআইডি ষ্টিকাৰ গ্ৰহণ কৰিব লাগিব। ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে কেইদিনমান পূৰ্বে  পেটিএম পেমেণ্ট বেংকক (পিপিবিএল) বহু কেইটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছিল ।পেটিএম পেমেণ্ট বেংকে ৰিজাৰ্ভ বেংকৰ বহু নিৰ্দেশনা মানি নচলাৰ বাবেই ৰিজাৰ্ভ বেংকে পেটিএম পেমেণ্ট বেংকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু