--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় মূলৰ আমেৰিকান কাছ পেটেল আনুষ্ঠানিকভাৱে ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যন (এফ বি আই)ৰ নৱম সঞ্চালক হিচাপে পৰিগণিত হৈছে। শুকুৰবাৰে ৱাশ্বিংটন ডি চিত তেওঁ ভাগৱত গীতাত হাত থৈ শপত গ্ৰহণ কৰে।

সংবাদ মাধ্যম অনুসৰি, আমেৰিকাৰ এটৰ্নি জেনেৰেল পাম বণ্ডিয়ে আইজেনহাৱাৰ কাৰ্যবাহী কাৰ্যালয় ভৱনত কাশ পেটেলক শপত বাক্য পাঠ কৰায় । তেওঁক ক্ৰিষ্টোফাৰ ৰাইৰ উত্তৰসুৰী তথা এফ বি আইৰ নৱম সঞ্চালক হিচাপে আমেৰিকান ছিনেটে অনুমোদন জনায় ।

ৱাশ্বিংটন ডি চিৰ হোৱাইট হাউছৰ ইণ্ডিয়ান ট্ৰিটি ৰুমত অনুষ্ঠিত এক অনুষ্ঠানত শপত গ্ৰহণ কৰাৰ পিছত পেটেলে আমেৰিকাৰ প্ৰশংসা কৰি কয় যে তেওঁৰ সপোন আন কোনো দেশত কেতিয়াও বাস্তৱায়িত হ’ব নোৱাৰিলেহেঁতেন। 

তেওঁ কয় "এজন প্ৰথম প্ৰজন্মৰ ভাৰতীয়ই পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰৰ আইন প্ৰৱৰ্তনকাৰী সংস্থাক নেতৃত্ব দিবলৈ ওলাইছে ।মই আমেৰিকাৰ সপোনত জীয়াই আছো আৰু যিসকলে ভাবে যে আমেৰিকাৰ সপোনৰ মৃত্যু হৈছে, তেওঁলোকে ইয়াতে চাই লওক । আপোনালোকে এজন প্ৰথম প্ৰজন্মৰ ভাৰতীয়ৰ সৈতে কথা পাতি আছে, যিয়ে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰৰ আইন প্ৰৱৰ্তনকাৰী সংস্থাৰ নেতৃত্ব দিবলৈ ওলাইছে । এয়া আন ক'তো সম্ভৱ নহয় ।"

তেওঁ এফ বি আইৰ ভিতৰত দায়বদ্ধতা নিশ্চিত কৰাৰ বাবেও দৃঢ় প্ৰতিশ্ৰুতি প্ৰদান কৰে । পেটেলে কয়, "মই প্ৰতিশ্ৰুতি দিছো যে এফ বি আইৰ ভিতৰত আৰু বাহিৰতো ইয়াৰ দায়বদ্ধতা থাকিব ।" ইফালে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে কাশ পেটেলৰ প্ৰতি তেওঁৰ সম্পূৰ্ণ সমৰ্থন ব্যক্ত কৰি তেওঁক এজন 'কঠোৰ, শক্তিশালী' ব্যক্তি বুলি অভিহিত কৰে ।

কাশ পেটেলক এফ বি আইৰ সঞ্চালক হিচাপে নিযুক্তি দিয়াৰ বাবে বৃহস্পতিবাৰে আমেৰিকাৰ চেনেটে অনুমোদন জনায়। কিন্তু তেওঁৰ মনোনয়নৰ বিৰোধিতা কৰে ডেম’ক্ৰেট দলৰ লগতে ৰিপাব্লিকান দলৰ দুগৰাকী চিনেটৰ লিজা মুৰ্ক’ভস্কি আৰু চুজান কলিন্সেও। ইয়াৰ পিছতো পেটেলৰ নিযুক্তিত ৫১টা ভোটৰ বিপৰীতে ৪৯টা ভোটত অনুমোদন লাভ কৰে।

কাশ পেটেল নিউয়ৰ্কৰ বাসিন্দা আৰু তেওঁক ড’নাল্ড ট্ৰাম্পৰ অন্যতম ঘনিষ্ঠ সহযোগী হিচাপে গণ্য কৰা হয়। কাশ পেটেলৰ পিতৃ-মাতৃ ভাৰতৰ গুজৰাটৰ। কাশ পেটেলৰ শিপা গুজৰাটৰ আনন্দ জিলাৰ ভদ্ৰান গাঁৱৰ পৰাই উদ্ভৱ হৈছে। এনডিটিভিৰ প্ৰতিবেদন অনুসৰি গুজৰাটৰ পাটিদাৰ সম্প্ৰদায়ৰ নেতাসকলে কয় যে পেটেলৰ পৰিয়ালটো ভদ্ৰান গাঁৱৰ মতি খাদকী অঞ্চলত বাস কৰিছিল আৰু প্ৰায় ৭০ বছৰ পূৰ্বে উগাণ্ডালৈ প্ৰব্ৰজন কৰিছিল। ভদ্ৰানত থকা পৈতৃক ঘৰটো তেওঁ বিক্ৰী কৰে। পেটেলৰ পৰিয়ালৰ সকলো সদস্য এতিয়া বহিঃৰাজ্যত।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ