--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় মূলৰ আমেৰিকান কাছ পেটেল আনুষ্ঠানিকভাৱে ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যন (এফ বি আই)ৰ নৱম সঞ্চালক হিচাপে পৰিগণিত হৈছে। শুকুৰবাৰে ৱাশ্বিংটন ডি চিত তেওঁ ভাগৱত গীতাত হাত থৈ শপত গ্ৰহণ কৰে।

সংবাদ মাধ্যম অনুসৰি, আমেৰিকাৰ এটৰ্নি জেনেৰেল পাম বণ্ডিয়ে আইজেনহাৱাৰ কাৰ্যবাহী কাৰ্যালয় ভৱনত কাশ পেটেলক শপত বাক্য পাঠ কৰায় । তেওঁক ক্ৰিষ্টোফাৰ ৰাইৰ উত্তৰসুৰী তথা এফ বি আইৰ নৱম সঞ্চালক হিচাপে আমেৰিকান ছিনেটে অনুমোদন জনায় ।

ৱাশ্বিংটন ডি চিৰ হোৱাইট হাউছৰ ইণ্ডিয়ান ট্ৰিটি ৰুমত অনুষ্ঠিত এক অনুষ্ঠানত শপত গ্ৰহণ কৰাৰ পিছত পেটেলে আমেৰিকাৰ প্ৰশংসা কৰি কয় যে তেওঁৰ সপোন আন কোনো দেশত কেতিয়াও বাস্তৱায়িত হ’ব নোৱাৰিলেহেঁতেন। 

তেওঁ কয় "এজন প্ৰথম প্ৰজন্মৰ ভাৰতীয়ই পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰৰ আইন প্ৰৱৰ্তনকাৰী সংস্থাক নেতৃত্ব দিবলৈ ওলাইছে ।মই আমেৰিকাৰ সপোনত জীয়াই আছো আৰু যিসকলে ভাবে যে আমেৰিকাৰ সপোনৰ মৃত্যু হৈছে, তেওঁলোকে ইয়াতে চাই লওক । আপোনালোকে এজন প্ৰথম প্ৰজন্মৰ ভাৰতীয়ৰ সৈতে কথা পাতি আছে, যিয়ে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰৰ আইন প্ৰৱৰ্তনকাৰী সংস্থাৰ নেতৃত্ব দিবলৈ ওলাইছে । এয়া আন ক'তো সম্ভৱ নহয় ।"

তেওঁ এফ বি আইৰ ভিতৰত দায়বদ্ধতা নিশ্চিত কৰাৰ বাবেও দৃঢ় প্ৰতিশ্ৰুতি প্ৰদান কৰে । পেটেলে কয়, "মই প্ৰতিশ্ৰুতি দিছো যে এফ বি আইৰ ভিতৰত আৰু বাহিৰতো ইয়াৰ দায়বদ্ধতা থাকিব ।" ইফালে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে কাশ পেটেলৰ প্ৰতি তেওঁৰ সম্পূৰ্ণ সমৰ্থন ব্যক্ত কৰি তেওঁক এজন 'কঠোৰ, শক্তিশালী' ব্যক্তি বুলি অভিহিত কৰে ।

কাশ পেটেলক এফ বি আইৰ সঞ্চালক হিচাপে নিযুক্তি দিয়াৰ বাবে বৃহস্পতিবাৰে আমেৰিকাৰ চেনেটে অনুমোদন জনায়। কিন্তু তেওঁৰ মনোনয়নৰ বিৰোধিতা কৰে ডেম’ক্ৰেট দলৰ লগতে ৰিপাব্লিকান দলৰ দুগৰাকী চিনেটৰ লিজা মুৰ্ক’ভস্কি আৰু চুজান কলিন্সেও। ইয়াৰ পিছতো পেটেলৰ নিযুক্তিত ৫১টা ভোটৰ বিপৰীতে ৪৯টা ভোটত অনুমোদন লাভ কৰে।

কাশ পেটেল নিউয়ৰ্কৰ বাসিন্দা আৰু তেওঁক ড’নাল্ড ট্ৰাম্পৰ অন্যতম ঘনিষ্ঠ সহযোগী হিচাপে গণ্য কৰা হয়। কাশ পেটেলৰ পিতৃ-মাতৃ ভাৰতৰ গুজৰাটৰ। কাশ পেটেলৰ শিপা গুজৰাটৰ আনন্দ জিলাৰ ভদ্ৰান গাঁৱৰ পৰাই উদ্ভৱ হৈছে। এনডিটিভিৰ প্ৰতিবেদন অনুসৰি গুজৰাটৰ পাটিদাৰ সম্প্ৰদায়ৰ নেতাসকলে কয় যে পেটেলৰ পৰিয়ালটো ভদ্ৰান গাঁৱৰ মতি খাদকী অঞ্চলত বাস কৰিছিল আৰু প্ৰায় ৭০ বছৰ পূৰ্বে উগাণ্ডালৈ প্ৰব্ৰজন কৰিছিল। ভদ্ৰানত থকা পৈতৃক ঘৰটো তেওঁ বিক্ৰী কৰে। পেটেলৰ পৰিয়ালৰ সকলো সদস্য এতিয়া বহিঃৰাজ্যত।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু