--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : ফেচবুকত বিদায় বাৰ্তা দি মৃত্যুক সাবটি ল’লে এগৰাকী ক’ভিড আক্ৰান্ত চিকিৎসকে। সোমবাৰে নিশা ৫১বছৰীয়া চিকিৎসকগৰাকীৰ মৃত্যু হয়। তাৰ কেইঘণ্টামানৰ পূৰ্বে তেওঁ নিজৰ মৃত্যুৰ আশংকা কৰি ফেচবুকত পোষ্ট দিছিল। চিকিৎসকগৰাকী হৈছে ডাঃ মনীষা যাদৱ। মুম্বাইৰ ছেৱৰী টিবি হাস্পতালৰ মুখ্য স্বাস্থ্য বিষয়া আছিল যাদৱ। দেওবাৰে যক্ষ্মা ৰোগৰ বিশেষজ্ঞগৰাকীয়ে এটা ফেচবুক পোষ্ট দি আশংকা প্ৰকাশ কৰিছিল যে, তেওঁ হয়তো বাছি নাথাকিব।

আৰু পঢ়িব পাৰিব:ক’ভিডৰ ভয়ংকৰ ৰূপ : তাৰ মাজতে আইচিএমআৰ-এ দিছে সুখবৰ

তাৰ প্ৰায় ৩৬ ঘণ্টাৰ পাছত তেওঁৰ মৃত্যু হয়। চিকিৎসকগৰাকীৰ এই কৰুণ মৃত্যুৰ পাছতে আন ভালেকেইগৰাকী চিকিৎসকে শোক প্ৰকাশ কৰিছে। কেইবাগৰাকীও চিকিৎসকে এই অসহায় মৃত্যুক লৈ অসহায়তা প্ৰকাশ কৰিছে। মুম্বাইৰ এগৰাকী চিকিৎসক ডাঃ তৃপ্তি গিলাডাই দিয়া এটা ভিডিঅ’ মেছেজত কয় যে, ‘আমি অসহায়। ইয়াৰ পূৰ্বে আমি এনে পৰিস্থিতিৰ সন্মুখীন হোৱা নাছিলোঁ। মানুহ এতিয়া ভীত-সন্ত্ৰস্ত হৈ পৰিছে।’

আৰু পঢ়িব পাৰিব:দেশত নাটনিৰ মাজতে অক্সিজেন ৰপ্তানিত ভাৰতৰ অভিলেখ!

ভাইৰেল হৈ পৰা এই বাৰ্তাত তেওঁ লগতে কয় যে, ‘মোৰ হৃদয় ভাঙি গৈছে। হয়তো যদি মই ক’ব পাৰিলোঁহেঁতেন কিহে মোক সন্ত্ৰস্ত কৰিছে… যদিহে মই তোমাক সহায় কৰিব পাৰিলোঁহেঁতেন, মই বহুত শান্তি পালোঁহেঁতেন।’ আনৰ জীৱন ৰক্ষাৰ যুঁজত দিন ৰাতি একাকাৰ কৰা চিকিৎসক এগৰাকী এই অসহায় মৃত্যুৱে আজিৰ সময়ৰ কঠিন বাস্তৱকে যেন উদঙাই দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ