--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ক’ভিড আক্ৰান্ত হৈ কোৱাৰেণ্টাইন হৈ থকা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মোদী চৰকাৰৰ বিৰুদ্ধে নিজৰ আক্ৰমণাত্মক ভূমিকা অব্যাহত ৰাখিছে। দেশৰ স্বাস্থ্যখণ্ডলৈ অহা এই বৃহৎ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাত চৰকাৰৰ ব্যৰ্থতাৰ প্ৰসংগৰে প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰে ৰাহুলে। ক’ভিড সংক্ৰমণে অধিক দ্ৰুততা লাভ কৰি থকাৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ ভূমিকাক লৈ প্ৰশ্ন তোলে ৰাহুলে।

আৰু পঢ়িব পাৰিব:ক’ভিডৰ ভয়ংকৰ ৰূপ : তাৰ মাজতে আইচিএমআৰ-এ দিছে সুখবৰ

টুইটাৰত ৰাহুলে লিখিছে, ‘মই ঘৰতে কোৱাৰেণ্টাইন হৈ আছোঁ আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰকাশ হৈ থকা কৰুণ কাহিনীবোৰ মোৰ দৃষ্টিগোচৰ হৈ আছে। ভাৰতে কেৱল কৰ’না ভাইৰাছৰ সংকটৰ গৰাহত পৰা নাই বৰং চৰকাৰৰ জনগণবিৰোধী ৰাজনীতিৰো আঘাতৰ সন্মুখীন হৈছে। দেশে এতিয়া অন্তঃসাৰশূন্য ভাষণ আৰু অৰ্থহীন উৎসৱ নিবিচাৰে… ভাৰতে এতিয়া এটা সমাধান বিচাৰে।’ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদগৰাকীয়ে হিন্দীত কৰা টুইটটোত প্ৰধানমন্ত্ৰীক কটাক্ষ কৰে। উল্লেখ্য যে, কেইদিনমানৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ কৰ’না পৰিস্থিতিক লৈ দেশক সম্বোধন কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ