--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি বহু মানুহেই ফেংছুইৰ লগত জড়িত বহু বস্তু ঘৰত ৰাখি ভাল পায়। ফেংছুইত লাভ বাৰ্ড, লাফিং বুদ্ধ, ক্ৰিষ্টেল, কাছ আৰু উইণ্ড চিম আদি বহুতো বস্তুক অতি শুভ বুলি গণ্য কৰা হয়। ফেংছুইৰ মতে এই সকলোবোৰ বস্তু ঘৰত ৰখাটো অতি শুভ বুলি গণ্য কৰা হয় আৰু এই বস্তুবোৰে ঘৰখনলৈ ইতিবাচক শক্তি কঢ়িয়াই আনে।

ফেংছুইত বহুতো উপায় আছে, যাৰ দ্বাৰা আপুনি আপোনাৰ সম্পৰ্ক আৰু প্ৰেম বৃদ্ধি কৰিব পাৰে। যদি আপুনি অবিবাহিত তেন্তে আপুনি বিশেষ কথাত ধ্যান ৰখা উচিত। 

অবিবাহিত লোকে এইবোৰ বস্তু নিজৰ শোৱা কোঠাত ৰাখিব নালাগে-

১)যদি আপুনি বিবাহিত নহয় তেন্তে শোৱনি কোঠাত কেতিয়াও টিভি, কম্পিউটাৰ নাৰাখিব। কাৰণ ই যোগাযোগৰ ক্ষেত্ৰত বহুতো সমস্যাৰ সৃষ্টি কৰে।

২)যদি আপোনাৰ শোৱা কোঠাত কিবা এটা বিভাজন আছে, আপোনাৰ চিলিঙৰ মাজৰ পৰা যদি ৰশ্মি পাৰ হয় বা আপোনাৰ বিচনাত যদি দুখন তুলি আছে তেন্তে এইবোৰে ঋণাত্মক শক্তি যোগ কৰে। ফেংছুইৰ মতে আপোনাৰ বিচনাত মাত্ৰ এখন তুলিহে থাকিব লাগে। ই নেতিবাচকতা আঁতৰাই প্ৰেমৰ সম্পৰ্কত মধুৰতা আনে।

৩)যদি বিবাহিত নহয় তেন্তে শোৱা কোঠাত নদী, পুখুৰী, জলপ্ৰপাত আদিৰ ছবি ৰাখিব নালাগে।

৪)নিশ্চিত হওক যে শৌচাগাৰৰ দুৱাৰখন যাতে পোনে পোনে আপোনাৰ বিচনাৰ সন্মুখত নহয়। যদি আছে তেন্তে দুৱাৰ সদায় বন্ধ কৰি ৰাখক।

৫)শোৱনি কোঠাৰ আইনাখন এনে ঠাইত ৰাখিব লাগে য’ত আপুনি আপোনাৰ বিচনাখন দেখা নাপায়। কিন্তু যদি আপোনাৰ আইনাখন বিচনাৰ কাষত ৰাখিছে তেন্তে সদায় ঢাকি ৰাখিব লাগে। নহ’লে ইয়াৰ বাবে আপোনাৰ সম্পৰ্কত কাজিয়া বাঢ়িব পাৰে।

৬)ছিংগলসকলে এইটোও লক্ষ্য ৰাখিব লাগে যাতে আপোনাৰ বিচনাৰ কোণ খিৰিকী বা বেৰৰ কাষত নাথাকে। ই ঘৰখনত ঋণাত্মক শক্তি বৃদ্ধি কৰে।

এইবোৰ নিয়ম ভংগ কৰিলে বিবাহত পলম হয় বুলি ফেংছুইত বিশ্বাস কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ