--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি বহু মানুহেই ফেংছুইৰ লগত জড়িত বহু বস্তু ঘৰত ৰাখি ভাল পায়। ফেংছুইত লাভ বাৰ্ড, লাফিং বুদ্ধ, ক্ৰিষ্টেল, কাছ আৰু উইণ্ড চিম আদি বহুতো বস্তুক অতি শুভ বুলি গণ্য কৰা হয়। ফেংছুইৰ মতে এই সকলোবোৰ বস্তু ঘৰত ৰখাটো অতি শুভ বুলি গণ্য কৰা হয় আৰু এই বস্তুবোৰে ঘৰখনলৈ ইতিবাচক শক্তি কঢ়িয়াই আনে।

ফেংছুইত বহুতো উপায় আছে, যাৰ দ্বাৰা আপুনি আপোনাৰ সম্পৰ্ক আৰু প্ৰেম বৃদ্ধি কৰিব পাৰে। যদি আপুনি অবিবাহিত তেন্তে আপুনি বিশেষ কথাত ধ্যান ৰখা উচিত। 

অবিবাহিত লোকে এইবোৰ বস্তু নিজৰ শোৱা কোঠাত ৰাখিব নালাগে-

১)যদি আপুনি বিবাহিত নহয় তেন্তে শোৱনি কোঠাত কেতিয়াও টিভি, কম্পিউটাৰ নাৰাখিব। কাৰণ ই যোগাযোগৰ ক্ষেত্ৰত বহুতো সমস্যাৰ সৃষ্টি কৰে।

২)যদি আপোনাৰ শোৱা কোঠাত কিবা এটা বিভাজন আছে, আপোনাৰ চিলিঙৰ মাজৰ পৰা যদি ৰশ্মি পাৰ হয় বা আপোনাৰ বিচনাত যদি দুখন তুলি আছে তেন্তে এইবোৰে ঋণাত্মক শক্তি যোগ কৰে। ফেংছুইৰ মতে আপোনাৰ বিচনাত মাত্ৰ এখন তুলিহে থাকিব লাগে। ই নেতিবাচকতা আঁতৰাই প্ৰেমৰ সম্পৰ্কত মধুৰতা আনে।

৩)যদি বিবাহিত নহয় তেন্তে শোৱা কোঠাত নদী, পুখুৰী, জলপ্ৰপাত আদিৰ ছবি ৰাখিব নালাগে।

৪)নিশ্চিত হওক যে শৌচাগাৰৰ দুৱাৰখন যাতে পোনে পোনে আপোনাৰ বিচনাৰ সন্মুখত নহয়। যদি আছে তেন্তে দুৱাৰ সদায় বন্ধ কৰি ৰাখক।

৫)শোৱনি কোঠাৰ আইনাখন এনে ঠাইত ৰাখিব লাগে য’ত আপুনি আপোনাৰ বিচনাখন দেখা নাপায়। কিন্তু যদি আপোনাৰ আইনাখন বিচনাৰ কাষত ৰাখিছে তেন্তে সদায় ঢাকি ৰাখিব লাগে। নহ’লে ইয়াৰ বাবে আপোনাৰ সম্পৰ্কত কাজিয়া বাঢ়িব পাৰে।

৬)ছিংগলসকলে এইটোও লক্ষ্য ৰাখিব লাগে যাতে আপোনাৰ বিচনাৰ কোণ খিৰিকী বা বেৰৰ কাষত নাথাকে। ই ঘৰখনত ঋণাত্মক শক্তি বৃদ্ধি কৰে।

এইবোৰ নিয়ম ভংগ কৰিলে বিবাহত পলম হয় বুলি ফেংছুইত বিশ্বাস কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু