--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ বিষয়ে কিমান যে গৱেষণা, কিমান সম্পৰীক্ষা চলিছে বিশ্বত!  সৃষ্টিৰ সময়েৰে পৰাই প্ৰেমে মানুহক এক অদৃশ্য সূতাৰে বান্ধি ৰাখিছে৷ কেৱল মানুহৰ মাজতেই নহয়, পশু-পক্ষীৰ মাজতো প্ৰেমৰ তাড়ণা দেখিবলৈ পোৱা যায়৷ প্ৰেমৰ ভাৱনা হয় মগজুত৷ মগজুত আকৌ  তেনে ভাৱনা সৃষ্টি অনুঘটকৰ ভূমিকা লয় কেতবোৰ বিশেষ হৰম’নে৷ প্ৰেমক অধিক গতিশীল কৰাটো শৰীৰৰ গোন্ধয়ো বিশেষ ভূমিকা পালন কৰে বুলি একাংশ বিজ্ঞানীয়ে মন্তব্য কৰিছে৷

শেহতীয়াকৈ ইজৰাইলী বিজ্ঞানীৰ  এটা অধ্যয়নত প্ৰকাশ পাইছে যে  শৰীৰৰ গোন্ধৰ সৈতে মানুহৰ প্ৰেমৰ সম্পৰ্ক আছে৷   অধ্যয়নটোৰ মতে প্ৰেমৰ ভাৱনাৰ বৃদ্ধি আৰু হ্ৰাস শৰীৰৰ গোন্ধৰ ওপৰত বহু খিনি  নিৰ্ভৰ কৰে।ইজৰাইলৰ ৱেইজমান ইনষ্টিটিউট অৱ ছায়েন্স প্ৰতিষ্ঠানৰ এক অধ্যয়ন অনুসৰি পুৰুষৰ প্ৰতি এগৰাকী মহিলাৰ আকৰ্ষণ শৰীৰৰ গোন্ধৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে। বিশেষজ্ঞসকলে কৈছে যে বহুতো মহিলাই তেওঁলোকৰ প্ৰেমিক বা জীৱন সংগী বাছনি কৰোতে  শৰীৰৰ গোন্ধই ভালে খিনি প্ৰভাৱ পেলায়৷ অধ্যয়নটোত কোৱা হৈছে যে শৰীৰৰ গোন্ধই  অৱচেতন মনত ক্ৰিয়া কৰে আৰু সেইমতে মগজুক নিৰ্দেশ দিয়ে৷

গোন্ধৰ প্ৰতি আকৰ্ষণক বিজ্ঞানৰ ভাষাত অলফেকচন বুলি কোৱা হয়৷অলফেকচন  হৈছে পৰিৱেশৰ গোন্ধযুক্ত পদাৰ্থ চিনাক্তকৰণৰ ফলত হোৱা গোন্ধৰ সংবেদন। দৃষ্টিশক্তি, সোৱাদ, শ্ৰৱণ শক্তি আৰু ভাৰসাম্যৰ দৰে অলফেকচন  হৈছে এক অনন্য অনুভূতি। মানুহে ঘ্ৰাণ প্ৰণালীৰ উপাদানবোৰ ব্যৱহাৰ কৰি গোন্ধ চিনাক্ত কৰিব পাৰে।

সকলো প্ৰাণীৰ ক্ষেত্ৰত ঘ্ৰাণশক্তিৰে যোগাযোগ ৰক্ষা কৰাৰ প্ৰমাণ পোৱা যায়৷  শেহতীয়া গৱেষণাই প্ৰকাশ কৰিছে যে মানুহৰ ওচৰত এই অলফেকচনৰ বিশেষ ভূমিকা  আছে। এই ধৰণৰ যোগাযোগ অৱচেতনভাৱে হয় আৰু সঘনাই এজনে আন এজনৰ প্ৰতি আকৰ্ষণ অনুভৱ  কৰে।

অধ্যয়নটোত  অংশগ্ৰহণ কৰা সকলৰ পৰা পোৱা  তথ্যবোৰ বিশ্লেষণ কৰি গৱেষকসকলে জানিব পাৰিছিল যে  বহু মহিলাই পুৰুষৰ ঘামৰ গোন্ধ ভালপায়। বহু মহিলাই আকৌ পুৰুষৰ শৰীৰত চিগাৰেটৰ গোন্ধ ভালপায়। আনহাতে অধ্যয়নটোৱে ইয়াকো কৈছে যে বহু পুৰুষে  মহিলাৰ শৰীৰৰ ঘামৰ গোন্ধ একেবাৰে ভাল নাপায়। ইয়াৰ পৰিৱৰ্তে মৃদু মিঠা গোন্ধই মহিলাৰ প্ৰতি পুৰুষৰ আকৰ্ষণ বৃদ্ধি কৰে। 

বিশেষজ্ঞসকলে এই সন্দৰ্ভত কেইটামান  পৰামৰ্শ দিছে।

১) প্ৰেমিক বা প্ৰেমিকাৰ কাষলৈ যোৱাৰ সময়ত  নিশ্চিতভাৱে জানিবলৈ চেষ্টা কৰিব যে সঙ্গীয়ে কেনে ধৰণৰ সুগন্ধি পছন্দ কৰে। তেতিয়া প্ৰেমিক বা প্ৰেমিকাৰ মন জয় কৰাটো সহজ হ'ব।

২) এনে কোনো সুগন্ধি ব্যৱহাৰ নকৰিব যাৰ গোন্ধই  সঙ্গীৰ মনত বিৰক্তিৰ বাব জগাই তুলিব পাৰে। সদায়ে পাতল সুগন্ধিৰ ব্যৱহাৰত গুৰুত্ব দিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ