--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ বিষয়ে কিমান যে গৱেষণা, কিমান সম্পৰীক্ষা চলিছে বিশ্বত!  সৃষ্টিৰ সময়েৰে পৰাই প্ৰেমে মানুহক এক অদৃশ্য সূতাৰে বান্ধি ৰাখিছে৷ কেৱল মানুহৰ মাজতেই নহয়, পশু-পক্ষীৰ মাজতো প্ৰেমৰ তাড়ণা দেখিবলৈ পোৱা যায়৷ প্ৰেমৰ ভাৱনা হয় মগজুত৷ মগজুত আকৌ  তেনে ভাৱনা সৃষ্টি অনুঘটকৰ ভূমিকা লয় কেতবোৰ বিশেষ হৰম’নে৷ প্ৰেমক অধিক গতিশীল কৰাটো শৰীৰৰ গোন্ধয়ো বিশেষ ভূমিকা পালন কৰে বুলি একাংশ বিজ্ঞানীয়ে মন্তব্য কৰিছে৷

শেহতীয়াকৈ ইজৰাইলী বিজ্ঞানীৰ  এটা অধ্যয়নত প্ৰকাশ পাইছে যে  শৰীৰৰ গোন্ধৰ সৈতে মানুহৰ প্ৰেমৰ সম্পৰ্ক আছে৷   অধ্যয়নটোৰ মতে প্ৰেমৰ ভাৱনাৰ বৃদ্ধি আৰু হ্ৰাস শৰীৰৰ গোন্ধৰ ওপৰত বহু খিনি  নিৰ্ভৰ কৰে।ইজৰাইলৰ ৱেইজমান ইনষ্টিটিউট অৱ ছায়েন্স প্ৰতিষ্ঠানৰ এক অধ্যয়ন অনুসৰি পুৰুষৰ প্ৰতি এগৰাকী মহিলাৰ আকৰ্ষণ শৰীৰৰ গোন্ধৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে। বিশেষজ্ঞসকলে কৈছে যে বহুতো মহিলাই তেওঁলোকৰ প্ৰেমিক বা জীৱন সংগী বাছনি কৰোতে  শৰীৰৰ গোন্ধই ভালে খিনি প্ৰভাৱ পেলায়৷ অধ্যয়নটোত কোৱা হৈছে যে শৰীৰৰ গোন্ধই  অৱচেতন মনত ক্ৰিয়া কৰে আৰু সেইমতে মগজুক নিৰ্দেশ দিয়ে৷

গোন্ধৰ প্ৰতি আকৰ্ষণক বিজ্ঞানৰ ভাষাত অলফেকচন বুলি কোৱা হয়৷অলফেকচন  হৈছে পৰিৱেশৰ গোন্ধযুক্ত পদাৰ্থ চিনাক্তকৰণৰ ফলত হোৱা গোন্ধৰ সংবেদন। দৃষ্টিশক্তি, সোৱাদ, শ্ৰৱণ শক্তি আৰু ভাৰসাম্যৰ দৰে অলফেকচন  হৈছে এক অনন্য অনুভূতি। মানুহে ঘ্ৰাণ প্ৰণালীৰ উপাদানবোৰ ব্যৱহাৰ কৰি গোন্ধ চিনাক্ত কৰিব পাৰে।

সকলো প্ৰাণীৰ ক্ষেত্ৰত ঘ্ৰাণশক্তিৰে যোগাযোগ ৰক্ষা কৰাৰ প্ৰমাণ পোৱা যায়৷  শেহতীয়া গৱেষণাই প্ৰকাশ কৰিছে যে মানুহৰ ওচৰত এই অলফেকচনৰ বিশেষ ভূমিকা  আছে। এই ধৰণৰ যোগাযোগ অৱচেতনভাৱে হয় আৰু সঘনাই এজনে আন এজনৰ প্ৰতি আকৰ্ষণ অনুভৱ  কৰে।

অধ্যয়নটোত  অংশগ্ৰহণ কৰা সকলৰ পৰা পোৱা  তথ্যবোৰ বিশ্লেষণ কৰি গৱেষকসকলে জানিব পাৰিছিল যে  বহু মহিলাই পুৰুষৰ ঘামৰ গোন্ধ ভালপায়। বহু মহিলাই আকৌ পুৰুষৰ শৰীৰত চিগাৰেটৰ গোন্ধ ভালপায়। আনহাতে অধ্যয়নটোৱে ইয়াকো কৈছে যে বহু পুৰুষে  মহিলাৰ শৰীৰৰ ঘামৰ গোন্ধ একেবাৰে ভাল নাপায়। ইয়াৰ পৰিৱৰ্তে মৃদু মিঠা গোন্ধই মহিলাৰ প্ৰতি পুৰুষৰ আকৰ্ষণ বৃদ্ধি কৰে। 

বিশেষজ্ঞসকলে এই সন্দৰ্ভত কেইটামান  পৰামৰ্শ দিছে।

১) প্ৰেমিক বা প্ৰেমিকাৰ কাষলৈ যোৱাৰ সময়ত  নিশ্চিতভাৱে জানিবলৈ চেষ্টা কৰিব যে সঙ্গীয়ে কেনে ধৰণৰ সুগন্ধি পছন্দ কৰে। তেতিয়া প্ৰেমিক বা প্ৰেমিকাৰ মন জয় কৰাটো সহজ হ'ব।

২) এনে কোনো সুগন্ধি ব্যৱহাৰ নকৰিব যাৰ গোন্ধই  সঙ্গীৰ মনত বিৰক্তিৰ বাব জগাই তুলিব পাৰে। সদায়ে পাতল সুগন্ধিৰ ব্যৱহাৰত গুৰুত্ব দিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু