--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফুল হৈছে পৱিত্ৰতাৰ প্ৰতীক। ফুলে মানুহৰ মন প্রফুল্লিত কৰাৰ লগতে পৰিৱেশো সুন্দৰ কৰি তোলে। ঘৰত ফুল সজাই ৰাখিলে ঘৰৰ পৰিৱেশেই সলনি হৈ পৰে। ফেংছুইৰ মতে ঘৰত যদি সদায় হালধীয়া ফুল সজাই ৰখা হয় তেন্তে ঘৰৰ সুখ- শান্তি বৃদ্ধি পোৱাৰ লগতে পৰিয়ালৰ সদস্যসকলৰ মাজৰ সম্পৰ্ক মধুৰ হৈ পৰে। এই বিধান দিছে ফেংছুইয়ে। 

ফেংছুই হৈছে এক প্রাচীন পদ্ধতি। যি পদ্ধতিয়ে মানুহৰ সুখ তথা সমৃদ্ধি বৃদ্ধিৰ ক্ষেত্ৰত যুগ যুগ ধৰি নানান বিধান আগবঢ়াই আহিছে। যদি সেই বিধানসমূহ সঠিকভাৱে পালন কৰিব পাৰি তেন্তে ঘৰৰ সুখ-শান্তি বৃদ্ধি পোৱাৰ লগতে ধন-ধান আদিও অভাৱনীয়ভাৱে বৃদ্ধি পায়।



প্ৰতিজন সদস্যৰ মাজত বুজাপৰাৰ ভাব বৃদ্ধি পায় আৰু সকলো মনোমালিন্য আঁতৰ হৈ ঘৰত স্বৰ্গীয় পৰিৱেশে বিৰাজ কৰে। ঘৰত হালধীয়া ফুল সজাই ৰাখিবলৈ চীনা মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিব পাৰি।
কাছৰ স্বচ্ছ পাত্ৰত ৰখা মুদ্ৰাই ধন বৃদ্ধি কৰে।

 ফেংছুইৰ মতে ঘৰৰ উত্তৰ-পশ্চিম অংশই উন্নতি তথা সমৃদ্ধিক বুজায়। উত্তৰ-পশ্চিম অংশৰ প্ৰধান উপাদান হৈছে ধাতু। সেইবাবে এই অংশত ধাতু ৰাখিব পাৰিলে ঘৰৰ উন্নতি তথা সমৃদ্ধি বৃদ্ধি পাব আৰু গৃহস্থৰ ধন লাভ হ'ব। ফেংছুইয়ে সেইবাবে স্বচ্ছ কাঁচৰ পাত্ৰত ঘৰৰ উত্তৰ-পশ্চিম অংশত ধাতুৰ মুদ্ৰা সজাই ৰখাৰ পৰামৰ্শ দিছে। এনেদৰে ধাতুৰ মুদ্ৰা, মূৰ্তি আদি সজাই ৰাখিলে গৃহস্থৰ হাতলৈ প্ৰচুৰ পৰিমাণে ধন আহিব। অৱশ্যে ধাতুৰ মুদ্ৰা যি স্থানত সজাই ৰখা হয় সেই স্থান যাতে বাহিৰৰ কোনো লোকে সহজে দেখা নাপায়, সেই কথালৈ মন দিব লাগিব । গৃহস্থই মাজে মাজে স্বচ্ছ কাঁচৰ পাত্ৰত ৰখা সেই ধাতুৰ মুদ্ৰা চাই থাকিব লাগে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন