--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ফেংছুইৰ নিজস্ব গুৰুত্ব আছে। ফেংছুইৰ নিয়ম সাধাৰণতে বায়ু আৰু পানীৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে। ফেংছুই অনুসৰি ঘৰখন এনেদৰে সজালে সৌভাগ্য বৃদ্ধি পোৱাৰ লগতে ঘৰলৈ মালক্ষ্মীৰ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। সেয়েহে ফেংছুইৰ এনে কিছুমান পদক্ষেপৰ বিষয়ে জানিম যিবোৰ গ্ৰহণ কৰি আপুনিও লাভ কৰিব সুখ-সমৃদ্ধি আৰু সফলতা।

 * ফেংছুইৰ মতে ঘৰত উইণ্ড চিমজ স্থাপন কৰিলে ধনাত্মক শক্তি সঞ্চাৰিত হয়। ইয়াৰ ফলত ঘৰৰ পৰা নেতিবাচকতা আঁতৰত থাকে। ইয়াক ঘৰৰ মূল দুৱাৰ বা খিৰিকীত ৰাখিব লাগে। উইণ্ড চিমজৰ শব্দই চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতি আনে।

 * ফেংছুইৰ মতে ঘৰত একুৰিয়াম ৰাখিলে সৌভাগ্য বৃদ্ধি পায়। ইয়াৰ ফলত ঘৰৰ পৰা ঋণাত্মক শক্তি দূৰ হয়। কিন্তু ঘৰত মাছৰ একুৰিয়াম ৰাখিলে মনত ৰাখিব যে তাত মুঠ ৯টা মাছ থাকিব লাগে। এইবোৰত ৮টা সোণৰ মাছ আৰু ১টা ক’লা মাছ থাকিব লাগে। একুৰিয়ামটো সদায় ড্ৰয়িং ৰুমত ৰাখিব লাগে।

 * ফেংছুইত বাঁহ গছ অতি শুভ বুলি কোৱা হয়। ফেংছুইৰ মতে, ইয়াৰ ফলত ঘৰৰ অৰ্থনৈতিক অৱস্থা শক্তিশালী হয়। ঘৰত ৰাখিলে নতুন নতুন উপাৰ্জনৰ উৎস খোল খায় আৰু আবদ্ধ হৈ থকা ধন ঘূৰি আহিবলৈ আৰম্ভ কৰে।

 * ঘৰত বা অফিচত ধাতুৰ কাছৰ মূৰ্তি ৰাখিলে অগ্ৰগতি লাভ কৰে আৰু ঘৰখনত সুখ-সমৃদ্ধিয়ে বিৰাজ কৰে। যদি আপুনি ঘৰত বা অফিচত সদায় উত্তৰ দিশত ধাতুৰ কাছ ৰাখিব লাগে।

 * আপুনি নিশ্চয় প্ৰায়ে ঘৰে ঘৰে ৰখা হাঁহি থকা বুদ্ধৰ মূৰ্তিটো দেখিছে। বহুতে ইয়াক সজ্জা হিচাপে ৰাখে। অৱশ্যে ফেংছুইত ইয়াৰ গুৰুত্ব অতিশয় বেছি। ঘৰত ৰাখিলে মংগল আহে। ঘৰত কাজিয়া-গৃহকন্দল আঁতৰি যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা