--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শিশুৰ মাজত ইণ্টাৰনেটৰ ব্যৱহাৰ দিনকদিনে বৃদ্ধি পাইছে। শেহতীয়াকৈ এক সমীক্ষাত পোৱা গৈছে যে দেশৰ প্ৰায় ৪০ শতাংশতকৈ অধিক অভিভাৱকে তেওঁলোকৰ সন্তান ছ’চিয়েল মিডিয়া, ভিডিঅ’ চোৱা আৰু অনলাইন গেম খেলাৰ প্ৰতি আসক্তিৰ অভিযোগ কৰে। এই শিশুসকলৰ বয়স প্ৰায় ৯ৰ পৰা ১৭ বছৰৰ ভিতৰৰ। এই সমীক্ষাটো কমিউনিটি ছ’চিয়েল মিডিয়া প্লেটফৰ্ম LocalCirclesয়ে কৰিছে।

 ১. শিশুৱে দৈনিক ৩ ঘণ্টা ইন্টাৰনেটত কটায়-

সমীক্ষাত অংশগ্ৰহণ কৰা ৪৯ শতাংশ অভিভাৱকে কয় যে তেওঁলোকৰ ৯ৰ পৰা ১৩ বছৰীয়া সন্তানে দিনটোত ৩ ঘণ্টাৰো অধিক সময় ইণ্টাৰনেটত কটায়। একে সময়তে ৪৭ শতাংশ অভিভাৱকে কয় যে তেওঁলোকৰ সন্তান ছ’চিয়েল মিডিয়া, ভিডিঅ’ আৰু অনলাইন গেমিঙৰ প্ৰতি বেয়াকৈ আসক্ত। আনহাতে ৬২ শতাংশ অভিভাৱকে অভিযোগ কৰে যে ১৩ৰ পৰা ১৭ বছৰ বয়সৰ শিশুৱে প্ৰতিদিনে ৩ ঘন্টাতকৈ অধিক সময় স্মাৰ্টফোন ব্যৱহাৰ কৰে।ইয়াৰ বিপৰীতে ৪৪ শতাংশ অভিভাৱকে কয় যে তেওঁলোকৰ সন্তান ইণ্টাৰনেটৰ মনোৰঞ্জনৰ প্ৰতি আসক্ত।

 ২. অনলাইন ক্লাছৰ দ্বাৰা বৃদ্ধি পালে নিচা-

সমীক্ষাত অংশগ্ৰহণ কৰা প্ৰায় ৫৫ শতাংশ অভিভাৱকে জনাইছে যে তেওঁলোকৰ ৯ৰ পৰা ১৩ বছৰীয়া সন্তানে গোটেই দিনটো স্মাৰ্টফোনৰ ব্যৱহাৰ কৰে। একে সময়তে ৭১ শতাংশ লোকে কয় যে তেওঁলোকৰ ১৩ৰ পৰা ১৭ বছৰীয়া সন্তানে গোটেই দিনটো ফোন ব্যৱহাৰ কৰি থাকে। কৰ’না সময়ত অনলাইন ক্লাছৰ দ্বাৰা শিশুৰ মাজত স্মাৰ্ট গেজেটৰ আসক্তি বৃদ্ধি পোৱাত সকলো অভিভাৱকে একমত প্ৰকাশ কৰে।

 ৩. ফোন ব্যৱহাৰ কৰি মানসিক চাপ আৰু হতাশা বৃদ্ধি-

আজিকালি ছ’চিয়েল মিডিয়াৰ অত্যধিক ব্যৱহাৰৰ বাবে শিশুসকল মানসিক স্বাস্থ্যজনিত বিকাৰৰ বলি হৈছে। তেওঁলোকৰ মাজত মানসিক চাপ, উদ্বেগ আৰু হতাশা বাঢ়িছে। লগতে আত্মবিশ্বাস, মনোযোগ আৰু ভাল টোপনিৰ অভাৱ। কিশোৰ-কিশোৰীৰ আচৰণতো দ্রুত পৰিৱর্তন ঘটিছে৷ তেওঁলোক স্বভাৱগতভাৱে অধিক খিংখিঙীয়া হৈ পৰিছে। আমেৰিকান একাডেমী অব পেডিয়াট্ৰিক্সৰ তথ্য অনুসৰি ভাল টোপনিৰ বাবে ইলেক্ট্ৰনিক যন্ত্ৰৰ ব্যৱহাৰ দৈনিক ২ ঘন্টাতকৈ কম হ’ব লাগে।

 ৪. ছ’চিয়েল মিডিয়া চলোৱাৰ যুগত পৰিৱৰ্তন

সমীক্ষাত ৬৮ শতাংশ অভিভাৱকে কয় যে ছ’চিয়েল মিডিয়া একাউণ্ট তৈয়াৰ কৰাৰ বাবে নূ্ন্যতম বয়স ১৩ বছৰৰ পৰা ১৫ বছৰলৈ বৃদ্ধি কৰিব লাগে। ইয়াৰ সমান্তৰালকৈ চৰকাৰে নিশ্চিত কৰিব লাগে যে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ নিৰ্দেশনাসমূহ যাতে কঠোৰভাৱে পালন কৰা হয়। ১৫ বছৰৰ তলৰ শিশুৱে নিজাকৈ একাউণ্ট তৈয়াৰ কৰিব নোৱাৰে।

 এই সমীক্ষা ভাৰতৰ ২৮৭খন জিলাৰ ৬৫ হাজাৰ অভিভাৱকৰ ওপৰত কৰা হৈছিল। ইয়াৰে ৬৭ শতাংশ পুৰুষ আৰু ৩৩ শতাংশ মহিলা। ৫১ শতাংশ লোক মেট্ৰ’ চহৰ বা টায়াৰ-১ চহৰৰ আছিল। আনহাতে ৩৭ শতাংশ টায়াৰ-২ আৰু ১২ শতাংশ টায়াৰ-৩ আৰু টায়াৰ-৪ জিলাৰ। এই অধ্যয়নত ৯ৰ পৰা ১৩ বছৰ আৰু ১৩ৰ পৰা ১৭ বছৰীয়া শিশুক ভাগ কৰা হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক