--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ’হেক্সা’ৰ লক্ষ্যৰে বিশ্বকাপলৈ আহিছিল নেইমাৰ বাহিনী৷ পৰ্টুগীজ শব্দ হেক্সাৰ অৰ্থ ছয়, ষষ্ঠবাৰলৈ বিশ্বকাপ দখলৰ বাবে যুঁজ দিয়া ব্ৰাজিল দলৰ বাবে সমৰ্থকসকলে প্ৰয়োগ কৰা এটা ব্যৱহাৰজীৰ্ণ শব্দ হেক্সা৷

একেৰাহে কেইবামাহো দিন আৰু কেইবামাহো ৰাতি হৈ থকা এক অদ্ভুত অৱস্থানৰ দেশ নৰৱে৷ সেইবাবেই ’লেণ্ড অব্ মিডনাইট ছান’ বুলি অভিহিত কৰা হয় নৰৱেক৷ বিশ্বকাপতো দীঘলীয়া সূৰ্যাস্ত অব্যাহত আছিল নৰ্ডিক দেশখনৰ, ১৯৯৮ চনৰ পাছত সুদীৰ্ঘ ২৮ বছৰৰ মূৰত বিশ্বকাপলৈ কৰিছে প্ৰত্যাৱৰ্তন৷ পিছে এইবাৰৰ বিশ্বকাপত মাৰ নোযোৱা বেলিৰ উজ্জ্বল পোহৰৰ দৰেই উজলি আছে নৰৱে৷ এসময়ৰ পৰাক্ৰমী ব্ৰাজিলক গৃহাভিমুখী টিকট উপহাৰ দি বিশ্বকাপত আজি সবাতোকৈ বৃহৎ চমক দিলে হালাণ্ড বাহিনীয়ে৷ অক্ষুণ্ণ থাকিল ব্ৰাজিলৰ বিৰুদ্ধে নৰৱেৰ অপৰাজেয় ধাৰা৷ ব্ৰাজিলৰ ছাম্বাৰ পৰিৱৰ্তে নিউ জাৰ্ছিতো চলিল নৰৱেৰ অপূৰ্ব ভাইকিং ৰ’৷ 


’হেক্সা’ৰ লক্ষ্যৰে বিশ্বকাপলৈ আহিছিল নেইমাৰ বাহিনী৷ পৰ্টুগীজ শব্দ হেক্সাৰ অৰ্থ ছয়, ষষ্ঠবাৰলৈ বিশ্বকাপ দখলৰ বাবে যুঁজ দিয়া ব্ৰাজিল দলৰ বাবে সমৰ্থকসকলে প্ৰয়োগ কৰা এটা ব্যৱহাৰজীৰ্ণ শব্দ হেক্সা৷ পিছে হেক্সা বহুদূৰ, প্ৰি-কোৱাৰ্টাৰৰ দেওনাই অতিক্ৰম কৰিব নোৱাৰিলে কাৰ্লো আনচেলোত্তিৰ দলে৷ ১৯৯০ চনৰ পাছত বিশ্বকাপৰ পৰা সবাতোকৈ দ্ৰুত বিদায় ঘটিল একালৰ সবাতোকৈ তাৰকাখচিত দল ব্ৰাজিলৰ৷ স্বপ্নভংগৰ এই নিশা নৰৱেৰ বিৰুদ্ধে ছাম্বাৰ এনে অবিশ্বাস্য ছন্দপতন দেখি সংগত কাৰণতে উঠিব এই প্ৰশ্ন— ক’ত হেৰাল ’জোগো বনিতো’, ব্ৰাজিলৰ ফুটবলৰ সেই অপূৰ্ব সৌন্দৰ্য আৰু পৰিচিত আগ্ৰাসন? পাঁচবাৰৰ চেম্পিয়ন ব্ৰাজিলৰ বিৰুদ্ধে মাথোঁ চাৰিবাৰ বিশ্বকাপ খেলা নৰৱেৰ এই চমকপ্ৰদ বিজয়ক অঘটন আখ্যা দিয়াৰ পৰিৱৰ্তে পৰাক্ৰমী যোগ্য সাফল্য হিচাপে অভিহিত কৰাটোহে হ’ব বাস্তৱসন্মত৷ নেইমাৰ বাহিনীৰ কট্টৰ সমৰ্থকসকলেও আজি মানি ল’বলৈ বাধ্য হ’ব যে ব্ৰাজিল যদি অতীত. তেন্তে ফুটবলৰ বৰ্তমান কিম্বা ভৱিষ্যত নৰৱে৷ 


ফুটবলৰ মহাসিন্ধুত ব্ৰাজিলৰ কৃতি আৰু খ্যাতিৰ তুলনাত এটা বিন্দুৰ দৰে অৱস্থান আছিল নৰৱেৰ৷ বিশ্বকাপত হোৱা দুয়োদলৰ পূৰ্বৰ একমাত্ৰ মুখামুখিত ১৯৯৮ চনত ব্ৰাজিল পৰাস্ত হ’লেও সকলোৰে বিশ্বাস আছিল — এইবাৰৰ যুঁজত নৰৱেৰ বাধা হেলাৰঙে অতিক্ৰম কৰি কোৱাৰ্টাৰত প্ৰৱেশ কৰিব ব্ৰাজিলে৷ পিছে নিউ জাৰ্ছিত আজি আৰম্ভণিৰে পৰা অতি মন্থৰ ফুটবল খেলিলে ব্ৰাজিলে৷ সম্পূৰ্ণ মেচখনত ৩৩.৫ শতাংশ সময়তহে ব্ৰাজিলৰ দখলত আছিল ব’ল৷ মেচখনত ব্ৰাজিলে লৈছিল ১৪ টা শ্বট, তাৰ ভিতৰত লক্ষ্যস্থানত আছিল মাথোঁ ৪টা৷ ব্ৰাজিলৰ প্ৰত্যাশিত গ‘লৰ হাৰ (XG) আছিল ২.৭৪। তাৰ বিপৰীতে নৰৱেৰ XG আছিল মাথোঁ ০. ৮৪ ৷ অৰ্থাৎ তুলনামূলকভাৱে কম সুযোগ সৃষ্টি কৰিও তাৰ সৰ্বোচ্চ কাৰ্যকৰীকৰণেৰে চমকপ্ৰদ সাফল্য অৰ্জন কৰিলে নৰৱেই৷ প্ৰেছিঙলৈ নগৈ নৰৱেক ব’লৰ নিয়ন্ত্ৰণ ৰখাৰ সুযোগ দিছিল ব্ৰাজিলে আৰু ব’ল পালেই চেষ্টা চলাইছিল আক্ৰমণৰ৷ তেনে এক আক্ৰমণতে মেচৰ আৰম্ভণিতে মাতেউজ কুনিয়া ফাউলৰ চিকাৰ হোৱাত পেনাল্টী পাইছিল ব্ৰাজিলে৷ পিছে অবিশ্বাস্যভাৱে সেই পেনাল্টীক গ’ললৈ ৰূপান্তৰ কৰাত ব্যৰ্থ হ’ল ব্ৰুনো গিমাৰাইছ৷ বিশ্বকাপত টাইব্ৰেকাৰৰ বাহিৰে ৪০ বছৰৰ মূৰত পেনাল্টীত ব্যৰ্থ শ্বট ল’লে ব্ৰাজিলে৷ কেৱল পেনাল্টী মিছ কৰাই নহয়, গ’লৰ একাধিক সুযোগ নষ্ট কৰাৰ পৰিণাম ভূগিব লগীয়া হ’ল ব্ৰাজিলে৷ বিৰতিৰ পাছত কুনিয়াৰ পৰিৱৰ্তে এনড্ৰিকক ফিল্ডত নমাইছিল প্ৰশিক্ষকে৷ মেচত নামিয়েই গ’ল স্ক’ৰৰ এটা সুবৰ্ণ সুযোগ লাভ কৰিছিল এনড্ৰিকে৷ ভিনিছিয়াছৰ অসাধাৰণ এটা পাছ লাভ কৰি সন্মুখত একমাত্ৰ গ’লৰক্ষকক পোৱা সত্বেও পোষ্টৰ বাহিৰলৈ ব’ল মাৰি সুযোগ নষ্ট কৰিলে এই তৰুণ ষ্টাইকাৰে৷ মেচৰ ৬৮ মিনিটত নেইমাৰক নমাইছিল প্ৰশিক্ষকে, পিছে নেইমাৰে থিতাপি লোৱাৰ পূৰ্বেই ৭৯ মিনিটত দীৰ্ঘদেহী হালাণ্ডে এটা অপূৰ্ব হেডেৰে ব্ৰাজিলৰ নেটলৈ ঠেলি দিলে ব’ল৷ প্ৰত্যাৱৰ্তনৰ চেষ্টা অব্যাহত ৰখা ব্ৰাজিলৰ বাবে বিদায়ৰ টিকট নিশ্চিত কৰি ৯০ মিনিটত হালাণ্ডে দিলে দ্বিতীয়টো গ’ল৷ মেচৰ যোগ কৰা সময়ত লাভ কৰা এটা পেনাল্টীৰে নেইমাৰে গ’ল স্ক’ৰ কৰিলেও সেয়া আছিল কেৱল সান্ত্বনা৷ পেনাল্টীৰে গ’ল দিয়াৰ আগলৈ এই যুঁজত যেন দেখাই নগ’ল নেইমাৰৰ অস্বিত্ব৷ 


প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি ইতিহাস ৰচিলে নৰৱেই৷ এই বিশ্বকাপত মুঠ ৭ টা গ’ল স্ক’ৰ কৰি গ’ল্ডেন বুটৰ যুঁজত মেছি আৰু এমবাপেক স্পৰ্শ কৰিলে হালাণ্ডে৷ বিগত সময়চোৱাত অব্যাহত ৰখা দুৰ্দান্ত প্ৰদৰ্শনেৰে একপ্ৰকাৰ গ’ল মেচিনত পৰিণত হৈছে হালাণ্ড৷ বিগত ১৪ খন আন্তঃৰাষ্ট্ৰীয় মেচত একেৰাহে গ’ল কৰিছে হালাণ্ডে, বিগত ১৪ খন মেচত হালাণ্ডৰ মুঠ গ’ল ২৭ টা৷ নিউ জাৰ্ছিৰ নিশাও ব্ৰাজিল বধৰ মূল খনিকৰ হৈ উঠিল অপ্ৰতিৰোধ্য হালাণ্ড৷ ইয়াৰ বিপৰীতে বিশ্বকাপৰ নকআউটত আকৌ এবাৰ ’ইউৰোপীয় ভূত’ৰ চিকাৰ হ’ল ব্ৰাজিল৷ ২০০৬ চনৰ পৰা প্ৰতিখন বিশ্বকাপতে ইউৰোপীয় শক্তিৰ হাতত পৰাস্ত হৈ ৰিঅ’লৈ উভটিবলগীয়া হৈছে ব্ৰাজিল৷ ফ্ৰান্স, নেদাৰলেণ্ডছ, জাৰ্মানী, বেলজিয়াম আৰু ক্ৰ’ৱেচিয়াৰ পাছত ব্ৰাজিলৰ দুঃস্বপ্নৰ তালিকাত যোগ হ’ল নৰৱে৷ শেষ ৩২ ত জাপানৰ বিৰুদ্ধে মেচত কষ্টকৰ বিজয় সাব্যস্ত কৰিলেও সেই মেচখনতে উন্মোচিত হৈ পৰিছিল ক্ষয়িষ্ণু ব্ৰাজিলৰ দুৰ্বলতা৷ সেই দুৰ্বলতাতে আঘাত হানি পৰৱৰ্তী ৰাউণ্ডলৈ গতি কৰিলে নৰৱেই৷ অহা দেওবাৰে মাজনিশা কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডৰ মুখামুখি হ’ব হালাণ্ড বাহিনী৷ 


এই মেচত অপ্ৰত্যাশিত পৰাজয়ৰ পাছতে অৱসৰৰ ইংগিত দিছে তাৰকা নেইমাৰে৷ পিছে কি হ’ব সৰ্বাধিক বেতনভোগী প্ৰশিক্ষক কাৰ্লো আনচেলোত্তিৰ ভৱিষ্যত ? ২০৩০ চনৰ বিশ্বকাপ পৰ্যন্ত চুক্তিৱদ্ধ কৰোৱা হৈছিল ইটালীৰ আনচেলোত্তিক৷ কোৱা হয় যে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ আসনখনতকৈও অধিক প্ৰত্যাহ্বানজনক দেশখনৰ ফুটবল দলৰ প্ৰশিক্ষকৰ আসন৷ প্ৰি-কোৱাৰ্টাৰৰ পৰাই ব্ৰাজিলৰ প্ৰস্থানৰ পাছত প্ৰশিক্ষকৰ সিদ্ধান্ত আৰু স্থিতিক লৈও উঠিব অলেখ প্ৰশ্ন৷ পিছে প্ৰশিক্ষক আহিব আৰু যাব, সবোতোকৈ ডাঙৰ প্ৰশ্নটো হ’ল— বিশ্ব ফুটবলত ব্ৰাজিলৰ গৌৰৱময় ঐতিহ্যৰ এয়া সমাপ্তিৰ আৰম্ভণি নেকি? নৰৱেৰ সূৰ্যোদয়ৰ বিপৰীতে ব্ৰাজিলৰ বাবে দীৰ্ঘ সূৰ্যাস্তৰ মহাসংকেত নেকি? ব্ৰাজিলৰ দিশাহীন ফুটবল আৰু বিশ্বকাপৰ পৰা দ্ৰুত বিদায়ৰ পাছত এই প্ৰশ্নটোৱেই হয়তো ভাৰাক্ৰান্ত কৰিব অগণিত ব্ৰাজিল অনুৰাগীক৷

লেখক: খনীন্দ্ৰ কুমাৰ ডেকা



FOLLOW US F
POPULAR
FEATURE
TRENDY
ডেৰ বছৰ পূৰ্বে আৰম্ভ কৰা ব্যৱসায়ে দেখিছে সফলতাৰ মুখ; কুঁহিয়াৰৰ ৰস বিক্ৰীৰে স্বাৱলম্বী মাকুমৰ ৰূপালী চেতিয়া দহোটীয়া
ভাৰতৰ ক্ষেপণাস্ত্ৰত শেনচকু চীনৰ
নৰৱেৰ সূৰ্যোদয়, ব্ৰাজিলৰ সূৰ্যাস্ত
মহানগৰীত আজৱ কাণ্ড! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই বেংকত গল্ড ল’ন ল’লে চিলনী চোৰে
দুলীয়াজানত দিহিং নদীত ওপঙি থকা অৱস্থাত কিশোৰীৰ মৃতদেহ উদ্ধাৰ; এজন কিশোৰ সন্ধানহীন
স্বামীয়ে বিচাৰিলে গৰ্ভস্থ সন্তানৰ DNA পৰীক্ষা; গৰ্ভৱতী পত্নীয়ে ল’লে চৰম সিদ্ধান্ত