--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বেলিংহামে এই ষ্টেডিয়ামখনত ৪০ বছৰৰ পাছত এনেধৰণৰ খেল প্ৰদৰ্শন কৰে, যাৰ তুলনা ১৯৮৬ চনৰ বিশ্বকাপত ডিয়েগো মাৰাডোনাৰ প্ৰদৰ্শনৰ সৈতে কৰা হৈছে।

ডিজিটেল ডেস্ক : ফিফা বিশ্বকাপৰ পৰা কানাডাৰ পাছত আন এখন সহযোগী আয়োজক দেশ মেক্সিকোৱেও বিদায় লয়। দেওবাৰে ইয়াৰ এষ্টাডিয়' এজটেকা ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপৰ এখন প্রি-কোৱাৰ্টৰ ফাইনেল মেচত মেক্সিকোক ইংলেণ্ডে ৩-২ গ'লত পৰাজিত কৰে। এই মেচখনত ইংলেণ্ডৰ লগতে দলটোৰ জুড বেলিংহামেও অভিলেখৰ সৃষ্টি কৰে। খেলৰ ৩৬ মিনিটত বেলিংহামে এটা দর্শনীয় হেডেৰে দলৰ হৈ প্ৰথমটো গ'ল দিয়ে। ইয়াৰ মাত্র ৯৮ ছেকেণ্ডৰ পাছতে তেওঁ আন এটা গ'ল দি ইংলেণ্ডৰ জয় প্রায় নিশ্চিত কৰে। 


বেলিংহামৰ এই গ'ল দুটা বিশ্বকাপৰ ইতিহাসত আটাইতকৈ কম সময়ৰ ব্যৱধানত দিয়া গ'ল ৰূপে পৰিগণিত হয়। ইফালে এষ্টাডিয়' এজটেকা ষ্টেডিয়ামত বিশ্বকাপৰ মেচত মেক্সিকোক পৰাজিত কৰা ইংলেণ্ড প্রথমটো দল ৰূপে পৰিগণিত হয়। বেলিংহামে এই ষ্টেডিয়ামখনত ৪০ বছৰৰ পাছত এনেধৰণৰ খেল প্ৰদৰ্শন কৰে, যাৰ তুলনা ১৯৮৬ চনৰ বিশ্বকাপত ডিয়েগো মাৰাডোনাৰ প্ৰদৰ্শনৰ সৈতে কৰা হৈছে। 


মন কৰিবলগীয়া যে ইংলেণ্ডৰ দলটো মেক্সিকোত উপস্থিত হোৱাৰ পাছতে মেক্সিকোৰ একাংশ উদণ্ড ফুটবলপ্রেমীৰ আতিশয্যৰ সন্মুখীন হয়। দলটো থকা হোটেলৰ কাষত মেক্সিকোৰ ফুটবলপ্রেমীয়ে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি খেলুৱৈসকলক মানসিক আৰু শাৰীৰিকভাৱে চাপৰ সৃষ্টি কৰাৰ প্ৰচেষ্টা চলায়। অৱশ্যে ইংলেণ্ড দলে গ্ৰহণ কৰা কৌশলে মেক্সিকোৰ উদণ্ড ফুটবলপ্রেমীয়ে দিয়া চাপে কাম নিদিলে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ