--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বেলিংহামে এই ষ্টেডিয়ামখনত ৪০ বছৰৰ পাছত এনেধৰণৰ খেল প্ৰদৰ্শন কৰে, যাৰ তুলনা ১৯৮৬ চনৰ বিশ্বকাপত ডিয়েগো মাৰাডোনাৰ প্ৰদৰ্শনৰ সৈতে কৰা হৈছে।

ডিজিটেল ডেস্ক : ফিফা বিশ্বকাপৰ পৰা কানাডাৰ পাছত আন এখন সহযোগী আয়োজক দেশ মেক্সিকোৱেও বিদায় লয়। দেওবাৰে ইয়াৰ এষ্টাডিয়' এজটেকা ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপৰ এখন প্রি-কোৱাৰ্টৰ ফাইনেল মেচত মেক্সিকোক ইংলেণ্ডে ৩-২ গ'লত পৰাজিত কৰে। এই মেচখনত ইংলেণ্ডৰ লগতে দলটোৰ জুড বেলিংহামেও অভিলেখৰ সৃষ্টি কৰে। খেলৰ ৩৬ মিনিটত বেলিংহামে এটা দর্শনীয় হেডেৰে দলৰ হৈ প্ৰথমটো গ'ল দিয়ে। ইয়াৰ মাত্র ৯৮ ছেকেণ্ডৰ পাছতে তেওঁ আন এটা গ'ল দি ইংলেণ্ডৰ জয় প্রায় নিশ্চিত কৰে। 


বেলিংহামৰ এই গ'ল দুটা বিশ্বকাপৰ ইতিহাসত আটাইতকৈ কম সময়ৰ ব্যৱধানত দিয়া গ'ল ৰূপে পৰিগণিত হয়। ইফালে এষ্টাডিয়' এজটেকা ষ্টেডিয়ামত বিশ্বকাপৰ মেচত মেক্সিকোক পৰাজিত কৰা ইংলেণ্ড প্রথমটো দল ৰূপে পৰিগণিত হয়। বেলিংহামে এই ষ্টেডিয়ামখনত ৪০ বছৰৰ পাছত এনেধৰণৰ খেল প্ৰদৰ্শন কৰে, যাৰ তুলনা ১৯৮৬ চনৰ বিশ্বকাপত ডিয়েগো মাৰাডোনাৰ প্ৰদৰ্শনৰ সৈতে কৰা হৈছে। 


মন কৰিবলগীয়া যে ইংলেণ্ডৰ দলটো মেক্সিকোত উপস্থিত হোৱাৰ পাছতে মেক্সিকোৰ একাংশ উদণ্ড ফুটবলপ্রেমীৰ আতিশয্যৰ সন্মুখীন হয়। দলটো থকা হোটেলৰ কাষত মেক্সিকোৰ ফুটবলপ্রেমীয়ে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি খেলুৱৈসকলক মানসিক আৰু শাৰীৰিকভাৱে চাপৰ সৃষ্টি কৰাৰ প্ৰচেষ্টা চলায়। অৱশ্যে ইংলেণ্ড দলে গ্ৰহণ কৰা কৌশলে মেক্সিকোৰ উদণ্ড ফুটবলপ্রেমীয়ে দিয়া চাপে কাম নিদিলে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু