--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩৯ দিন চলিব ফুটবল বিশ্বকাপ ২০২৬। আমেৰিকাত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। ফিফাই বিশ্বকাপৰ কিমানখন খেল তাত কিছু খেলপথাৰত অনুষ্ঠিত হ’ব সেই বিষয়ে অৱগত কৰিছে। লগতে আৰম্ভণি আৰু অন্তিম দিনটোও উল্লেখ কৰা হৈছে।

অহা ১১ জুনৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ। মেক্সিকো চহৰত অনুষ্ঠিত হ’ব উদ্বোধনী মেচ। ১৯ জুলাইত ফাইনেল। নিউ জাৰ্ছিৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বিশ্বকাপৰ ফাইনেল। ফিফাই দেওবাৰে বিশ্বকাপৰ আৰম্ভণি আৰু অন্ত ঘোষণা কৰিছে। ২০২৬ চনত ৪৮খন দেশৰ বিশ্বকাপ হ’ব। অৰ্থাৎ প্ৰতিযোগিতাৰ সংখ্যা বৃদ্ধি পাব। যদিও বিশ্বকাপৰ আৰম্ভণি আৰু অন্তিম তাৰিখ ঘোষণা কৰা হৈছে, তথাপিও সম্পূৰ্ণ সূচী প্ৰকাশ কৰিবলৈ পলম হৈছে।

ফিফাৰ তথ্য অনুসৰি আমেৰিকা, মেক্সিকো আৰু কানাডাৰ ১৬খন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বিশ্বকাপৰ ১০৪খন খেল। একাংশ ষ্টেডিয়ামত কিমানখন খেল অনুষ্ঠিত হ’ব সেই কথাও অৱগত কৰিছে।

বিশ্বকাপৰ স্থান আৰু মেচৰ তালিকা:

আটলান্টা — ৫ খন গ্ৰুপ ষ্টেজৰ মেচ, ১ ৰাউণ্ডৰ ৩২ মেচ, ১ ৰাউণ্ডৰ ১৬ মেচ, ১ খন ছেমি ফাইনেল মেচ।

বষ্টন — ৫ খন গ্ৰুপ ষ্টেজ মেচ, ১ ৰাউণ্ড অৱ ৩২ মেচ, ১ খন কোৱাৰ্টাৰ ফাইনেল মেচ।

ডালাছ — ৫ খন গ্ৰুপ ষ্টেজৰ মেচ, ২ ৰাউণ্ডৰ ৩২ মেচ, ১ ৰাউণ্ডৰ ১৬ মেচ, ১ খন ছেমি ফাইনেল মেচ।

গুয়াডালাজাৰা - ৪ খন গ্ৰুপ পৰ্যায়ৰ মেচ।

হিউষ্টন— ৫ খন গ্ৰুপ ষ্টেজৰ মেচ, ১ ৰাউণ্ডৰ ৩২ মেচ, ১ ৰাউণ্ডৰ ১৬ মেচ।

কানছাছ চিটি— ৪ খন গ্ৰুপ ষ্টেজ মেচ, ১ ৰাউণ্ড অৱ ৩২ মেচ, ১ খন কোৱাৰ্টাৰ ফাইনেল মেচ।

লছ এঞ্জেলছ — ৫ খন গ্ৰুপ ষ্টেজ মেচ, ২ ৰাউণ্ড অৱ ৩২ মেচ, ১ খন কোৱাৰ্টাৰ ফাইনেল মেচ।

মেক্সিকো চিটি— ৩ খন গ্ৰুপ ষ্টেজৰ মেচ, ১ ৰাউণ্ডৰ ৩২ মেচ, ১ ৰাউণ্ডৰ ১৬ মেচ।

মিয়ামি— গ্ৰুপ ষ্টেজৰ ৪খন মেচ, ৩২ ৰাউণ্ডৰ ১খন মেচ, ১খন কোৱাৰ্টাৰ ফাইনেল মেচ, তৃতীয় স্থানৰ মেচ।

মণ্টেৰেই — ৩ খন গ্ৰুপ ষ্টেজ মেচ, ১ ৰাউণ্ডৰ ৩২ মেচ।

নিউ জাৰ্চি— ৫ খন গ্ৰুপ ষ্টেজ মেচ, ১ ৰাউণ্ড অৱ ৩২ মেচ, ১ খন কোৱাৰ্টাৰ ফাইনেল মেচ, ফাইনেল মেচ।

ফিলাডেলফিয়া — গ্ৰুপ ষ্টেজৰ ৫ খন মেচ, ১৬ ৰাউণ্ডৰ ১ খন মেচ।

ছান ফ্ৰান্সিস্কো বে এৰিয়া — ৫ খন গ্ৰুপ ষ্টেজ মেচ, ১ ৰাউণ্ডৰ ৩২ মেচ।

ছিয়াটল— গ্ৰুপ ষ্টেজৰ ৪ খন মেচ, ৩২ ৰ ১ ৰাউণ্ড, ১৬ ৰ ১ ৰাউণ্ড।

টৰন্টো — ৫ খন গ্ৰুপ ষ্টেজ মেচ, ১ ৰাউণ্ডৰ ৩২ মেচ।

ভেংকুৱাৰ — ৫ খন গ্ৰুপ ষ্টেজৰ মেচ, ১ ৰাউণ্ডৰ ৩২ মেচ, ১ ৰাউণ্ডৰ ১৬ মেচ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement