--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩৯ দিন চলিব ফুটবল বিশ্বকাপ ২০২৬। আমেৰিকাত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। ফিফাই বিশ্বকাপৰ কিমানখন খেল তাত কিছু খেলপথাৰত অনুষ্ঠিত হ’ব সেই বিষয়ে অৱগত কৰিছে। লগতে আৰম্ভণি আৰু অন্তিম দিনটোও উল্লেখ কৰা হৈছে।

অহা ১১ জুনৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ। মেক্সিকো চহৰত অনুষ্ঠিত হ’ব উদ্বোধনী মেচ। ১৯ জুলাইত ফাইনেল। নিউ জাৰ্ছিৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বিশ্বকাপৰ ফাইনেল। ফিফাই দেওবাৰে বিশ্বকাপৰ আৰম্ভণি আৰু অন্ত ঘোষণা কৰিছে। ২০২৬ চনত ৪৮খন দেশৰ বিশ্বকাপ হ’ব। অৰ্থাৎ প্ৰতিযোগিতাৰ সংখ্যা বৃদ্ধি পাব। যদিও বিশ্বকাপৰ আৰম্ভণি আৰু অন্তিম তাৰিখ ঘোষণা কৰা হৈছে, তথাপিও সম্পূৰ্ণ সূচী প্ৰকাশ কৰিবলৈ পলম হৈছে।

ফিফাৰ তথ্য অনুসৰি আমেৰিকা, মেক্সিকো আৰু কানাডাৰ ১৬খন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বিশ্বকাপৰ ১০৪খন খেল। একাংশ ষ্টেডিয়ামত কিমানখন খেল অনুষ্ঠিত হ’ব সেই কথাও অৱগত কৰিছে।

বিশ্বকাপৰ স্থান আৰু মেচৰ তালিকা:

আটলান্টা — ৫ খন গ্ৰুপ ষ্টেজৰ মেচ, ১ ৰাউণ্ডৰ ৩২ মেচ, ১ ৰাউণ্ডৰ ১৬ মেচ, ১ খন ছেমি ফাইনেল মেচ।

বষ্টন — ৫ খন গ্ৰুপ ষ্টেজ মেচ, ১ ৰাউণ্ড অৱ ৩২ মেচ, ১ খন কোৱাৰ্টাৰ ফাইনেল মেচ।

ডালাছ — ৫ খন গ্ৰুপ ষ্টেজৰ মেচ, ২ ৰাউণ্ডৰ ৩২ মেচ, ১ ৰাউণ্ডৰ ১৬ মেচ, ১ খন ছেমি ফাইনেল মেচ।

গুয়াডালাজাৰা - ৪ খন গ্ৰুপ পৰ্যায়ৰ মেচ।

হিউষ্টন— ৫ খন গ্ৰুপ ষ্টেজৰ মেচ, ১ ৰাউণ্ডৰ ৩২ মেচ, ১ ৰাউণ্ডৰ ১৬ মেচ।

কানছাছ চিটি— ৪ খন গ্ৰুপ ষ্টেজ মেচ, ১ ৰাউণ্ড অৱ ৩২ মেচ, ১ খন কোৱাৰ্টাৰ ফাইনেল মেচ।

লছ এঞ্জেলছ — ৫ খন গ্ৰুপ ষ্টেজ মেচ, ২ ৰাউণ্ড অৱ ৩২ মেচ, ১ খন কোৱাৰ্টাৰ ফাইনেল মেচ।

মেক্সিকো চিটি— ৩ খন গ্ৰুপ ষ্টেজৰ মেচ, ১ ৰাউণ্ডৰ ৩২ মেচ, ১ ৰাউণ্ডৰ ১৬ মেচ।

মিয়ামি— গ্ৰুপ ষ্টেজৰ ৪খন মেচ, ৩২ ৰাউণ্ডৰ ১খন মেচ, ১খন কোৱাৰ্টাৰ ফাইনেল মেচ, তৃতীয় স্থানৰ মেচ।

মণ্টেৰেই — ৩ খন গ্ৰুপ ষ্টেজ মেচ, ১ ৰাউণ্ডৰ ৩২ মেচ।

নিউ জাৰ্চি— ৫ খন গ্ৰুপ ষ্টেজ মেচ, ১ ৰাউণ্ড অৱ ৩২ মেচ, ১ খন কোৱাৰ্টাৰ ফাইনেল মেচ, ফাইনেল মেচ।

ফিলাডেলফিয়া — গ্ৰুপ ষ্টেজৰ ৫ খন মেচ, ১৬ ৰাউণ্ডৰ ১ খন মেচ।

ছান ফ্ৰান্সিস্কো বে এৰিয়া — ৫ খন গ্ৰুপ ষ্টেজ মেচ, ১ ৰাউণ্ডৰ ৩২ মেচ।

ছিয়াটল— গ্ৰুপ ষ্টেজৰ ৪ খন মেচ, ৩২ ৰ ১ ৰাউণ্ড, ১৬ ৰ ১ ৰাউণ্ড।

টৰন্টো — ৫ খন গ্ৰুপ ষ্টেজ মেচ, ১ ৰাউণ্ডৰ ৩২ মেচ।

ভেংকুৱাৰ — ৫ খন গ্ৰুপ ষ্টেজৰ মেচ, ১ ৰাউণ্ডৰ ৩২ মেচ, ১ ৰাউণ্ডৰ ১৬ মেচ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক