--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ মহানায়ক অমিতাভ বচ্চন বৰ্তমান কেবিচিত ব্যস্ত ৷ শতিকাৰ মেগাষ্টাৰগৰাকীয়ে ৮২ বছৰ বয়সতো কাম কৰি বহু লোকক অনুপ্ৰাণিত কৰিছে। শ্ব’টোৰ সময়ত অমিতাভ বচ্চনেও নিজৰ জীৱনৰ লগত জড়িত বহু কাহিনী দৰ্শকৰ আগত প্ৰকাশ কৰে। শেহতীয়াকৈ বিগ বিয়ে কেবিচিৰ মঞ্চত প্ৰকাশ কৰিছে যে পত্নী জয়াৰ ফোন আহিলে তেওঁ নাৰ্ভাছ হৈ পৰে।

কৌন বনেগা কড়ৌৰপতি ১৬ৰ শেহতীয়া খণ্ডত অমিতাভ বচ্চনে প্ৰকাশ কৰিছে যে যেতিয়াই তেওঁৰ ঘৰলৈ আলহী আহে আৰু তেওঁ অকলে কথা পাতিবলগীয়া হয় তেতিয়াই জয়া বচ্চনে বাংলা ভাষাত কথা কয়। সেই সময়ত অমিতাভে একো শব্দ নাজানিও সকলো বুজি পোৱাৰ ভাও ধৰে।

অমিতাভে কয়,“যেতিয়া অতিথি আহে, আৰু আনৰ সন্মুখত অকলে কথা পতা প্ৰয়োজন হয়, তেতিয়া জয়াই সদায় বাংলা ভাষাত কথা কয়, আৰু মই বুজি পোৱাৰ অভিনয় কৰো, কিন্তু সঁচাকৈয়ে বুজিব পৰা নাপাও। শেহতীয়াকৈ তেওঁ গোৱাত এখন ছবিৰ শ্বুটিং কৰি আছিল আৰু মোৰ ফোন আহিল। সাধাৰণতে আমি মেছেজৰ জৰিয়তে কথা পাতো, কিন্তু এইবাৰ, তেওঁ ফোন কৰিলে আৰু মই আতংকিত হৈ পৰিলোঁ। পত্নীয়ে ফোন কৰিলে মই নাৰ্ভাছ হৈ পৰো, কি হ’ব ঠিক নাই বুলি।’’

অভিনেতাগৰাকীয়ে আগলৈ কয়, "মই নাৰ্ভাছ হৈ ফোনটো ৰিচিভ কৰিছিলো,  তেওঁ বাংলা ভাষাত কথা ক'বলৈ আৰম্ভ কৰিছিল কাৰণ চাৰিওফালে মানুহ আছিল, আৰু মই এটা শব্দও বুজিব পৰা নাছিলো। মই মাত্ৰ ক’লো 'হা হা', কিন্তু অলপ সময় পিছত মই ক’লোঁ যে তেওঁ কি কৈছে মই বুজি নাপালো, গতিকে কেতিয়াবা, যদি আপুনি মোক বাংলা ক’বলৈ কয়, তেন্তে মই মাত্ৰ দুটা শব্দহে ক’ব পাৰো, ‘‘বেছি জেন না,এক্টু এক্টু জানে।”




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ