--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অসমৰ লগতে উত্তৰ-পূবৰ মণিপুৰ আৰু মেঘালয়তো পুনৰ ডুৰাণ্ড কাপৰ খেল অনুষ্ঠিত হ'ব। আনহাতে, প্রথমবাৰৰ বাবে ঝাৰখণ্ডত প্রতিযোগিতাৰ খেল অনুষ্ঠিত হ'ব।

ডিজিটেল ডেস্ক: ভাৰতৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ কৰকমলেৰে মঙলবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত এক অনুষ্ঠানত ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলৰ তিনিওটা ট্রফী উন্মোচন কৰাৰ লগতে ফ্লেগ অফ কৰি প্ৰতিযোগিতাৰ আনুষ্ঠানিক আৰম্ভণি কৰে। 


উল্লেখযোগ্য যে দেশৰ প্ৰথম ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদৰ পৰা আৰম্ভ হৈ ডুৰাণ্ড কাপৰ এই ঐতিহ্য ধাৰাবাহিকৰূপে চলি আহিছে। অনুষ্ঠানত ৰাষ্ট্ৰপতি মুর্মুৱে কয় যে ডুৰাণ্ড কাপে অসংখ্য ফুটবল প্রতিভাক এক মঞ্চ প্ৰদান কৰিছে। 'ফুটবলে মানুহক একত্রিত কৰে। খেলুৱৈৰ ভাল প্রদর্শনে ক্রীড়াপ্রেমীক অনুপ্রাণিত আৰু আনন্দিত কৰে। ক্রীড়া মনোভাবৰ গুৰুত্ব কেৱল ক্রীড়াতে সীমাবদ্ধ নহয়। ই জীৱনৰ এক গুৰুত্বপূৰ্ণ মূল্যবোধ, যিয়ে আমাক সমতা, সহযোগিতা আৰু প্রতিকূল পৰিস্থিতিতো স্থিতিস্থাপক হৈ থকাৰ দৃঢ়তা দিয়ে।' ৰাষ্ট্ৰপতিগৰাকীয়ে কয়। '


অনুষ্ঠানত ভাৰতীয় সেনাৰ শীৰ্ষ বিষয়া জেনেৰেল এন এছ ৰাজা সুব্রমণি, জেনেৰেল ধীৰাজ শেঠ, এডমিৰেল কৃষ্ণ স্বামীনাথন, এয়াৰ মাৰ্চাল এছ শিৱকুমাৰ, লেফটেনেন্ট জেনেৰেল ভি এম ভুৱনা কৃষ্ণন, লেফটেনেন্ট জেনেৰেল ৰাজেশ ছেঠীৰ লগতে ভাৰতীয় জাতীয় দলৰ তাৰকা এল ছাংটে, সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ সভাপতি কল্যাণ চৌবে, অংশগ্রহণকাৰী ২৪টা দলৰ প্ৰতিনিধি উপস্থিত থাকে। 


উল্লেখযোগ্য যে ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত ১৩৫ সংখ্যক ডুৰাণ্ড কাপ অহা ২৫ জুলাইৰ পৰা আৰম্ভ হ'ব। আনহাতে, প্রতিযোগিতাখনৰ গ্ৰুপ 'এফ'ৰ খেল অহা পহিলা আগষ্টৰ পৰা গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। এইবাৰ প্ৰতিযোগিতাত মুঠ ২৪টা দলে অংশ লৈছে। দলকেইটাক ছটা গ্ৰুপত ভাগ কৰা হৈছে। অসমৰ লগতে উত্তৰ-পূবৰ মণিপুৰ আৰু মেঘালয়তো পুনৰ ডুৰাণ্ড কাপৰ খেল অনুষ্ঠিত হ'ব। আনহাতে, প্রথমবাৰৰ বাবে ঝাৰখণ্ডত প্রতিযোগিতাৰ খেল অনুষ্ঠিত হ'ব। কলকাতাত দুটা গ্ৰুপৰ তথা বাকী চাৰিটা স্থানত এটাকৈ গ্ৰুপৰ খেল অনুষ্ঠিত হ'ব। আনহাতে, অহা ২৩ আগষ্টত ফাইনেল মেচখন অনুষ্ঠিত হ'ব। 


কালি মুকলি হোৱা ট্রফী এতিয়া খেল হ'ব লগা পাঁচোখন চহৰলৈ প্ৰদৰ্শনৰ বাবে নিয়া হ'ব। অহা ১৫ জুলাইত ইম্ফল, ১৬ আৰু ১৭ জুলাইত গুৱাহাটী, ১৮ আৰু ১৯ জুলাইত ৰাঁচীলৈ যাত্ৰা কৰাৰ পূৰ্বে ১১ জুলাইৰ পৰা ১৪ জুলাইত শ্বিলঙত প্রদর্শিত হ'ব। আনহাতে, ২১ জুলাইত কলকাতাত ট্ৰফী ট্যুৰৰ সামৰণি পৰিব। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ