--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশৰ ৰাজনীতিৰ গুৰুত্বপূৰ্ণ প্ৰতিনিধি বামপন্থী নেতা সীতাৰাম য়েছুৰী অপ্ৰত্যাশিত আঘাতৰ সন্মুখীন হৈছে। ক’ভিডত মৃত্যু হৈছে য়েছুৰীৰ পুত্ৰ আশিস য়েছুৰীৰ। দিল্লীত মৃত্যু হয় অহা জুন মাহত ৩৫ বছৰত ভৰি দিবলগীয়া আশিসৰ। পেচাত সাংবাদিক আশিস গুৰুগ্ৰামৰ মেডাণ্টা হাস্পতালত চিকিৎসাধীন হৈ আছিল।

আৰু পঢ়িব পাৰিব: বোৱাৰী সন্ধানহীন! হাহাকাৰ অৱস্থা স্বামীৰ

ক’ভিডকে প্ৰায় দুসপ্তাহজোৰা যুঁজৰ পাছত মৃত্যুক আকোঁৱালি ল’লে আশিস য়েছুৰীয়ে। পুত্ৰৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰি জ্যেষ্ঠ ৰাজনীতিকজনে টুইটাৰত লিখিছে, ‘গভীৰ শোকেৰে মই এই কথা ব্যক্ত কৰিবলগীয়া হৈছে যে, মই মোৰ জ্যেষ্ঠ পুত্ৰ আশিস য়েছুৰীক হেৰুৱালোঁ।

আৰু পঢ়িব পাৰিব: অসমীয়াক সুৰৰ জিঞ্জিৰি পিন্ধাই আঁতৰি গ’ল ভিতালী দাস…

পু্ত্ৰৰ চিকিৎসাত নিয়োজিত হৈ থাকি আমাক আশাৰ কিৰণ দেখুওৱা চিকিৎসক, নাৰ্ছ, আন স্বাস্থ্যকৰ্মী, চাফাইকৰ্মী আৰু আন সকলো শুভাকাংক্ষীলৈ আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশিস য়েছুৰীৰ মৃত্যুক ‘কৰুণ আৰু অপ্ৰত্যাশিত’ আখ্যা দিছে আৰু গভীৰ শোক ব্যক্ত কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ