--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিসংগতিয়ে লগ নেৰা হৈছে দেশৰ প্ৰতিটো খণ্ডত। এইবাৰ ব্যক্তিগত খণ্ডত জনস্বাস্থ্য ৰহিত কাৰ্যত লিপ্ত থকাৰ তথ্য পোহৰলৈ আহিছে।তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত মে’ৰ পৰা জুলাই মাহৰ ভিতৰত চলোৱা এক তদন্তৰ তথ্য পোহৰলৈ আহিছে। প্ৰাপ্ত তথ্য অনুসৰি দেশত বিক্ৰী হৈ থকা মছলাৰ ১২% মছলাৰ গুণগত মান আৰু সুৰক্ষাৰ মানদণ্ড পূৰণ নকৰা পৰিলক্ষিত হৈছে। 

ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষই ৪০৫৪ টা মছলাৰ নমুনা পৰীক্ষা কৰিছিল, ইয়াৰে ৪৭৪ টা নমুনা খোৱাৰ বাবে অযোগ্য বুলি পৰীক্ষাত ধৰা পৰিছে। ২০২৪ চনৰ এপ্ৰিল-মে’ মাহত ছিংগাপুৰ আৰু হংকঙত মছলাৰ মানদণ্ড ওপৰত প্ৰশ্ন উত্থাপিত হোৱাৰ পাছতে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষই এই পৰীক্ষা আৰম্ভ কৰিছিল।

পৰীক্ষা কৰা মছলাৰ ব্ৰেণ্ডৰ সবিশেষ তথ্য প্ৰকাশ কৰা নাই যদিও গুণগত মান আৰু সুৰক্ষাৰ মানদণ্ড পূৰণ নকৰা কোম্পানীসমূহৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি FSSAI য়ে সদৰি কৰিছে। একে সময়তে এম ডি এইচ আৰু এভাৰেষ্টৰ দৰে জনপ্ৰিয় মছলাৰ ব্ৰেণ্ডে, তেওঁলোকৰ সামগ্ৰী গ্ৰাহকৰ বাবে সুৰক্ষিত বুলি দাবী কৰা পৰিলক্ষিত হৈছে৷

সমগ্ৰ বিশ্বৰ লগতে ভাৰতীয় বজাৰটো এম ডি এইচ আৰু এভাৰেষ্টৰ মছলা বিক্ৰী হৈ আছে। জিয়ন মাৰ্কেট ৰিচাৰ্চৰ তথ্য অনুসৰি ২০২২ চনত ভাৰতৰ ঘৰুৱা মছলাৰ বজাৰৰ মূল্য আছিল ৮৭,৬০৮ কোটি টকাতকৈও অধিক।২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতৰ পৰা মছলাৰ ৰপ্তানিৰ মূল্য  ৩৭,৪২৫ কোটিতকৈ অধিক হ’ব বুলি অনুমান কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন