--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিসংগতিয়ে লগ নেৰা হৈছে দেশৰ প্ৰতিটো খণ্ডত। এইবাৰ ব্যক্তিগত খণ্ডত জনস্বাস্থ্য ৰহিত কাৰ্যত লিপ্ত থকাৰ তথ্য পোহৰলৈ আহিছে।তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত মে’ৰ পৰা জুলাই মাহৰ ভিতৰত চলোৱা এক তদন্তৰ তথ্য পোহৰলৈ আহিছে। প্ৰাপ্ত তথ্য অনুসৰি দেশত বিক্ৰী হৈ থকা মছলাৰ ১২% মছলাৰ গুণগত মান আৰু সুৰক্ষাৰ মানদণ্ড পূৰণ নকৰা পৰিলক্ষিত হৈছে। 

ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষই ৪০৫৪ টা মছলাৰ নমুনা পৰীক্ষা কৰিছিল, ইয়াৰে ৪৭৪ টা নমুনা খোৱাৰ বাবে অযোগ্য বুলি পৰীক্ষাত ধৰা পৰিছে। ২০২৪ চনৰ এপ্ৰিল-মে’ মাহত ছিংগাপুৰ আৰু হংকঙত মছলাৰ মানদণ্ড ওপৰত প্ৰশ্ন উত্থাপিত হোৱাৰ পাছতে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষই এই পৰীক্ষা আৰম্ভ কৰিছিল।

পৰীক্ষা কৰা মছলাৰ ব্ৰেণ্ডৰ সবিশেষ তথ্য প্ৰকাশ কৰা নাই যদিও গুণগত মান আৰু সুৰক্ষাৰ মানদণ্ড পূৰণ নকৰা কোম্পানীসমূহৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি FSSAI য়ে সদৰি কৰিছে। একে সময়তে এম ডি এইচ আৰু এভাৰেষ্টৰ দৰে জনপ্ৰিয় মছলাৰ ব্ৰেণ্ডে, তেওঁলোকৰ সামগ্ৰী গ্ৰাহকৰ বাবে সুৰক্ষিত বুলি দাবী কৰা পৰিলক্ষিত হৈছে৷

সমগ্ৰ বিশ্বৰ লগতে ভাৰতীয় বজাৰটো এম ডি এইচ আৰু এভাৰেষ্টৰ মছলা বিক্ৰী হৈ আছে। জিয়ন মাৰ্কেট ৰিচাৰ্চৰ তথ্য অনুসৰি ২০২২ চনত ভাৰতৰ ঘৰুৱা মছলাৰ বজাৰৰ মূল্য আছিল ৮৭,৬০৮ কোটি টকাতকৈও অধিক।২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতৰ পৰা মছলাৰ ৰপ্তানিৰ মূল্য  ৩৭,৪২৫ কোটিতকৈ অধিক হ’ব বুলি অনুমান কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙা পৰি শুকাই গৈছে বিঘাই বিঘাই ধান খেতি, নলবাৰীত কৃষক ৰাইজৰ হাহাকাৰ
চন্দ্ৰযানে ধৰা পেলালে চন্দ্ৰপৃষ্ঠত সূৰ্যৰ প্ৰভাৱ, ইছ'ৰৰ সফলতা অর্জন
'মোৰ ঈশ্বৰ পুৰুষ, তুমি মোক সদায়ে আৱৰি থাকিবা মই জানো' - গৰিমা শইকীয়া গাৰ্গ
কাৰ বেংক একাউণ্টত সোমাই জুবিনৰ কামৰ টকা? CID কাৰ্যালয়ৰ পৰা ওলাই গ'ল NK প্ৰডাকচনৰ স্বত্বাধিকাৰী দেৱ বৰকটকী
সুৰৰ ভগৱানক সংগীতেৰে পূজা, সোণাপুৰৰ সমাধিস্থলীত নাম-প্ৰসংগ, বাঁহীৰ সুৰ, মায়াবিনীৰ মূর্ছনা
শিৱসাগৰত কালীপূজাৰ থলীত জুবিনদাৰ ছবি সম্বলিত স্কুল বেগ বিতৰণ চাফাই কৰ্মীৰ
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
নিয়ন্ত্ৰণৰেখাৰ কাষতে বৃহৎ ৰে'লপথৰ নিৰ্মাণ আৰম্ভ চীনৰ, তিব্বতৰ বিশেষজ্ঞৰ সতর্কবাণী