--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ সাধাৰণ জনতাক জুৰুলা কৰিছে সামগ্ৰীৰ বৰ্ধিত মূল্য বৃদ্ধিয়ে। শেহতীয়া তথ্য অনুসৰি দেশত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ জুলাই মাহত ৩.৫৪ শতাংশলৈ হ্ৰাস পাইছে। উল্লেখযোগ্য যে পূৰ্বে জুন মাহত মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৫.১ শতাংশ। ৰাষ্ট্ৰীয় পৰ্যায়ত মুদ্ৰাস্ফীতিৰ হাৰ ৩.৫৪ শতাংশলৈ পৰ্যবসিত হোৱাৰ পাছতো ৰাজ্যিক পৰ্যায়ত অন্য এখন ছবিহে পৰিলক্ষিত হৈছে।  

ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু কাৰ্যসূচী ৰুপায়ণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মুদ্ৰাস্ফীতিৰ হাৰৰ(%)শীৰ্ষ স্থানত আছে বিহাৰ(৫.৮৭), দ্বিতীয় স্থানত আছে অসম(৫.১১) তৃতিয় স্থানত আছে ওড়িশা(৪.৮৩)মুদ্ৰাস্ফীতিৰ হাৰৰ এই তালিকাত চতুৰ্থ স্থানত আছেউত্তৰ প্ৰদেশ(৪.৫৭), একেদৰে অৰুণাচল(৪.৫৩)পঞ্চম স্থানত, হাৰিয়ানা(৪.৫২)ষষ্ঠ স্থানত আৰু কেৰালা(৪.৫১)সপ্তম স্থানত আছে৷ 

বিহাৰ, অসমকে ধৰি মুদ্ৰাস্ফীতি বৃদ্ধিৰ তালিকাৰ শীৰ্ষত থকা ৰাজ্যসমূহৰ জনসাধাৰণে বৰ্ধিত মুদ্ৰাস্ফীতিয়ে সৃষ্টি কৰা অভাবনীয় মূল্যবৃদ্ধিৰ বোজা বহন কৰিবলৈ বাধ্য হৈ পৰিছে। উল্লেখযোগ্য যে ছিকিম, ঝাৰখণ্ড এই তালিকাৰ একেবাৰে শেষৰ ফালে স্থান লাভ কৰিছে। 

নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দল সমূহে জনসাধাৰণক প্ৰদান কৰা প্ৰতিশ্ৰুতি যে প্ৰহসন হে সেয়া অমীমাংসিত সমাধানসমূহৰ দ্বাৰা সহজেই অনুমেয়। এতিয়া মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাবে দায়িত্বশীল কৰ্তৃপক্ষৰ বিফলতাত শাসক পক্ষৰ স্থিতি লক্ষণীয় হ’ব৷ প্ৰশ্ন হয় যে চৰকাৰ কিয় ব্যৰ্থ হৈছে জণসাধাৰণৰ চাহিদা পুৰণত? একেখন দেশৰে ৰাজ্যসমূহত মুদ্ৰাস্ফীতিৰ এনে তাৰতম্যই কি সূচায়?

FOLLOW US F
POPULAR
FEATURE
TRENDY
দীপাৱলীৰ অচিলা লৈ গুৱাহাটী মহানগৰীত সক্ৰিয় হৈ পৰিছে জুৱাৰী চক্ৰ; জালত পৰিল ৪
বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ হ'ব কাজিৰঙা, উত্তৰ-পূবৰ ৮ স্থানক লৈ ড'নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ ঘোষণা
ৰঙা পৰি শুকাই গৈছে বিঘাই বিঘাই ধান খেতি, নলবাৰীত কৃষক ৰাইজৰ হাহাকাৰ
চন্দ্ৰযানে ধৰা পেলালে চন্দ্ৰপৃষ্ঠত সূৰ্যৰ প্ৰভাৱ, ইছ'ৰৰ সফলতা অর্জন
'মোৰ ঈশ্বৰ পুৰুষ, তুমি মোক সদায়ে আৱৰি থাকিবা মই জানো' - গৰিমা শইকীয়া গাৰ্গ
কাৰ বেংক একাউণ্টত সোমাই জুবিনৰ কামৰ টকা? CID কাৰ্যালয়ৰ পৰা ওলাই গ'ল NK প্ৰডাকচনৰ স্বত্বাধিকাৰী দেৱ বৰকটকী
দীপাৱলীৰ অচিলা লৈ গুৱাহাটী মহানগৰীত সক্ৰিয় হৈ পৰিছে জুৱাৰী চক্ৰ; জালত পৰিল ৪
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
নিয়ন্ত্ৰণৰেখাৰ কাষতে বৃহৎ ৰে'লপথৰ নিৰ্মাণ আৰম্ভ চীনৰ, তিব্বতৰ বিশেষজ্ঞৰ সতর্কবাণী
শ্ৰীমন্ত মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশ্ব এলঝাইমাৰ দিৱস; নাট 'জলছবি'ৰ সফল মঞ্চায়ন
তেজপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; কুঠাৰেৰে ঘপিয়াই হত্যা কৰে মহিলাক
গৰৈমাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড! কলেজীয়া ছাত্ৰীক হত্যা কৰিলে প্ৰেমিকে