--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এতিয়াৰ পৰা চাহ গছৰ বাদে আন উদ্ভিদ তথা ফুলৰ পৰা তৈয়াৰ কৰা পানীয়ক চাহ বুলি কোৱাটো অবৈধ হ'ব। প্ৰাধিকৰণে লগতে এইবুলিও স্পষ্ট কৰি দিয়ে যে এই নিয়মৰ উলংঘা কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

ডিজিটেল ডেস্ক : এতিয়াৰ পৰা যিকোনো সামগ্ৰীক চাহৰ নামত বিক্ৰী কৰিব নোৱাৰিব। কেৱল কেমেলিয়া ছাইনেনছেছ (Camellia sinensis) গছৰ পৰা তৈয়াৰ কৰা সামগ্রীকহে চাহ বুলি ক’ব পাৰিব। খাদ্য সুৰক্ষা তথা মানক প্ৰাধিকৰণে (FSSAI) স্পষ্ট কৰি দিয়ে যে চাহ বুলি কেৱল সেইবিলাক সামগ্রীকহে কোৱা হ'ব যিবিলাক কেমেলিয়া ছাইনেনছেছৰ পৰা উৎপাদন কৰা হয়। এফ এছ এছ এ আয়ে লগতে এইবুলিও কয় যে হার্বেল টী, ৰুইছ টী আৰু ফ্লাৱাৰ টীৰ দৰে পানীয়ৰ সামগ্ৰীক চাহ বুলি কোৱাটো ভুল আৰু বিভ্রান্তিকৰ। ইয়াক মিছ ব্রেন্ডিং বুলি ধৰা হ'ব।


এনেধৰণৰ পানীয় প্ৰপাইটৰী বা ননস্পেচিফিক খাদ্যৰ অধীনলৈ আহিব। আন কথাত এতিয়াৰ পৰা চাহ গছৰ বাদে আন উদ্ভিদ তথা ফুলৰ পৰা তৈয়াৰ কৰা পানীয়ক চাহ বুলি কোৱাটো অবৈধ হ'ব। প্ৰাধিকৰণে লগতে এইবুলিও স্পষ্ট কৰি দিয়ে যে এই নিয়মৰ উলংঘা কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই নির্দেশ সকলো উৎপাদনকাৰী তথা বিক্রেতাৰ বাবে অনিবার্য বুলি কোৱা হৈছে।


প্ৰাধিকৰণে লগতে কয় যে খাদ্য সামগ্ৰীৰ পেকেটৰ ওপৰত ইয়াৰ সঠিক আৰু বাস্তৱ নাম লিখাটো বাধ্যতামূলক। প্রাধিকৰণে এইবুলিও কয় যে কাংৰা টী, গ্রীন টী আৰু ইন্‌ষ্টেন্ট টীও কেমেলিয়া ছাইনেনছেছ গছৰ পাতৰ পৰা তৈয়াৰ কৰা হ'ব লাগিব। এই নিয়ম উলংঘা কৰাসকলৰ বিৰুদ্ধে ২০০৬ চনৰ এফ এছ এছ এ আই আইনৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। হার্বাল বা গ্রীন (চাহপাতৰ পৰা প্ৰস্তুত নকৰা) টীক চাহ বুলি ব্ৰেণ্ডিং কৰিলে বিভ্রান্তিকৰ তথা অশুদ্ধ লেবেলিঙৰ শ্ৰেণীত ধৰা হ'ব। এফ এছ এছ এ আয়ে প্রকাশ কৰা নির্দেশটোত কোৱা হৈছে যে বিভিন্ন কোম্পানীয়ে হার্বাল টী, ৰুইব্‌ছ টী আৰু ফ্লাৱাৰ টীক চাহ বুলি বিক্ৰী কৰে, কিন্তু এইবিলাক প্রকৃততে চাহ নহয়, কিয়নো এইবিলাক চাহ গছৰ পাতৰ পৰা তৈয়াৰ কৰা নহয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু