--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এতিয়াৰ পৰা চাহ গছৰ বাদে আন উদ্ভিদ তথা ফুলৰ পৰা তৈয়াৰ কৰা পানীয়ক চাহ বুলি কোৱাটো অবৈধ হ'ব। প্ৰাধিকৰণে লগতে এইবুলিও স্পষ্ট কৰি দিয়ে যে এই নিয়মৰ উলংঘা কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

ডিজিটেল ডেস্ক : এতিয়াৰ পৰা যিকোনো সামগ্ৰীক চাহৰ নামত বিক্ৰী কৰিব নোৱাৰিব। কেৱল কেমেলিয়া ছাইনেনছেছ (Camellia sinensis) গছৰ পৰা তৈয়াৰ কৰা সামগ্রীকহে চাহ বুলি ক’ব পাৰিব। খাদ্য সুৰক্ষা তথা মানক প্ৰাধিকৰণে (FSSAI) স্পষ্ট কৰি দিয়ে যে চাহ বুলি কেৱল সেইবিলাক সামগ্রীকহে কোৱা হ'ব যিবিলাক কেমেলিয়া ছাইনেনছেছৰ পৰা উৎপাদন কৰা হয়। এফ এছ এছ এ আয়ে লগতে এইবুলিও কয় যে হার্বেল টী, ৰুইছ টী আৰু ফ্লাৱাৰ টীৰ দৰে পানীয়ৰ সামগ্ৰীক চাহ বুলি কোৱাটো ভুল আৰু বিভ্রান্তিকৰ। ইয়াক মিছ ব্রেন্ডিং বুলি ধৰা হ'ব।


এনেধৰণৰ পানীয় প্ৰপাইটৰী বা ননস্পেচিফিক খাদ্যৰ অধীনলৈ আহিব। আন কথাত এতিয়াৰ পৰা চাহ গছৰ বাদে আন উদ্ভিদ তথা ফুলৰ পৰা তৈয়াৰ কৰা পানীয়ক চাহ বুলি কোৱাটো অবৈধ হ'ব। প্ৰাধিকৰণে লগতে এইবুলিও স্পষ্ট কৰি দিয়ে যে এই নিয়মৰ উলংঘা কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই নির্দেশ সকলো উৎপাদনকাৰী তথা বিক্রেতাৰ বাবে অনিবার্য বুলি কোৱা হৈছে।


প্ৰাধিকৰণে লগতে কয় যে খাদ্য সামগ্ৰীৰ পেকেটৰ ওপৰত ইয়াৰ সঠিক আৰু বাস্তৱ নাম লিখাটো বাধ্যতামূলক। প্রাধিকৰণে এইবুলিও কয় যে কাংৰা টী, গ্রীন টী আৰু ইন্‌ষ্টেন্ট টীও কেমেলিয়া ছাইনেনছেছ গছৰ পাতৰ পৰা তৈয়াৰ কৰা হ'ব লাগিব। এই নিয়ম উলংঘা কৰাসকলৰ বিৰুদ্ধে ২০০৬ চনৰ এফ এছ এছ এ আই আইনৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। হার্বাল বা গ্রীন (চাহপাতৰ পৰা প্ৰস্তুত নকৰা) টীক চাহ বুলি ব্ৰেণ্ডিং কৰিলে বিভ্রান্তিকৰ তথা অশুদ্ধ লেবেলিঙৰ শ্ৰেণীত ধৰা হ'ব। এফ এছ এছ এ আয়ে প্রকাশ কৰা নির্দেশটোত কোৱা হৈছে যে বিভিন্ন কোম্পানীয়ে হার্বাল টী, ৰুইব্‌ছ টী আৰু ফ্লাৱাৰ টীক চাহ বুলি বিক্ৰী কৰে, কিন্তু এইবিলাক প্রকৃততে চাহ নহয়, কিয়নো এইবিলাক চাহ গছৰ পাতৰ পৰা তৈয়াৰ কৰা নহয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ