--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰণেহে জানে মৰণৰ ঠাই। মৃত্যুৱে যেতিয়া হাত বাউলি মাতে তেতিয়া মানুহে যেনেকৈ হ'লেও সেই স্থানত গৈ উপস্থিত হয় য'ত তেওঁৰ মৃত্যু লিখা আছে। ৰাজস্থানত সংঘটিত হোৱা এক হৃদয়বিদাৰক ঘটনাই এই কথাকেই পুনৰ প্ৰমাণ কৰিছে। এজন যুৱকে মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল আৰু মন্দিৰ দৰ্শন কৰাৰ পাছত তেওঁ উঠিছিল ফটো। কোনেনো জানিছিল ফটো তুলি থকাৰ সময়ত যে তেওঁৰ কাষত কাল নিয়তি ৰৈ আছিল। 

মন্দিৰৰ শিলৰ ফলক গাত বাগৰি পৰাৰ ফলত ফটো উঠি থকা যুৱকজনৰ শোকাৱহভাৱে মৃত্যু ঘটে। ঘটনাটো সংঘটিত হৈছিল জগতপুৰাৰ অক্ষয় পাত্ৰ মন্দিৰৰ বাহিৰত। অক্ষয় পাত্ৰ মন্দিৰৰ বাহিৰত ফটো উঠাৰ সময়ত এখন শিলৰ ফলক পৰি যোৱাত যুৱকজনৰ মৃত্যু হয়। বন্ধুৰ সৈতে মন্দিৰ চাবলৈ গৈছিল যুৱকজন। উভতি অহাৰ সময়ত যুৱকজনে মন্দিৰৰ বাহিৰৰ শিলৰ ফলকখনৰ ওচৰত ফটোৰ বাবে প'জ দি আছিল আৰু তেতিয়াই দুৰ্ঘটনাটো সংঘটিত হয়। সোমবাৰে দিনৰ ১২ বজাত সংঘটিত হয় এই ঘটনা। শেহতীয়াকৈ দুৰ্ঘটনাটোৰ চিচি টিভি ফুটেজ ভাইৰেল হৈ পৰিছে।

আৰক্ষীয়ে জনোৱা মতে,যুৱকজনৰ নাম দেৱব্ৰত শুক্লা(৩২)। দেৱব্ৰতৰ বন্ধু ভূপেশে জনোৱা মতে, শনিবাৰে তেওঁ জয়পুৰলৈ আহিছিল পি এফৰ ধন উলিয়াবলৈ। পি এফৰ অফিচ বন্ধ হোৱাৰ সময়ত তেওঁ জয়পুৰৰ এজন বন্ধুৰ ফ্লেটত থাকিল। সোমবাৰে দুয়ো গোনাৰত মাটিৰ প্লট চাবলৈ ওলাই আহিছিল। বাটত দেৱব্ৰতে অক্ষয়পাত্ৰ মন্দিৰ চোৱাৰ কথা কয়। মন্দিৰ দৰ্শনৰ পাছত দুয়ো ফটো উঠে।

চাওক ভিডিঅ'



মন্দিৰৰ বাহিৰত থকা শিলৰ ফলকখনৰ স্তম্ভটোৰ ওচৰত থিয় হৈ ফটোৰ প'জ দি আছিল দেৱব্ৰতে আৰু তেওঁৰ ফটো তুলি আছিল ভূপেশে। সেই সময়তে হঠাতে মন্দিৰৰ শিলৰ ফলকৰ স্তম্ভটো বাগৰি যুৱকজনৰ গাত পৰে। যুৱকজনে এই বিষয়ে গম পাই স্তম্ভটোৰ তলৰ পৰা আঁতৰি দূৰলৈ যোৱাৰ চেষ্টা চলায় যদিও ব্যৰ্থ হয়। বন্ধু ভূপেশে দেৱব্ৰতক উলিয়াই আনি ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যায়। য'ত চিকিৎসাৰ সময়তে দেৱব্ৰত শুক্লাই মৃত্যুক সাবটি লয়। দেৱব্ৰতে ইহ সংসাৰত পত্নীৰ লগতে ৪ বছৰীয়া কন্যা বাণী আৰু চাৰি মহীয়া পুত্ৰ কৃষ্ণক এৰি থৈ গৈছে। এই ঘটনাত সমগ্ৰ ৰাজস্থানতে পৰিছে গভীৰ শোকৰ ছাঁ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ