--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰণেহে জানে মৰণৰ ঠাই। মৃত্যুৱে যেতিয়া হাত বাউলি মাতে তেতিয়া মানুহে যেনেকৈ হ'লেও সেই স্থানত গৈ উপস্থিত হয় য'ত তেওঁৰ মৃত্যু লিখা আছে। ৰাজস্থানত সংঘটিত হোৱা এক হৃদয়বিদাৰক ঘটনাই এই কথাকেই পুনৰ প্ৰমাণ কৰিছে। এজন যুৱকে মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল আৰু মন্দিৰ দৰ্শন কৰাৰ পাছত তেওঁ উঠিছিল ফটো। কোনেনো জানিছিল ফটো তুলি থকাৰ সময়ত যে তেওঁৰ কাষত কাল নিয়তি ৰৈ আছিল। 

মন্দিৰৰ শিলৰ ফলক গাত বাগৰি পৰাৰ ফলত ফটো উঠি থকা যুৱকজনৰ শোকাৱহভাৱে মৃত্যু ঘটে। ঘটনাটো সংঘটিত হৈছিল জগতপুৰাৰ অক্ষয় পাত্ৰ মন্দিৰৰ বাহিৰত। অক্ষয় পাত্ৰ মন্দিৰৰ বাহিৰত ফটো উঠাৰ সময়ত এখন শিলৰ ফলক পৰি যোৱাত যুৱকজনৰ মৃত্যু হয়। বন্ধুৰ সৈতে মন্দিৰ চাবলৈ গৈছিল যুৱকজন। উভতি অহাৰ সময়ত যুৱকজনে মন্দিৰৰ বাহিৰৰ শিলৰ ফলকখনৰ ওচৰত ফটোৰ বাবে প'জ দি আছিল আৰু তেতিয়াই দুৰ্ঘটনাটো সংঘটিত হয়। সোমবাৰে দিনৰ ১২ বজাত সংঘটিত হয় এই ঘটনা। শেহতীয়াকৈ দুৰ্ঘটনাটোৰ চিচি টিভি ফুটেজ ভাইৰেল হৈ পৰিছে।

আৰক্ষীয়ে জনোৱা মতে,যুৱকজনৰ নাম দেৱব্ৰত শুক্লা(৩২)। দেৱব্ৰতৰ বন্ধু ভূপেশে জনোৱা মতে, শনিবাৰে তেওঁ জয়পুৰলৈ আহিছিল পি এফৰ ধন উলিয়াবলৈ। পি এফৰ অফিচ বন্ধ হোৱাৰ সময়ত তেওঁ জয়পুৰৰ এজন বন্ধুৰ ফ্লেটত থাকিল। সোমবাৰে দুয়ো গোনাৰত মাটিৰ প্লট চাবলৈ ওলাই আহিছিল। বাটত দেৱব্ৰতে অক্ষয়পাত্ৰ মন্দিৰ চোৱাৰ কথা কয়। মন্দিৰ দৰ্শনৰ পাছত দুয়ো ফটো উঠে।

চাওক ভিডিঅ'



মন্দিৰৰ বাহিৰত থকা শিলৰ ফলকখনৰ স্তম্ভটোৰ ওচৰত থিয় হৈ ফটোৰ প'জ দি আছিল দেৱব্ৰতে আৰু তেওঁৰ ফটো তুলি আছিল ভূপেশে। সেই সময়তে হঠাতে মন্দিৰৰ শিলৰ ফলকৰ স্তম্ভটো বাগৰি যুৱকজনৰ গাত পৰে। যুৱকজনে এই বিষয়ে গম পাই স্তম্ভটোৰ তলৰ পৰা আঁতৰি দূৰলৈ যোৱাৰ চেষ্টা চলায় যদিও ব্যৰ্থ হয়। বন্ধু ভূপেশে দেৱব্ৰতক উলিয়াই আনি ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যায়। য'ত চিকিৎসাৰ সময়তে দেৱব্ৰত শুক্লাই মৃত্যুক সাবটি লয়। দেৱব্ৰতে ইহ সংসাৰত পত্নীৰ লগতে ৪ বছৰীয়া কন্যা বাণী আৰু চাৰি মহীয়া পুত্ৰ কৃষ্ণক এৰি থৈ গৈছে। এই ঘটনাত সমগ্ৰ ৰাজস্থানতে পৰিছে গভীৰ শোকৰ ছাঁ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ