--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিপদে লগ নেৰা হৈছে দেশৰ বিমান পৰিবহন ব্যৱস্থা। শেহতীয়া কেইটামান দিনত যাত্ৰাপথত দেখা দিয়া কাৰিকৰী বিজুতিৰ ফলত যাত্ৰাপথ সলনি কৰি অন্য কোনো পৃথক বিমানবন্দৰত অৱতৰণ কৰিবলৈ বাধ্য হৈছে দেশৰ কেইবাখনো বিমানে। শুকুৰবাৰে পুনৰ এনে এক পৰিস্থিতিৰ সন্মুখীন হৈছে গ’ ফাৰ্ষ্ট কোম্পানীৰ এখন বিমান। বেংগালুৰুৰ পৰা মালদ্বীপৰ মালে অভিমুখী গ’ ফাৰ্ষ্ট- ৰ বিমান খনত ভুলবশত: সতৰ্কতামূলক এলাৰ্ম বাজি উঠাৰ বাবে কইম্বাটুৰত জৰুৰী অৱতৰণ কৰে।

প্ৰায় ৯২ গৰাকী যাত্ৰীক কঢ়িয়াই নিয়া বিমানখনৰ পাইলটগৰাকীয়ে তামিলনাডুৰ কইম্বাটুৰৰ ওচৰতে সতৰ্কতামূলক এলাৰ্ম বাজি উঠাৰ বাবে যাত্ৰা পথ সলনি কৰি কইম্বাটুৰ বিমানবন্দৰত লগে লগে অৱতৰণ কৰায়। অৱশ্যে কইম্বাটুৰৰ বিমানবন্দৰ কৰ্তৃপক্ষই বিমানখন পৰীক্ষা কৰাৰ পিছত এই এলাৰ্মভুলতে বজা বুলি নিশ্চিত হয়।

বিমানবন্দৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে দুটা ইঞ্জিন অত্যাধিক গৰম হৈ যোৱাৰ পিছতে বিমানখনত এলাৰ্ম বাজি উঠিছিল। বিশেষজ্ঞ দলৰ দ্বাৰা ইঞ্জিনৰ পৰীক্ষা কৰাৰ পিছত ভুলৱশত: এলাৰ্ম বাজি উঠা বুলি নিশ্চিত হয় আৰু বিমানখনৰ উৰণৰ ক্ষেত্ৰত কোনো বাধা নাই বুলি ঘোষণা কৰে। পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত বিমানখন সন্ধিয়া ৫ বজাৰ পিছত মালেলৈ পুনৰ ৰাওনা হয়। 

উল্লেখ্য যে বিগত সময়চোৱাত বিমান পৰিবহনৰ ক্ষেত্ৰত সমুখলৈ অহা একাধিক কাৰিকৰী বিজুতিৰ ঘটনাৰ পাছত মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ভাৰতীয় বিমান কেৰিয়াৰ সমূহৰ মুৰব্বীসকলৰ সৈতে বৈঠক আহ্বান কৰিছিল। সিন্ধিয়াই লগতে প্ৰতিটো বিমান সংস্থাক সুৰক্ষা পৰ্যৱেক্ষণ বৃদ্ধি কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ ল'বলৈ নিৰ্দেশ দিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ