--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিপদে লগ নেৰা হৈছে দেশৰ বিমান পৰিবহন ব্যৱস্থা। শেহতীয়া কেইটামান দিনত যাত্ৰাপথত দেখা দিয়া কাৰিকৰী বিজুতিৰ ফলত যাত্ৰাপথ সলনি কৰি অন্য কোনো পৃথক বিমানবন্দৰত অৱতৰণ কৰিবলৈ বাধ্য হৈছে দেশৰ কেইবাখনো বিমানে। শুকুৰবাৰে পুনৰ এনে এক পৰিস্থিতিৰ সন্মুখীন হৈছে গ’ ফাৰ্ষ্ট কোম্পানীৰ এখন বিমান। বেংগালুৰুৰ পৰা মালদ্বীপৰ মালে অভিমুখী গ’ ফাৰ্ষ্ট- ৰ বিমান খনত ভুলবশত: সতৰ্কতামূলক এলাৰ্ম বাজি উঠাৰ বাবে কইম্বাটুৰত জৰুৰী অৱতৰণ কৰে।

প্ৰায় ৯২ গৰাকী যাত্ৰীক কঢ়িয়াই নিয়া বিমানখনৰ পাইলটগৰাকীয়ে তামিলনাডুৰ কইম্বাটুৰৰ ওচৰতে সতৰ্কতামূলক এলাৰ্ম বাজি উঠাৰ বাবে যাত্ৰা পথ সলনি কৰি কইম্বাটুৰ বিমানবন্দৰত লগে লগে অৱতৰণ কৰায়। অৱশ্যে কইম্বাটুৰৰ বিমানবন্দৰ কৰ্তৃপক্ষই বিমানখন পৰীক্ষা কৰাৰ পিছত এই এলাৰ্মভুলতে বজা বুলি নিশ্চিত হয়।

বিমানবন্দৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে দুটা ইঞ্জিন অত্যাধিক গৰম হৈ যোৱাৰ পিছতে বিমানখনত এলাৰ্ম বাজি উঠিছিল। বিশেষজ্ঞ দলৰ দ্বাৰা ইঞ্জিনৰ পৰীক্ষা কৰাৰ পিছত ভুলৱশত: এলাৰ্ম বাজি উঠা বুলি নিশ্চিত হয় আৰু বিমানখনৰ উৰণৰ ক্ষেত্ৰত কোনো বাধা নাই বুলি ঘোষণা কৰে। পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত বিমানখন সন্ধিয়া ৫ বজাৰ পিছত মালেলৈ পুনৰ ৰাওনা হয়। 

উল্লেখ্য যে বিগত সময়চোৱাত বিমান পৰিবহনৰ ক্ষেত্ৰত সমুখলৈ অহা একাধিক কাৰিকৰী বিজুতিৰ ঘটনাৰ পাছত মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ভাৰতীয় বিমান কেৰিয়াৰ সমূহৰ মুৰব্বীসকলৰ সৈতে বৈঠক আহ্বান কৰিছিল। সিন্ধিয়াই লগতে প্ৰতিটো বিমান সংস্থাক সুৰক্ষা পৰ্যৱেক্ষণ বৃদ্ধি কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ ল'বলৈ নিৰ্দেশ দিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান