ডিজিটেল ডেস্কঃ ভাৰতীয় ফুটবল দল খেলপথাৰত প্ৰৱেশ কৰিলেই সকলোৰে দৃষ্টি তেওঁৰ ওপৰত থাকে। অনুৰাগীক নিৰাশ নকৰে সুনীল ছেত্ৰীয়ে। এটাৰ পাছত আন এটা গ’ল দিয়ে। শেহতীয়াকৈ ছেফ কাপতো একেই ছবি দেখা যায়। ৩৮ বছৰ বয়সতো তেওঁৰ গ’ল দিয়াৰ ক্ষুধা কমি যোৱা নাই।
ভাৰতীয় অধিনায়কগৰাকীয়ে ফুটবল ইমানেই ভাল পায় যে ছাত্ৰাৱস্থাত মাক-দেউতাকক খবৰ নিদিয়াকৈয়ে এই খেলৰ বাবে স্কুলখনো সলনি কৰি দিছিল।
সুনীলৰ দেউতাক সেনাবাহিনীত আছিল। গতিকে সুনীল ছেত্ৰীয়ে আৰ্মি পাব্লিক স্কুলত পঢ়িছিল। তাৰ পৰাই আৰম্ভ হৈছিল তেওঁৰ ফুটবল কেৰিয়াৰ। স্কুলৰ ফুটবল দলত খেলিছিল। তাত খেলি থাকোঁতেই স্কুল সলনি কৰাৰ সিদ্ধান্ত ল’লে।
এক সাক্ষাৎকাৰত সুনীলে কয়, ‘আমাৰ স্কুলৰ ফুটবল দলটোৱে কোনো ডাঙৰ প্ৰতিযোগিতাত বেছি খেলাৰ সুযোগ নাপাইছিল। গ্ৰুপ পৰ্যায়ৰ পৰা ওলাই আহে। আন স্কুলবোৰে আমাতকৈ বহুত ভাল খেলিছিল। গতিকে মাক-দেউতাকক অৱগত নকৰাকৈয়ে ক্ষন্তেকীয়া সিদ্ধান্ত লৈ ট্ৰেন্সফাৰ চাৰ্টিফিকেটৰ বাবে স্কুলত আবেদন কৰিলোঁ।''
তাৰপাছত সুনীলে মমতা মডাৰ্ণ স্কুলত ভৰ্তি হ'ল। পুত্ৰৰ এই সিদ্ধান্ত সুনীলৰ পিতৃ-মাতৃয়ে মানি লোৱা নাছিল। কিন্তু সুনীলে কয়- ''মাক-দেউতাৰ আগত বহু কথা প্ৰমাণ কৰিবলগীয়া আছিল। মই যে একে সময়তে পঢ়িবও পাৰো আৰু খেলিবও পাৰো আৰু অকলেও থাকিব পাৰো সেই কথা প্ৰমাণ কৰিবলৈ আছিল। গতিকে দিল্লীত থাকিলেও ঘৰত নাথাকিলো। স্কুলৰ ফুটবলাৰসকলৰ লগত হোষ্টেলতে থাকিছিলো। দুবছৰ হোষ্টেলতে থাকিলো। এই সিদ্ধান্তত মোৰ মা-দেউতা সুখী নাছিল।”
স্কুলত পঢ়ি থাকোঁতে সুনীলে নিজৰ সকলো কাম নিজেই কৰিছিল। তেওঁ কয় - ''ইউনিফৰ্ম প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি কিতাপ আৰু বহী সংগ্ৰহ কৰালৈকে সকলো কাম মই নিজেই কৰিছিলোঁ। খেলাৰ উপৰিও পঢ়া-শুনাত গুৰুত্ব দিবলৈ আৰম্ভ কৰিলেই বুজিলোঁ যে ইমান কঠিন নহয়। গতিকে সেই সময়ৰ কথা ভাবি মই কেতিয়াও আক্ষেপ কৰা নাই।''