--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ফুটবল দল খেলপথাৰত প্ৰৱেশ কৰিলেই সকলোৰে দৃষ্টি তেওঁৰ ওপৰত থাকে। অনুৰাগীক নিৰাশ নকৰে সুনীল ছেত্ৰীয়ে। এটাৰ পাছত আন এটা গ’ল দিয়ে। শেহতীয়াকৈ ছেফ কাপতো একেই ছবি দেখা যায়। ৩৮ বছৰ বয়সতো তেওঁৰ গ’ল দিয়াৰ ক্ষুধা কমি যোৱা নাই।

ভাৰতীয় অধিনায়কগৰাকীয়ে ফুটবল ইমানেই ভাল পায় যে ছাত্ৰাৱস্থাত মাক-দেউতাকক খবৰ নিদিয়াকৈয়ে এই খেলৰ বাবে স্কুলখনো সলনি কৰি দিছিল।

সুনীলৰ দেউতাক সেনাবাহিনীত আছিল। গতিকে সুনীল ছেত্ৰীয়ে আৰ্মি পাব্লিক স্কুলত পঢ়িছিল। তাৰ পৰাই আৰম্ভ হৈছিল তেওঁৰ ফুটবল কেৰিয়াৰ। স্কুলৰ ফুটবল দলত খেলিছিল। তাত খেলি থাকোঁতেই স্কুল সলনি কৰাৰ সিদ্ধান্ত ল’লে।

এক সাক্ষাৎকাৰত সুনীলে কয়, ‘আমাৰ স্কুলৰ ফুটবল দলটোৱে কোনো ডাঙৰ প্ৰতিযোগিতাত বেছি খেলাৰ সুযোগ নাপাইছিল। গ্ৰুপ পৰ্যায়ৰ পৰা ওলাই আহে। আন স্কুলবোৰে আমাতকৈ বহুত ভাল খেলিছিল। গতিকে মাক-দেউতাকক অৱগত নকৰাকৈয়ে ক্ষন্তেকীয়া সিদ্ধান্ত লৈ ট্ৰেন্সফাৰ চাৰ্টিফিকেটৰ বাবে স্কুলত আবেদন কৰিলোঁ।''

তাৰপাছত সুনীলে মমতা মডাৰ্ণ স্কুলত ভৰ্তি হ'ল। পুত্ৰৰ এই সিদ্ধান্ত সুনীলৰ পিতৃ-মাতৃয়ে মানি লোৱা নাছিল। কিন্তু সুনীলে কয়- ''মাক-দেউতাৰ আগত বহু কথা প্ৰমাণ কৰিবলগীয়া আছিল। মই যে একে সময়তে পঢ়িবও পাৰো আৰু খেলিবও পাৰো আৰু অকলেও থাকিব পাৰো সেই কথা প্ৰমাণ কৰিবলৈ আছিল। গতিকে দিল্লীত থাকিলেও ঘৰত নাথাকিলো। স্কুলৰ ফুটবলাৰসকলৰ লগত হোষ্টেলতে থাকিছিলো। দুবছৰ হোষ্টেলতে থাকিলো। এই সিদ্ধান্তত মোৰ মা-দেউতা সুখী নাছিল।”

স্কুলত পঢ়ি থাকোঁতে সুনীলে নিজৰ সকলো কাম নিজেই কৰিছিল। তেওঁ কয় - ''ইউনিফৰ্ম প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি কিতাপ আৰু বহী সংগ্ৰহ কৰালৈকে সকলো কাম মই নিজেই কৰিছিলোঁ। খেলাৰ উপৰিও পঢ়া-শুনাত গুৰুত্ব দিবলৈ আৰম্ভ কৰিলেই বুজিলোঁ যে ইমান কঠিন নহয়। গতিকে সেই সময়ৰ কথা ভাবি মই কেতিয়াও আক্ষেপ কৰা নাই।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে