--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাঘৱ চাদ্ধাকে ধৰি আপৰ সাতজন সাংসদে বিজেপিত যোগদান কৰাৰ বিষয়টোত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মৰ হস্তক্ষেপ বিচাৰিছে আপৰ শীর্ষ নেতা তথা পঞ্জাবৰ মুখ্যমন্ত্রী ভগৱন্ত মানে।

ডিজিটেল ডেস্ক: বিজেপিত যোগদান কৰা আম আদমি পার্টিৰ (আপ) ৭জন সাংসদক অযোগ্য ঘোষণা কৰাৰ বাবে আপে ৰাজ্য সভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিব। আপৰ নেতা সঞ্জয় সিঙে শনিবাৰে এই কথা প্রকাশ কৰে। 


তেওঁ কয় যে দলত্যাগ বিৰোধী আইনত স্পষ্টভাৱে উল্লেখ আছে যে ৰাজ্য সভা আৰু লোক সভাত কোনো বিভাজন বা গোট গঠন কৰিব নোৱাৰে। দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা থাকিলেও ইয়াৰ কোনো আইনী ন্যায্যতা নাই। সাতোজন সাংসদৰ বিজেপিত যোগদান কৰা কাৰ্য সম্পূৰ্ণ অসাংবিধানিক আৰু অনৈতিক বুলিও সিঙে কয়। 


ইফালে, ৰাঘৱ চাদ্ধাকে ধৰি আপৰ সাতজন সাংসদে বিজেপিত যোগদান কৰাৰ বিষয়টোত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মৰ হস্তক্ষেপ বিচাৰিছে আপৰ শীর্ষ নেতা তথা পঞ্জাবৰ মুখ্যমন্ত্রী ভগৱন্ত মানে। তেওঁ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰাৰ বাবে অনুমতি বিচাৰিছে। 


উল্লেখযোগ্য যে বিজেপিত যোগদান কৰা আপৰ ৭জন সাংসদৰ ছজনেই আছিল পঞ্জাবৰ। উল্লেখযোগ্য যে সাধাৰণ জনতাৰ কিছুমান গুৰুত্বপূৰ্ণ বিষয় ৰাজ্য সভাত বলিষ্ঠ ৰূপত উত্থাপনেৰে দেশৰ নৱপ্ৰজন্মৰ নয়নৰ মণিত পৰিণত হৈছিল ৰাঘৱ চাদ্ধা। সামাজিক মাধ্যমত তেওঁৰ অনুগামী (ফ'লৱাৰ্ছ)ৰ সংখ্যা কেইবা নিযুত আছিল। 


ইনষ্টাগ্ৰামত তেওঁৰ ফল'ৱাৰ্ছ বিজেপিত যোগদান কৰাৰ পাছতে ১৪.৬ নিযুতৰ পৰা ১৩.৩ নিযুতলৈ হ্রাস পালে। অর্থাৎ এদিনৰ ভিতৰতে প্ৰায় ১৪ লাখ অনুগামী কমিল চাদ্ধাৰ।


উৎস: দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু