--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইচিচি এদিনীয়া বিশ্বকাপ ২০২৩-ৰ সময়সূচী ঘোষণা কৰাৰ পিছতে  সমগ্ৰ দেশতে বিতৰ্কৰ ধুমুহা বৈছে৷ বিশ্বকাপৰ খেল কেইবা স্থানতো দিয়া হৈছে যদিও বহু ঠাইত খেল দিয়া হোৱা নাই। বহুতে ৰাজনৈতিক কাৰণতে এনে ধৰণৰ বঞ্চনা কৰা হৈছে বুলি অভিযোগ কৰিছে৷ এতিয়া বিচিচিআই-এ  পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সক্ৰিয় হৈ পৰা  পৰিলক্ষিত হৈছে। বিচিচিআই-এ কৈছে যে বিশ্বকাপৰ খেল অনুষ্ঠিত নোহোৱা  কেন্দ্ৰসমূহক দ্বিপাক্ষিক শৃংখলাৰ খেল আয়োজনৰ দায়িত্ব দিয়া হ'ব। দৰাচলতে, মোহালি আৰু নাগপুৰকে ধৰি কেইবাখনো জনপ্ৰিয় স্থানে  বিশ্বকাপৰ খেল আয়োজন কৰাৰ সুবিধা পোৱা নাই৷

১৯৯৬  আৰু ২০১১ ৰ দুয়োখন বিশ্বকাপতে মোহালিত ছেমি ফাইনেল খেলোৱা হৈছিল। কিন্তু ২০২৩ চনত মোহালিত কোনো খেল দিয়া হোৱা নাই। ইন্দোৰ, ৰাজকোট, নাগপুৰ, কটক, ৰাঁচী, ভাইজাগ আদি স্থানৰ ক্ৰীডড়াপ্ৰেমীসকলেও খেল আয়োজন কৰিব বিচাৰিছিল, কিন্তু এই স্থানবোৰো বাদ পৰিছে।  ইয়াৰ পিছতে বিচিচিআইৰ সচিব জয় শ্বাহে দেশৰ সকলো ৰাজ্যিক ক্ৰিকেট সংস্থালৈ এখন পত্ৰ লিখিছে। 

পত্ৰ খনত তেওঁ লিখিছে "বিশ্বকাপৰ দায়িত্ব দিয়া ৰাজ্যসমূহক আগন্তুক দ্বিপাক্ষিক শৃংখলাত খেল আয়োজনৰ কথা নাভাবিবলৈ অনুৰোধ জনোৱা হৈছে।  বিশ্বকাপৰ মেচ নোপোৱা ৰাজ্যবোৰৰ কথা মনত ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। সভাৰ সকলোৱে প্ৰস্তাৱটোত  সন্মত হৈছে।  বিশ্বকাপ আয়োজনৰ সিদ্ধান্ত নিঃস্বাৰ্থভাৱে গ্ৰহণ কৰাৰ বাবে মই সকলো ক্ৰিকেট সংস্থাক ধন্যবাদ জনাইছো। জয় শ্বাহে কয় যে ৱাৰ্ম-আপ মেচ আয়োজনৰ দায়িত্ব দিয়া গুৱাহাটী আৰু তিৰুৱন্তপুৰমক আগন্তুক দ্বিপাক্ষিক শৃংখলাত মেচ প্ৰদান কৰা হ'ব।’’

এছিয়া কাপৰ পিছত অষ্ট্ৰেলিয়াই ভাৰতত তিনিখন এদিনীয়া শৃংখলা খেলিব। বিশ্বকাপৰ পিছত ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন  টি-২০ শৃংখলা খেলিব। তাৰ পিছত ইংলেণ্ডে ২০২৫ চনত পাঁচ খন টেষ্টৰ শৃংখলাৰ বাবে ভাৰত ভ্ৰমণ কৰিব। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পিছত ভাৰতে নিউজিলেণ্ড আৰু বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শৃংখলা খেলিব৷ ফলস্বৰূপে এই খেলবোৰ বিশ্বকাপৰ খেল নোপোৱা  কেন্দ্ৰবোৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক