--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইচিচি এদিনীয়া বিশ্বকাপ ২০২৩-ৰ সময়সূচী ঘোষণা কৰাৰ পিছতে  সমগ্ৰ দেশতে বিতৰ্কৰ ধুমুহা বৈছে৷ বিশ্বকাপৰ খেল কেইবা স্থানতো দিয়া হৈছে যদিও বহু ঠাইত খেল দিয়া হোৱা নাই। বহুতে ৰাজনৈতিক কাৰণতে এনে ধৰণৰ বঞ্চনা কৰা হৈছে বুলি অভিযোগ কৰিছে৷ এতিয়া বিচিচিআই-এ  পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সক্ৰিয় হৈ পৰা  পৰিলক্ষিত হৈছে। বিচিচিআই-এ কৈছে যে বিশ্বকাপৰ খেল অনুষ্ঠিত নোহোৱা  কেন্দ্ৰসমূহক দ্বিপাক্ষিক শৃংখলাৰ খেল আয়োজনৰ দায়িত্ব দিয়া হ'ব। দৰাচলতে, মোহালি আৰু নাগপুৰকে ধৰি কেইবাখনো জনপ্ৰিয় স্থানে  বিশ্বকাপৰ খেল আয়োজন কৰাৰ সুবিধা পোৱা নাই৷

১৯৯৬  আৰু ২০১১ ৰ দুয়োখন বিশ্বকাপতে মোহালিত ছেমি ফাইনেল খেলোৱা হৈছিল। কিন্তু ২০২৩ চনত মোহালিত কোনো খেল দিয়া হোৱা নাই। ইন্দোৰ, ৰাজকোট, নাগপুৰ, কটক, ৰাঁচী, ভাইজাগ আদি স্থানৰ ক্ৰীডড়াপ্ৰেমীসকলেও খেল আয়োজন কৰিব বিচাৰিছিল, কিন্তু এই স্থানবোৰো বাদ পৰিছে।  ইয়াৰ পিছতে বিচিচিআইৰ সচিব জয় শ্বাহে দেশৰ সকলো ৰাজ্যিক ক্ৰিকেট সংস্থালৈ এখন পত্ৰ লিখিছে। 

পত্ৰ খনত তেওঁ লিখিছে "বিশ্বকাপৰ দায়িত্ব দিয়া ৰাজ্যসমূহক আগন্তুক দ্বিপাক্ষিক শৃংখলাত খেল আয়োজনৰ কথা নাভাবিবলৈ অনুৰোধ জনোৱা হৈছে।  বিশ্বকাপৰ মেচ নোপোৱা ৰাজ্যবোৰৰ কথা মনত ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। সভাৰ সকলোৱে প্ৰস্তাৱটোত  সন্মত হৈছে।  বিশ্বকাপ আয়োজনৰ সিদ্ধান্ত নিঃস্বাৰ্থভাৱে গ্ৰহণ কৰাৰ বাবে মই সকলো ক্ৰিকেট সংস্থাক ধন্যবাদ জনাইছো। জয় শ্বাহে কয় যে ৱাৰ্ম-আপ মেচ আয়োজনৰ দায়িত্ব দিয়া গুৱাহাটী আৰু তিৰুৱন্তপুৰমক আগন্তুক দ্বিপাক্ষিক শৃংখলাত মেচ প্ৰদান কৰা হ'ব।’’

এছিয়া কাপৰ পিছত অষ্ট্ৰেলিয়াই ভাৰতত তিনিখন এদিনীয়া শৃংখলা খেলিব। বিশ্বকাপৰ পিছত ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন  টি-২০ শৃংখলা খেলিব। তাৰ পিছত ইংলেণ্ডে ২০২৫ চনত পাঁচ খন টেষ্টৰ শৃংখলাৰ বাবে ভাৰত ভ্ৰমণ কৰিব। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পিছত ভাৰতে নিউজিলেণ্ড আৰু বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শৃংখলা খেলিব৷ ফলস্বৰূপে এই খেলবোৰ বিশ্বকাপৰ খেল নোপোৱা  কেন্দ্ৰবোৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে