--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাধই টানিলে বিলাসী গাড়ী৷ ১৮ লাখটকীয়া এখন বিলাসী গাড়ী গাধই টানি নিয়াৰ এটা আজৱ দৃশ্য দেখা পোা গ’ল ৰাজস্থানৰ উদয়পুৰত৷ গৰাকীয়ে নিজৰ গাড়ীখন দুটা গাধৰ স’তে জুটি দিলে। তাৰপিছত গাড়ীখন সেই গাধই টানি লৈ গ’ল। সন্মুখত বেণ্ডপাৰ্টিৰ দল। এখন চিকচিকিয়া নতুন গাড়ী। সমগ্ৰ দৃশ্য দেখি পথচাৰীসকল আকৰ্ষিত হৈ পৰিল। কিন্তু তেওঁ কিয় এনে কৰিলে?

বাতৰি অনুসৰি, গাড়ীখনত আচলতে বিভিন্ন খুঁত আছিল। বাৰে বাৰে ষ্টাৰ্ট বন্ধ হৈ যায়। সেইবাবেই তেওঁ তাৰ প্ৰতিবাদত গাড়ীখন এইদৰে গৈ শ্ব’ৰুমত ঘূৰাই দিয়ে। সমগ্ৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। 

গাড়ীখনৰ মালিকৰ নাম ৰাজ কুমাৰ। ভিডিঅ’টোত দুটা গাধই টানিছে বিশাল বাহনখন। আন বহুতে গাড়ীখন পিছৰ পৰা ঠেলি দিছে। ইয়াৰ সৈতে বাজিছে বেণ্ড। এক অভিনৱ প্ৰতীকী প্ৰতিবাদ!

উদয়পুৰ এখন শ্ব’ৰুমৰ পৰা ১৭.৫০ লাখ টকাত তেওঁ গাড়ীখন কিনিছিল। কিন্তু নতুন গাড়ী হোৱাৰ পিছতো বহু সমস্যা দেখা দিয়ে। এনে ঘটনাত তেওঁ অত্যন্ত বিৰক্ত হৈ পৰিল। তেতিয়াই তেওঁ এই ব্যতিক্ৰমী প্ৰতিবাদত নামি পৰে।

ইয়াৰ পিছত গাধৰে গাড়ীখন টানি নি শ্ব’ৰুমত ঘূৰাই দিলে। তেওঁ দাবী কৰে যে বহুবাৰ চাৰ্ভিচ চেণ্টাৰলৈ গৈছিল যদিও তেওঁলোকে স্থায়ীভাৱে একো নকৰে। বাৰে বাৰে তেওঁ গাড়ীৰ ষ্টাৰ্ট বন্ধ হৈ পৰে।

শ্ব’ৰুমৰ এজন প্ৰতিনিধিয়ে কয় যে গাড়ীখনৰ মালিকে গাড়ীখনত কিছু সালসলনি কৰিছে। ইয়াৰ ফলত বৈদ্যুতিক বিজুতি ঘটিছে। অৱশ্যে সেই সমস্যাৰ সমাধান হ’ব বুলি তেওঁ আশ্বাস দিয়ে। কিন্তু সদ্যহতে গাড়ীখন শ্ব’ৰুমলৈ পঠিওৱা হৈছে। তেওঁ আকৌ এখন নতুন গাড়ী বিচাৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত