--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাধই টানিলে বিলাসী গাড়ী৷ ১৮ লাখটকীয়া এখন বিলাসী গাড়ী গাধই টানি নিয়াৰ এটা আজৱ দৃশ্য দেখা পোা গ’ল ৰাজস্থানৰ উদয়পুৰত৷ গৰাকীয়ে নিজৰ গাড়ীখন দুটা গাধৰ স’তে জুটি দিলে। তাৰপিছত গাড়ীখন সেই গাধই টানি লৈ গ’ল। সন্মুখত বেণ্ডপাৰ্টিৰ দল। এখন চিকচিকিয়া নতুন গাড়ী। সমগ্ৰ দৃশ্য দেখি পথচাৰীসকল আকৰ্ষিত হৈ পৰিল। কিন্তু তেওঁ কিয় এনে কৰিলে?

বাতৰি অনুসৰি, গাড়ীখনত আচলতে বিভিন্ন খুঁত আছিল। বাৰে বাৰে ষ্টাৰ্ট বন্ধ হৈ যায়। সেইবাবেই তেওঁ তাৰ প্ৰতিবাদত গাড়ীখন এইদৰে গৈ শ্ব’ৰুমত ঘূৰাই দিয়ে। সমগ্ৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। 

গাড়ীখনৰ মালিকৰ নাম ৰাজ কুমাৰ। ভিডিঅ’টোত দুটা গাধই টানিছে বিশাল বাহনখন। আন বহুতে গাড়ীখন পিছৰ পৰা ঠেলি দিছে। ইয়াৰ সৈতে বাজিছে বেণ্ড। এক অভিনৱ প্ৰতীকী প্ৰতিবাদ!

উদয়পুৰ এখন শ্ব’ৰুমৰ পৰা ১৭.৫০ লাখ টকাত তেওঁ গাড়ীখন কিনিছিল। কিন্তু নতুন গাড়ী হোৱাৰ পিছতো বহু সমস্যা দেখা দিয়ে। এনে ঘটনাত তেওঁ অত্যন্ত বিৰক্ত হৈ পৰিল। তেতিয়াই তেওঁ এই ব্যতিক্ৰমী প্ৰতিবাদত নামি পৰে।

ইয়াৰ পিছত গাধৰে গাড়ীখন টানি নি শ্ব’ৰুমত ঘূৰাই দিলে। তেওঁ দাবী কৰে যে বহুবাৰ চাৰ্ভিচ চেণ্টাৰলৈ গৈছিল যদিও তেওঁলোকে স্থায়ীভাৱে একো নকৰে। বাৰে বাৰে তেওঁ গাড়ীৰ ষ্টাৰ্ট বন্ধ হৈ পৰে।

শ্ব’ৰুমৰ এজন প্ৰতিনিধিয়ে কয় যে গাড়ীখনৰ মালিকে গাড়ীখনত কিছু সালসলনি কৰিছে। ইয়াৰ ফলত বৈদ্যুতিক বিজুতি ঘটিছে। অৱশ্যে সেই সমস্যাৰ সমাধান হ’ব বুলি তেওঁ আশ্বাস দিয়ে। কিন্তু সদ্যহতে গাড়ীখন শ্ব’ৰুমলৈ পঠিওৱা হৈছে। তেওঁ আকৌ এখন নতুন গাড়ী বিচাৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ